তেহৰাণ টাইমছ (ইংৰাজী ভাষা: Tehran Times) হৈছে ইৰানৰপৰা প্ৰকাশিত এখন ইংৰাজী ভাষা ভাষাৰ দৈনিক বাতৰিকাকত। ১৯৭৯ চনত ইৰানৰ ইছলামিক বিপ্লৱৰ এক স্বঘোষিত কণ্ঠস্বৰ হিচাপে এই কাকতখন প্ৰতিষ্ঠা কৰা হৈছিল। যদিও ই সম্পূৰ্ণ চৰকাৰী মালিকানাধীন নহয়, তথাপি ইয়াক চৰকাৰী নিয়ন্ত্ৰিত আৰু ইৰান চৰকাৰৰ কঠোৰপন্থী গোটসমূহৰ সৈতে ওচৰ সম্পৰ্ক থকা বুলি গণ্য কৰা হয়।১
ইতিহাস
১৯৭৯ চনত ইৰান বিপ্লৱৰ পাছত মহম্মদ বেহেস্তীয়ে এই বাতৰি কাকতখন প্ৰতিষ্ঠা কৰিছিল।২৩
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত মহম্মদ শুজাইয়ানে ‘তেহৰাণ টাইমছ’ আৰু মেহৰ নিউজ এজেন্সী (MNA)-ৰ নতুন পৰিচালন সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৪ ২০২০ চনৰ ১২ এপ্ৰিলত শুজাইয়ানে আলী আকবৰ জেনাবজাদেহক এই দৈনিক বাতৰি কাকতখনৰ মুখ্য সম্পাদক হিচাপে নিযুক্তি দিয়ে।৫
২০২৩ চনৰ আগষ্ট মাহত তেহৰাণ টাইমছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ এটা গোপন স্মাৰকপত্ৰ প্ৰকাশ কৰে। য’ত ইৰানৰ বাবে আমেৰিকাৰ বিশেষ প্ৰতিনিধি ৰব মেলিৰ নিৰাপত্তা অনুমতি পত্ৰ বাতিল কৰাৰ কথা উল্লেখ আছিল। এই সংবেদনশীল তথ্য কাকতখনে কেনেকৈ লাভ কৰিলে, তাক লৈ আমেৰিকাৰ হাউছ অব ৰিপ্ৰেজেণ্টেটিভছ আৰু চিনেটৰ ৰিপাব্লিকান দলৰ সদস্যসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তেওঁলোকে ইয়াৰ তদন্তৰ দাবী জনায়।৬
সম্পাদকীয় স্থিতি
১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পাছত ৰাজনৈতিক সোণালী শৃংখলৰ দ্বিতীয় স্থানত থকা আয়াতুল্লাহ মহম্মদ হোছেইন বেহেস্তীয়ে উল্লেখ কৰিছিল: "তেহৰাণ টাইমছ চৰকাৰী মালিকানাধীন কাকত নহয়, বৰঞ্চ ই সমগ্ৰ বিশ্বৰ নিৰ্যাতিত জনসাধাৰণৰ কণ্ঠস্বৰ হ’ব লাগে।" ৭ যদিও কাকতখন চৰকাৰী সম্পত্তি নহয়, তথাপি ই ইছলামিক বিপ্লৱৰ মূল নীতিসমূহ প্ৰচাৰ কৰাৰ লক্ষ্য ৰাখে আৰু সাধাৰণতে ইৰানৰ ইছলামিক প্ৰজাতন্ত্ৰৰ মতাদৰ্শক সমৰ্থন কৰে।৮
তথ্যসূত্ৰ
- ↑ Takeyh, Ray. (May 2009). Excerpt: Guardians of the Revolution Toosi, Nahal. (2023-08-23). An Iran mouthpiece's 'scoop' draws Republican ire. Politico (2023-07-04). Iran media guide. BBC Bar Shalom, Amir. (2023-09-03). Iranian claims about suspension of ex-US envoy Rob Malley shake up Washington. Times of Israel
- ↑ Doubek, James. (2017-12-31). Death Toll Climbs As Anti-Government Protests Continue In Iran. NPR
- ↑ Jaspal, Rusi. (2016). Antisemitism and Anti-Zionism: Representation, Cognition and Everyday Talk. Routledge. ISBN 9780367600327
- ↑ Tehran Times new managing director introduced - Tehran Times
- ↑ (11 April 2020). علی اکبر جنابزاده سردبیر تهران تایمز شد. خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency
- ↑ Toosi, Nahal. (2023-08-28). An Iran mouthpiece's 'scoop' draws Republican ire. Politico
- ↑ About Tehran Times. Tehran Times
- ↑ Jaspal, Rusi. (2014). Antisemitism and Anti-Zionism: Representation, Cognition and Everyday Talk. Routledge. পৃ. 82. ISBN 978-1409454373
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেহৰাণ টাইমছ” প্ৰবন্ধৰ সংশোধন ৬০৯৯৭৫ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।