অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মাৰ্বলৰ সিংহাসন

মাৰ্বলৰ সিংহাসন (Marble Throne) ইৰাণৰ তেহৰাণৰ গোলেস্তান প্ৰাসাদত থকা কাজাৰ যুগৰ সিংহাসন। মাৰ্বলৰ সিংহাসন বা পাৰ্চী ভাষাত জনাজাত তাখ্ত-ই মাৰ্মাৰ তেহৰাণৰ গোলেষ্টান প্ৰাসাদৰ অন্যতম আকৰ্ষণীয় অংশ।

হালনাগাদ: ৩১ মে’ ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মাৰ্বলৰ সিংহাসন (Marble Throne) ইৰাণৰ তেহৰাণৰ গোলেস্তান প্ৰাসাদত থকা কাজাৰ যুগৰ সিংহাসন। মাৰ্বলৰ সিংহাসন বা পাৰ্চী ভাষাত জনাজাত তাখ্ত-ই মাৰ্মাৰ তেহৰাণৰ গোলেষ্টান প্ৰাসাদৰ অন্যতম আকৰ্ষণীয় অংশ।

ইতিহাস

১৮৪০ চনত পাস্কেল কচেটৰ এখন ছবিত দেখাৰ দৰে মাৰ্বলৰ সিংহাসন।
১৮৪০ চনত পাস্কেল কচেটৰ এখন ছবিত দেখাৰ দৰে মাৰ্বলৰ সিংহাসন।ছবি: Pascal Coste · Public domain

১৮০৫ চনত (১২২১ হিজৰী) ফাথ-আলী শ্বাহ কাজাৰে এই সিংহাসন নিৰ্মাণৰ নিৰ্দেশ দিয়ে। ইয়াৰ ডিজাইন কৰিছিল মিৰ্জা বাবা শ্বিৰাজী (নাক্কাছ বাছি) আৰু ৰাজকীয় শিল খোদিতকাৰী ব্যক্তি মহম্মদ ইব্ৰাহিম ইছফাহানীয়ে। ইয়াক য়াজদৰ এটা শিলৰ কুৱেৰীৰপৰা সংগ্ৰহ কৰা ৬৫ টুকুৰা মাৰ্বলৰপৰা তৈয়াৰ কৰা হৈছে। সিংহাসনৰ সমৰ্থন বা ভৰি মানুহ, নাৰী, পৰী, দানৱৰ আকৃতিত খোদিত কৰা হয়।

১৮৪০ চনত পাস্কেল কচেটৰ এখন ছবিত দেখাৰ দৰে মাৰ্বলৰ সিংহাসন।

দ্য হিষ্ট্ৰী অৱ বিল্ডিংছ ইন দ্য ৰয়েল চিটাডেল অৱ তেহৰান নামৰ গ্ৰন্থখনত ইয়াহ্যা জোকাই এই সিংহাসন নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে:

"যিহেতু 'টাউছ' (ময়ূৰৰ সিংহাসন) আৰু 'নাদেৰি' সিংহাসন এটা ঠাইৰপৰা আন এটা ঠাইলৈ কঢ়িয়াই নিয়াটো অসম্ভৱ আছিল, গতিকে এই সিংহাসন নিৰ্মাণ কৰা হৈছিল। ইয়াক হজৰত চুলেইমান (আঃ)ৰ সিংহাসনৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল; যি ইহুদীসকলৰ ৰজা আছিল আৰু তেওঁৰ ক্ষমতা আছিল। [সেয়েহে], যিহেতু ফাথ-আলী শ্বাহক হজৰত চুলেইমানৰ সৈতে তুলনা কৰা হৈছিল এই সিংহাসনৰ নাম আছিল 'তাখত-ই-ছোলেমান' (তাখত-ই-ছোলেমান) মূলতঃ হজৰত চুলেইমানৰ মূল সিংহাসনৰ নামেৰে—যিটোক জিন আৰু পৰীসকলে বতাহলৈ লৈ গৈছিল আৰু চুলেইমানৰ ই ইচ্ছামতে মাটিত নামিছিল বুলি কোৱা হয় আৰুচোতালখনৰ নাম ৰখা হৈছিল 'তাখত-ই মাৰ্মাৰ'।" ১

ঐতিহ্যৰ প্ৰতি ভাবুকি

২০২৬ চনত ইউনেস্কৰ বিশ্ব ঐতিহক্ষেত্ৰৰ স্বীকৃতিপ্ৰাপ্ত ইৰানৰ গোলেস্তানৰ ৰাজপ্ৰসাদটো ইজৰাইল-আমেৰিকাৰ বিমান আক্ৰমনত ক্ষ্তিগস্ত হোৱা দেখা যায়।২ ৩৪

বাহ্যিক সংযোগ

  1. anetoday.org

ANE Today - Current News About the Ancient Past

  1. conservetech.wordpress.com

The Marble Throne - Heritage & Conserve - WordPress.com

তথ্যসূত্ৰ

  1. ↑ Nomination of Golestan Palace For Inscription on the world heritage list
  2. ↑ NDTV www.ndtv.com How Iran Conflict Damaged Golestan Palace, Once Home Of
  3. ↑ The Times of Israel www.timesofisrael.com Iran conservationists shore up heritage sites damaged during war
  4. ↑ India Today www.indiatoday.in Inside Iran's Golestan Palace: India Today reports from the damaged

সম্পৰ্কিত শ্ৰেণী

ইৰানঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্বলৰ সিংহাসন” প্ৰবন্ধৰ সংশোধন ৬১০২১০ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।