তুৰ্কমেঞ্চায় সন্ধি (Treaty of Turkmenchay) আছিল কাজাৰ ইৰান আৰু ৰাছিয়াৰ সাম্ৰাজ্যৰ মাজত হোৱা চুক্তি, যাৰ ফলত ৰুছ-পাৰ্চী যুদ্ধ (১৮২৬–১৮২৮)ৰ অন্ত পৰিছিল। কাজাৰ ইৰাণ আৰু সাম্ৰাজ্যবাদী ৰাছিয়াৰ মাজত স্বাক্ষৰিত সন্ধিৰ শৃংখলাৰ ভিতৰত এইখন আছিল দ্বিতীয়খন সন্ধি।(প্ৰথমখন আছিল ১৮১৩ চনৰ গুলিস্তান সন্ধি আৰু শেষখন আছিল ১৮৮১ চনৰ আখাল সন্ধি),এই সন্ধিৰ দ্বাৰা ইৰাণক পূৰ্বতে ইৰাণৰ অংশ হিচাপে থকা ভূ-খণ্ডসমূহৰ ওপৰত ৰাছিয়াৰ প্ৰভাৱ এৰি দিবলৈ বা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। ১২
১৮২৮ চনৰ ২২ ফেব্ৰুৱাৰীত টৰকামঞ্চাইত তথা তাব্ৰিজ আৰু তেহৰাণৰ মাজৰ এখন গাঁৱত এই সন্ধি স্বাক্ষৰিত হয়।৩ ইয়াৰ অধীনত ইৰাণে দক্ষিণ ককেছাছৰ কেইবাটাও অঞ্চলৰ নিয়ন্ত্ৰণ ৰাছিয়াৰ হাতত অৰ্পণ কৰে: এৰিভান খানাট, নাখচিভান খানাট আৰু তালিছ খানাটৰ অৱশিষ্ট। ৰাছিয়া আৰু ইৰাণৰ সীমান্ত আৰাছ নদীত স্থাপন কৰা হৈছিল। এই অঞ্চলসমূহে এতিয়া আৰ্মেনিয়া, আজেৰবাইজান গণৰাজ্যৰ দক্ষিণ অংশ আৰু নাখচিভান আৰু ইগদিৰ প্ৰদেশ তথা বৰ্তমানৰ তুৰস্কৰ অংশক সামৰি লৈছে।
এই সন্ধিত ইৰাণৰ হৈ ক্ৰাউন প্ৰিন্স আব্বাছ মিৰ্জা আৰু ফাথ-আলী শ্বাহ কাজাৰৰ চ্যান্সেলৰ আল্লাহিয়াৰ খান আছিফ আল-ডাউলেহ আৰু ৰাছিয়াৰ হৈ জেনেৰেল ইভান পাস্কেভিচে স্বাক্ষৰ কৰে। ১৮১৩ চনৰ গুলিস্তান সন্ধিৰ দৰে এই সন্ধি ৰাছিয়াৰ সামৰিক বিজয়ৰ পিছত ইৰাণৰ ওপৰত জাপি দিয়া হৈছিল। পাস্কেভিচে পাঁচ দিনৰ ভিতৰত সন্ধি স্বাক্ষৰ নকৰিলে তেহৰাণ দখল কৰাৰ হুংকাৰ দিয়ে। ৪
এই সন্ধিৰ লগতে গুলিস্তান সন্ধিৰ জৰিয়তে ৰাছিয়াই কাজাৰ ইৰাণৰপৰা ককেচীয়ান ভূ-খণ্ড জয় সম্পূৰ্ণ কৰে; বৰ্তমানৰ ডাগেস্তান, পূব জৰ্জিয়া, আজাৰবাইজান আৰু আৰ্মেনিয়া এই সকলোবোৰেই শতিকাজুৰি ইৰানৰ নিয়ন্ত্ৰণৰ অংশ আছিল।৫৬৭৮৯১০
এই দুখন সন্ধিৰ পিছত পূৰ্বতে ইৰাণৰ অন্তৰ্গত ভূ-খণ্ডসমূহ প্ৰায় ১৮০ বছৰ ধৰি ৰাছিয়া আৰু পিছলৈ ছোভিয়েটৰ নিয়ন্ত্ৰণত থাকিল; ইয়াৰে দাগেস্তান আজিও ৰাছিয়ান ফেডাৰেচনৰ অংশ হৈয়ে আছে। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত গুলিস্তান আৰু তুৰ্কমেঞ্চায় সন্ধিৰ অধীনত প্ৰদান কৰা অধিকাংশ ভূ-খণ্ডই তিনিখন পৃথক দেশত অন্তৰ্ভুক্ত কৰা হয়: জৰ্জিয়া, আজাৰবাইজান আৰু আৰ্মেনিয়া।
চৰ্তসমূহ

সন্ধিৰ চৰ্তসমূহ এনেধৰণৰ আছিল ১১১২
- ৪ নং অনুচ্ছেদ: পাৰস্যই ৰাছিয়াৰ হাতত এৰিভান খানাট (যিটোৱে বৰ্তমানৰ মধ্য আৰ্মেনিয়াৰ বেছিভাগ অংশকে সামৰি লোৱ হৈছিল। নাখচিভান খানাট (যিটোৱে বৰ্তমানৰ নাখচিভান স্বায়ত্তশাসিত ৰিপাব্লিক অৱ আজাৰবাইজানৰ বেছিভাগ অংশকে সামৰি লৈছিল), তালিছ খানাট (দক্ষিণ-পূব আজাৰবাইজান), আৰু অৰ্ডুবাদ আৰু মুগান অঞ্চল (বৰ্তমান আজেৰবাইজানৰ অংশ) এৰি দিছিল; ইয়াৰ উপৰি ই গুলিস্তান সন্ধিৰ অধীনত ৰাছিয়াক অৰ্পণ কৰা ভূ-খণ্ডসমূহ নিশ্চিত কৰিছিল।
- ৬ নং অনুচ্ছেদ: পাৰস্যই ৰাছিয়াক ১০ কোটি কোৰাছ সোণ বা ২ কোটি ৰূপৰ ৰুবল (১৮২৮ চনৰ মুদ্ৰাত) দিবলৈ প্ৰতিশ্ৰুতি দিছিল।
- ৭ নং অনুচ্ছেদ: শ্বাহ ফাথ আলীৰ মৃত্যুৰ পাছত ৰাছিয়াই আব্বাছ মিৰ্জাক পাৰ্চী সিংহাসনৰ উত্তৰাধিকাৰী হিচাপে সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল (কিন্তু শ্বাহ ফাথ আলীৰ পূৰ্বে আব্বাছ মিৰ্জাৰ মৃত্যু হোৱাৰ বাবে এই ব্যৱস্থা অপ্ৰয়োজনীয় হৈ পৰিছিল)।
- অনুচ্ছেদ ৮: পাৰ্চী জাহাজে কাস্পিয়ান সাগৰ আৰু ইয়াৰ উপকূলত যাত্ৰা কৰাৰ সকলো অধিকাৰ হেৰুৱাই পেলায়; এই অধিকাৰসমূহ এতিয়া ৰাছিয়ালৈ হস্তান্তৰ কৰা হৈছে।
- পাৰস্যত ৰাছিয়াৰ নাগৰিকৰ আত্মসমৰ্পণৰ অধিকাৰ স্বীকৃতি দিলে পাৰস্যই।
- দশম অনুচ্ছেদ: পাৰস্যৰ যিকোনো অংশলৈ কূটনৈতিক দূত প্ৰেৰণ কৰাৰ অধিকাৰ ৰাছিয়াই লাভ কৰে।
- দশম অনুচ্ছেদ: দুয়োপক্ষই বিশদ চৰ্তযুক্ত বাণিজ্যিক চুক্তিত সন্মতি প্ৰকাশ কৰে।
- অনুচ্ছেদ ১৩: যুদ্ধবন্দী বিনিময় কৰা হয়।
- গুলিস্তান সন্ধিত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাৰ বাবে পাৰস্যই আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰে।
- ১৫ নং অনুচ্ছেদ: শ্বাহ ফাতাহ আলীয়ে প্ৰতিশ্ৰুতি দিছে যে যুদ্ধৰ সময়ত বা ৰাছিয়ান সৈন্যই অস্থায়ী দখলৰ সময়ত কৰা কোনো কাৰ্য্যৰ বাবে তেওঁ "ইৰাণৰ আজাৰবাইজান" অঞ্চলৰ কোনো বাসিন্দা বা বিষয়াক গোচৰ চলাব বা নিৰ্যাতন নিদিয়ে। ইয়াৰ উপৰি উক্ত জিলাখনৰ সকলো বাসিন্দাক এবছৰৰ ভিতৰত পাৰ্চী ভূ-খণ্ডৰপৰা ৰাছিয়াৰ ভূ-খণ্ডলৈ বদলি হোৱাৰ অধিকাৰ প্ৰদান কৰা হৈছে।
ৰ ইতিহাস সংগ্ৰহালয়, বাকু।]]
১৫ নং অনুচ্ছেদত ইৰাণৰ আজাৰবাইজানৰপৰা ককেছাছলৈ আৰ্মেনিয়ানসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছিল, য'ত ১৮০৪ বা ১৭৯৫ চনৰপৰা পাৰস্যৰ বন্দী হৈ থকা আৰ্মেনিয়ানসকলক সম্পূৰ্ণৰূপে মুক্ত কৰাও আছিল। ১৩
আৰ্মেনিয়ানসকলক প্ৰত্যাৱৰ্তন

তুৰ্কমেঞ্চায় সন্ধিৰ ১৫সংখ্যক চৰ্তৰ অধীনত ইৰানৰ আজেৰবাইজান প্ৰদেশৰ আৰ্মেনিয়ানসকলক আৰাছ নদীৰ উত্তৰত ৰাছিয়াৰ নিয়ন্ত্ৰিত ভূ-খণ্ডত বসতি স্থাপন কৰাৰ স্বাধীনতা দিয়া হৈছিল। ৰাছিয়াই এই অঞ্চল জয় কৰাৰ পাছত ১৮২৮–১৮৩১ চনৰ সময়ছোৱাত ইৰাণৰপৰা ৪৫,০০০ আৰ্মেনিয়ান আৰু অট্টোমান সাম্ৰাজ্যৰ ১ লাখ আৰ্মেনিয়ান ৰাছিয়ান আৰ্মেনিয়াত বসতি স্থাপন কৰে।১৪ ১৮২৯ চনৰ অক্টোবৰৰপৰা ৭,৬৬৮টা পৰিয়ালে ৰাছিয়াৰ আৰ্মেনিয়ালৈ প্ৰব্ৰজন কৰে। অৱশেষত ১৪,০৪৭টা পৰিয়ালৰ ৯০,০০০ৰপৰা এক লাখ লোকেৰে গঠিত আৰ্মেনিয়ানসকলৰ বসতি স্থাপন কৰে।৩
ৰাছিয়াৰ দূতাবাসত হত্যাকাণ্ড
যুদ্ধ আৰু সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত পাৰস্যত ৰাছিয়া বিৰোধী আৱেগ তীব্ৰতৰ হৈ পৰিছিল। ১৮২৯ চনৰ ১১ ফেব্ৰুৱাৰীত তেহৰাণত থকা ৰাছিয়াৰ দূতাবাসত ক্ষুব্ধ জনগোষ্ঠীয়ে আক্ৰমণ চলাই ভিতৰৰ প্ৰায় সকলোকে হত্যা কৰে। এই হত্যাকাণ্ডত নিহতসকলৰ ভিতৰত আছিল পাৰস্যত নৱ-নিযুক্ত ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ গ্ৰীব’য়েডভ, এজন প্ৰখ্যাত ৰাছিয়ান নাট্যকাৰ। সন্ধিৰ চৰ্তসমূহৰ আলোচনাত গ্ৰীব'য়েডভে সক্ৰিয় ভূমিকা পালন কৰিছিল। ১৫ ৰাছিয়াৰ ৰাষ্ট্ৰদূতজনৰ হত্যাকাণ্ডৰ বাবে ক্ষমাপ্ৰাৰ্থনা হিচাপে ইৰাণৰ শ্বাহে ৰাছিয়াৰ জাৰক তেওঁৰ আটাইতকৈ বহুমূলীয়া ৰাজকীয় মণি শ্বাহ ডাইমণ্ড উপহাৰ দিয়ে।
গ্ৰন্থপঞ্জী
- H. Pir Nia, Abbas Eghbal Ashtiani, B. Agheli. History of Persia. Tehran, 2002. p. 673–686.
- Fisher, William Bayne; Avery, P.; Hambly, G. R. G. (1991). The Cambridge History of Iran. Cambridge University Press. ISBN 0521200954
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Baddeley, John. (1908). The Russian Conquest of the Caucasus. Longman, Green and Co. পৃ. 90
- ↑ Adle, Chahryar. (2005). History of Civilizations of Central Asia: Towards the contemporary period: from the mid-nineteenth to the end of the twentieth century. UNESCO. পৃ. 470–477. ISBN 9789231039850
- ↑ Simon, Payaslian. (2008). The History of Armenia: From the Origins to the Present.. Palgrave Macmillan. পৃ. 111–112. ISBN 978-0-230-60858-0
- ↑ Zirisnky, M. “Reza Shah’s abrogation of capitulation, 1927–1928” in The Making of Modern Iran: State and Society Under Riza Shah 1921–1941. Stephanie Cronin (ed.) London: Routledge, 2003, p. 81: “The context of this regime capitulations, of course, is that by the end of the reign of Fath Ali Shah (1798–1834), Iran could no longer defend its independence against the west.... For Iran this was a time of weakness, humiliation and soul-searching as Iranians sought to assert their dignity against overwhelming pressure from the expansionist west"
- ↑ Swietochowski, Tadeusz. (1995). Russia and Azerbaijan: A Borderland in Transition. Columbia University Press. পৃ. 69, 133. ISBN 978-0-231-07068-3
- ↑ L. Batalden, Sandra. (1997). The newly independent states of Eurasia: handbook of former Soviet republics. Greenwood Publishing Group. পৃ. 98. ISBN 978-0-89774-940-4
- ↑ E. Ebel, Robert, Menon, Rajan. (2000). Energy and conflict in Central Asia and the Caucasus. Rowman & Littlefield. পৃ. 181. ISBN 978-0-7425-0063-1
- ↑ Andreeva, Elena. (2010). Russia and Iran in the great game: travelogues and orientalism. Taylor & Francis. পৃ. 6. ISBN 978-0-415-78153-4
- ↑ Çiçek, Kemal, Kuran, Ercüment. (2000). The Great Ottoman-Turkish Civilisation. University of Michigan. ISBN 978-975-6782-18-7
- ↑ Ernest Meyer, Karl, Blair Brysac, Shareen. (2006). Tournament of Shadows: The Great Game and the Race for Empire in Central Asia. Basic Books. পৃ. 66. ISBN 978-0-465-04576-1
- ↑ English translation karabakh.org/treaties/turkmenchay-treaty/
- ↑ Russian translation www.hist.msu.ru/ER/Etext/FOREIGN/turkman.htm
- ↑ "Griboedov not only extended protection to those Caucasian captives who sought to go home but actively promoted the return of even those who did not volunteer. Large numbers of Georgian and Armenian captives had lived in Iran since 1804 or as far back as 1795." Fisher, William Bayne; Avery, Peter; Gershevitch, Ilya; Hambly, Gavin; Melville, Charles. The Cambridge History of Iran Cambridge University Press, 1991. p. 339
- ↑ Herzig, Edmund; Kurkchiyan, Marina. (2005). The Armenians: Past and Present in the Making of National Identity. RoutledgeCurzon. পৃ. 66. ISBN 0700706399
- ↑ Hopkirk, Peter. (1991). ((The Great Game: On Secret Service in High Asia)). Oxford University Press. পৃ. 112–113. ISBN 0192827995
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুৰ্কমেঞ্চায়ৰ সন্ধি” প্ৰবন্ধৰ সংশোধন ৬৩২১৭৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।