ইউক্ৰেইন
৬৯ প্ৰবন্ধ
-
কোছিভৰ চিত্ৰিত মৃৎশিল্প
কোছিভৰ চিত্ৰিত মৃৎশিল্প হুতছুলসকলৰ পৰম্পৰাগত লোকশিল্প আৰু ইউক্ৰেইনীয় মৃৎশিল্পৰ এটা প্ৰকাৰ। ইয়াত বিভিন্ন ধৰণৰ বাচন-বৰ্তন, শিশুৰ খেলনা, স্মাৰক সামগ্ৰী, চৌকাৰ টাইল আৰু সজ্জাগত টাইল নিৰ্মাণ কৰা হয়। এই মৃৎশিল্প জটিল নিৰ্মাণ পদ্ধতি আৰু বিশেষ চিত্ৰশৈলীৰ বাবে পৰিচিত।
-
খোটিন দুৰ্গ
খোটিন দুৰ্গ (Khotyn Fortress) হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ চেৰ্নিভ্চি অব্লাষ্ট (প্ৰদেশ)ৰ খোটিনৰ ডনিষ্টাৰ নদীৰ সোঁপাৰত অৱস্থিত এটা দুৰ্গযুক্ত কমপ্লেক্স। ই উত্তৰ বেছাৰাবিয়াৰ ঐতিহাসিক অঞ্চলৰ ভিতৰত অৱস্থিত, যিটো পূৰ্বতে ৰোমানিয়াৰ অংশ আছিল আৰু ১৯৪০ চনৰ মল'টভ-ৰিবেনট্ৰপ চুক্তিৰ পিছত ছোভিয়েট ইউনিয়নে…
-
খোৰ্টিচিয়া
খোৰ্টিচিয়া ( Khortytsia, ) ডিনিপাৰ নদীৰ আটাইতকৈ ডাঙৰ দ্বীপ। ইয়াৰ দৈৰ্ঘ্য 12.5 কি.মি. আৰু সৰ্বাধিক প্ৰস্থ 2.5 কি.মি.। এই দ্বীপটো খোৰ্টিচিয়া ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ অংশ। দ্বীপটোৱে ইউক্ৰেইনৰ ইতিহাসত, বিশেষকৈ জাপৰিঝিয়ান কোছাকসকলৰ ইতিহাসত, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
চিহিৰিন
চিহিৰিন (Chyhyryn) মধ্য ইউক্ৰেইনৰ চেৰকাছি অ’ব্লাষ্টৰ চেৰকাছি ৰাইঅ’নত অৱস্থিত এখন চহৰ। ই তিয়াছমিন নদীৰ পাৰত অৱস্থিত আৰু নদীখন দ্নিপ্ৰ নদীত মিলিত হোৱা স্থানৰপৰা বেছি দূৰত নহয়। ১৬৪৮ চনৰপৰা ১৬৬৯ চনলৈ চিহিৰিন জাপোৰিজিয়ান হষ্টৰ হেটমেনৰ বাসস্থান আছিল।
-
চোটিনিয়েচৰ ইশ্বৰৰ মাতৃৰ গীৰ্জা
চোটিনিয়েচৰ ঈশ্বৰৰ মাতৃৰ গীৰ্জা (Mother of God Church, Chotyniec) হৈছে পোলেণ্ডৰ চোটিনিয়েচ গাঁৱত অৱস্থিত সপ্তদশ শতিকাৰ এখন গথিক স্থাপত্য কাঠৰ গীৰ্জা। এই গীৰ্জাখন পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ চেৰ্কভাসমূহৰ অংশ হিচাপে ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে স্বীকৃত।
-
ছফিয়িভকা উদ্যান
ছফিয়িভকা উদ্যান (Sofiyivka Park; ইউক্ৰেইনীয়: Софіївський парк) বা ছোফিয়িভকাপাৰ্ক (ইউক্ৰেইনীয়: Парк «Софіївка»; পোলিছ: Park Zofiówka) হৈছে এক বৃক্ষ উদ্যান (উদ্ভিদ উদ্যানৰ ধৰণৰ) আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এক বৈজ্ঞানিক-গৱেষণা প্ৰতিষ্ঠান (NASU-ৰ জীৱবিজ্ঞান বিভাগ)।
-
ছাভুৰ-মোহিলা
ছাভুৰ-মোহিলা ( Savur-Mohyla), ৰাছিয়ান বানান অনুসৰি ছাউৰ-মোগিলা (Саур-Могила) নামেৰেও লিখা হয়। ই ইউক্ৰেইনৰ ডনেস্ক অঞ্চলৰ স্নিঝনে চহৰৰ ওচৰত থকা ডনেটছ পৰ্বতমালাৰ এটা কৌশলগত উচ্চভূমি। ২৭৭.৯ মিটাৰ ওখ এই পাহাৰটো ১৯৬৩ চনত নিৰ্মাণ কৰা বৃহৎ স্মাৰক সমষ্টিৰ বাবে অধিক পৰিচিত।
-
ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি
ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি (Samchyky Palace and Park Ensemble, Палацово-парковий ансамбль «Самчики»), বা ছামচিকি সম্পত্তি, ষ্টাৰোকষ্টিয়াণ্টিনিভ, খমেলনিটস্কি অঞ্চলৰ ওচৰৰ ছামচিকিত অৱস্থিত এটা ঐতিহাসিক সমষ্টি।
-
ছেইণ্ট জৰ্জ কেথেড্ৰেল, কানিভ
ডৰ্মিচন ছেইণ্ট জৰ্জ কেথেড্ৰেল ( Dormition St. George's Cathedral) বা ছেইণ্ট জৰ্জ কেথেড্ৰেল ইউক্ৰেইনৰ কানিভত অৱস্থিত এটা গীৰ্জা। ইয়াক প্ৰথমে প্ৰাক-মংগোল যুগত নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত ই চেৰকাচি অব্লাষ্টৰ আটাইতকৈ পুৰণি অট্টালিকা।
-
জাপোৰোজিয়ান কছাক
জাপোৰোজিয়ান কছাক বা জাপোৰিজিয়ান কছাক, যাক জাপোৰোজিয়ান কছাক বাহিনী বা জাপোৰোজিয়ান হোষ্ট বুলিও জনা যায়,এয়া হৈছে কছাকসকলৰ এটা জনগোষ্ঠীয়-সামৰিক সংগঠন আছিল। তেওঁলোকে দ্নিপ্ৰ'ৰ জলপ্ৰপাতৰ সিপাৰে, অৰ্থাৎ জলপ্ৰপাতৰ নিম্নপ্ৰৱাহ অঞ্চলত বাস কৰা এটা ইতিহাস প্ৰসিদ্ধ সামৰিক সংগঠন।
-
জাহাজ নিৰ্মাণ আৰু বহৰ সংগ্ৰহালয়
জাহাজ নিৰ্মাণ আৰু বহৰ সংগ্ৰহালয় ( Museum of Shipbuilding and the Fleet) হৈছে ইউক্ৰেইনৰ মিকোলাইভত অৱস্থিত ই এটা জাহাজ নিৰ্মাণ কলাৰ বাবে নিবেদিত সংগ্ৰহালয়।
-
ট্ৰিপিলিয়া
ট্ৰিপিলিয়া (ইউক্ৰেইনীয়: Трипiлля) হৈছে মধ্য ইউক্ৰেইনৰ কিইভ অব্লাষ্টৰ অবুকিভ ৰায়ন জিলাৰ এখন গাঁও, য’ত ২,৮০০ জন বাসিন্দা আছে (১ জানুৱাৰী ২০০৫ চনৰ হিচাপত)। ই ইউক্ৰেইনৰ অন্যতম পৌৰসভা (হমাডা) ইউক্ৰেইনকা আৰবান হমাডাৰ অন্তৰ্গত।
-
ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল, ওডেছা
ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল (( Transfiguration Cathedral); ইউক্ৰেইনীয়: Спасо-Преображенський собор) ইউক্ৰেইনৰ ওডেছাত অৱস্থিত এটা অৰ্থডক্স কেথেড্ৰেল। ই যীচুৰ ৰূপান্তৰৰ বাবে উৎসৰ্গিত আৰু ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)ৰ অন্তৰ্গত।
-
ড'ব্ৰ'ভ'ডি
ড'ব্ৰ'ভ'ডি (ইউক্ৰেইনীয়ান: Доброводи; ইংৰাজী: Dobrovody) হৈছে ইউক্ৰেইনৰ চেৰকাছি অব্লাষ্টৰ উমান ৰায়নত অৱস্থিত এখন গাঁও। গাঁওখন দ্মিত্ৰুশ্কি গ্ৰাম্য হ্ৰমাডাৰ অন্তৰ্গত।
-
ডুব্ন’ দুৰ্গ
ডুব্ন’ দুৰ্গ (Dubno Castle, ইউক্ৰেনিয়ান: Дубенський замок, ৰোমান: Dubens'kyi zamok; প’লিছ: Zamek w Dubnie) হৈছে ইউক্ৰেইনৰ এটা প্ৰাচীন দুৰ্গ। ১৪৯২ শকত ৰাজকুমাৰ কনষ্টাণ্টি অষ্ট্ৰ’স্কিয়ে ভলহিনিয়াৰ প্ৰাচীন ৰুথেনিয়ান দুৰ্গ, ডুব্ন’ৰ ওচৰতে ইকুৱা নদীৰ ওপৰেৰে দেখা পোৱাকৈ ডুব্ন’ দুৰ্গ প্ৰতিষ্ঠা কৰিছিল।
-
তালিয়াংকি (প্ৰত্নতাত্ত্বিক স্থান)
তালিয়াংকি (Talianki; ইউক্ৰেইনীয়ান: Тальянки) হ’ল এক অত্যন্ত বিশাল আৰু গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান। এই স্থানডোখৰ বৰ্তমানৰ ইউক্ৰেইন দেশৰ চেৰকাচি ওব্লাষ্ট অঞ্চলত অৱস্থিত একে নামৰ এটা আধুনিক গাঁৱৰ ওচৰত অৱস্থিত।
-
নেবেলিভকা
নেবেলিভকা (Nebelivka) ইউক্ৰেইনৰ কিৰোভোহ্ৰাদ অব্লাস্তৰ হোলোভানিভস্ক ৰায়নত অৱস্থিত এখন গাঁও। নেবেলিভকা ইউক্ৰেইনৰ পিদভিছ’কে গ্ৰাম্য হ্ৰোমাদাৰ অন্তৰ্গত। ২০০১ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ জনসংখ্যা আছিল ৭১৩ জন। গাঁওখনত নব্যপ্ৰস্তৰ যুগৰ ট্ৰিপিলিয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান আছে।
-
প'চাইভ লাভ্ৰা
পবিত্ৰ ডৰ্মিচন প’চাইভ লাভ্ৰা (Holy Dormition Pochaiv Lavra), যাক কেতিয়াবা প’চাইভ মঠ বুলিও কোৱা হয়, ইউক্ৰেইনৰ টাৰ্নোপিল অ’ব্লাষ্টৰ ক্ৰেমেনেটছ ৰায়নৰ প’চাইভ চহৰত অৱস্থিত এখন মঠ আৰু লাভ্ৰা। মঠটো প’চাইভ চহৰৰ প্ৰায় ৬০ মিটাৰ ওখ এটা পাহাৰৰ ওপৰত অৱস্থিত।
-
পণ্টিকাপায়ন
পণ্টিকাপায়ন (Παντικάπαιον Pantikapaion, স্কিথীয় *Pantikapa শব্দৰ পৰা, অৰ্থ 'মাছৰ পথ'; Panticapaeum) আছিল প্ৰাচীন গ্ৰীচৰ এখন প্ৰাচীন চহৰ। ই ক্ৰিমিয়াৰ পূব উপকূলত অৱস্থিত আছিল। গ্ৰীকসকলে এই অঞ্চলক টাউৰিকা বুলি কৈছিল। চহৰখন কিমেৰিয়ান বস্পৰাছৰ পশ্চিমফালে অৱস্থিত আছিল।
-
পালানোক দুৰ্গ
পালানোক দুৰ্গ (Palanok Castle) বা মুকাচেভো দুৰ্গ হৈছে পশ্চিম ইউক্ৰেইনৰ জাকাৰপাটিয়া অব্লাষ্ট (প্ৰদেশ)ৰ মুকাচেভো চহৰৰ এটা ঐতিহাসিক দুৰ্গ। পালানোক দুৰ্গ অতি সযতনে সংৰক্ষণ কৰা হৈছে, আৰু ই ৬৮ মিটাৰ (২২৩ ফুট) উচ্চতা, পূৰ্বতে আগ্নেয়গিৰিৰ পাহাৰত অৱস্থিত।
-
পিসাংকা
পিসাংকা (Гуцульська писанка) ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ হুচুল জনগোষ্ঠীৰ পৰম্পৰাগত সজ্জিত কণী। ই মম প্ৰতিৰোধ পদ্ধতিৰে কুকুৰাৰ কণীৰ খোলাত বিভিন্ন ৰং আৰু অলংকাৰ অংকন কৰি প্ৰস্তুত কৰা হয়। এই পৰম্পৰা বিশেষকৈ ইভানো-ফ্ৰাংকিভস্ক অঞ্চলৰ কোছমাচ গাঁৱত প্ৰসিদ্ধ।
-
পেট্ৰিকিভকা চিত্ৰ
পেট্ৰিকিভকা চিত্ৰ (চমুকৈ "পেট্ৰিকিভকা"; Петриківський розпис) ইউক্ৰেইনৰ এটা পৰম্পৰাগত অলংকাৰিক চিত্ৰশৈলী। এই শৈলীৰ উৎপত্তি ইউক্ৰেইনৰ দিনিপ্ৰপেট্ৰ'ভস্ক অঞ্চলৰ পেট্ৰিকিভকা নামৰ গ্ৰাম্য বসতিত হৈছিল। পৰম্পৰাগতভাৱে ইয়াক ঘৰৰ দেৱাল আৰু দৈনন্দিন ব্যৱহাৰৰ ঘৰুৱা সামগ্ৰী সজাবলৈ ব্যৱহাৰ কৰা হৈছিল।
-
পেৰেয়াস্লাভ
পেৰেয়াস্লাভ (ইংৰাজী: Pereiaslav) হৈছে মধ্য ইউক্ৰেইনৰ কিভ ওব্লাষ্টৰ অন্তৰ্গত বৰিস্পিল ৰায়ত থকা এখন ঐতিহাসিক চহৰ। ই ৰাজধানী কিইভৰপৰা প্ৰায় 95 কি.মি. দক্ষিণ-পূবত, আল্টা আৰু ত্ৰুবিজ নদীৰ সংগমস্থলৰ ওচৰত অৱস্থিত।
-
প্ৰাচীন হালিচ
প্ৰাচীন হালিচ ( ancient Halych) হৈছে পশ্চিম ইউক্ৰেইনৰ হালিচ, ক্ৰাইলছ, শ্বেভচেনকোভে, বিলশ্বিভ্চি আৰু জালুকভা অঞ্চলত অৱস্থিত এটা ৰাষ্ট্ৰীয় স্থাপত্য-ঐতিহাসিক সংৰক্ষণ। এই স্থানত প্ৰাচীন হালিচ আৰু ইয়াৰ আশে-পাশে থকা একাদশ শতিকাৰ পৰা ১৭ শতিকাৰ ঐতিহাসিক অট্টালিকা আৰু কীৰ্তিচিহ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
বাকোটা, ইউক্ৰেইন
বাকোটা ( Bakota) হৈছে পশ্চিম ইউক্ৰেইনৰ খ্মেলনিটস্কি অব্লাষ্টৰ এখন ঐতিহাসিক ডুব যোৱা গাওঁ। ডনিষ্টাৰ নদীৰ তলত অৱস্থিত এই গাঁওখন পড’লিয়াৰ ঐতিহাসিক অঞ্চলৰ অন্তৰ্গত। বাকোটাত এটা গুহাৰ মঠ আছে, য'ত দ্বাদশ–১৪ শতিকাৰ ফ্ৰেস্কো আৰু চিত্ৰকলা আছে, গাঁওখনৰ ওচৰতে এটা পুৰাপাথৰ যুগৰ প্ৰত্নতাত্ত্বিক স্থানও অৱস্থিত।
-
বাখচিছাৰাই গুহা মঠ
বাখচিছাৰাই গুহা মঠ( Bakhchysarai Cave Monastery), ডৰ্মিচন মঠৰ গুহা বা উচপেনস্কি গুহা মঠ বুলিও জনাজাত, ই ক্ৰিমিয়াৰ বাখচিছাৰাই চহৰৰ ওচৰত অৱস্থিত। ই এটা শিলৰ পৰা খোদিত কৰা গুহাৰ মঠ, যিটো অষ্টম শতিকাত প্ৰতিষ্ঠা হোৱা বুলি বিশ্বাস কৰা হয়।
-
বাটুৰিন
বাটুৰিন (Baturyn) উত্তৰ ইউক্ৰেইনৰ চেৰ্নিহিভ অ’ব্লাষ্টৰ এখন ঐতিহাসিক চহৰ। ই নিজিন ৰাইঅ’নত ছেইম নদীৰ পাৰত অৱস্থিত। বাটুৰিন নগৰ হ্ৰমাডাৰ প্ৰশাসনিক কেন্দ্ৰও ইয়াত অৱস্থিত। বাটুৰিন চহৰখন বিশেষভাৱে কছাক হেটমেনেটৰ ৰাজধানী হিচাপে পৰিচিত। ১৬৯৯–১৭০৮ আৰু পুনৰ ১৭৫০–১৭৬৪ চনলৈ বাটুৰিন হেটমেনেটৰ ৰাজধানী আছিল।
-
বাটুৰিন ফোৰ্ট্ৰেচ চিট্যাডেল
বাটুৰিন ফোৰ্ট্ৰেচ চিট্যাডেল ( Baturyn Fortress Citadel) বা বাটুৰিন দুৰ্গৰ দুৰ্গ হৈছে বাটুৰিন অঞ্চলত অৱস্থিত এটা স্থাপত্য আৰু স্মৃতিসৌধ। ই ৰাষ্ট্ৰীয় ঐতিহাসিক আৰু সাংস্কৃতিক সংৰক্ষিত বনাঞ্চল "হেটমেনৰ ৰাজধানী"ৰ ভিতৰত সংগ্ৰহালয় হিচাপে কাম কৰে।
-
ভাছিলকিভ
ভাছিলকিভ(Vasilkov) ইউক্ৰেইনৰ মধ্যভাগত অৱস্থিত কিয়িভ অব্লাষ্টৰ অবুখিভ ৰায়নৰ ষ্টুহনা নদীৰ পাৰত থকা এখন চহৰ। ই ভাছিলকিভ নগৰ হ্ৰমাদাৰ প্ৰশাসনিক কেন্দ্ৰ। চহৰখনৰ প্ৰথম উল্লেখ দশম শতিকাত পোৱা যায়। ১৭৯৬ চনত ভাছিলকিভে চহৰৰ মৰ্যাদা লাভ কৰে। ভাছিলকিভত ভাছিলকিভ বিমানঘাটি অৱস্থিত।
-
মাৰিইনস্কি প্ৰাসাদ
মাৰিইনস্কি প্ৰাসাদ ( Mariinskyi Palace) ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ। ইউক্ৰেইনৰ কিইভৰ ড্নিপ্ৰ’ নদীৰ সোঁপাৰত ইউক্ৰেইনৰ সংসদ ভেৰখ’ভনা ৰাডাৰ নব্য ধ্ৰুপদী ভৱনৰ কাষতে অৱস্থিত এলিজাবেথৰ বেৰক ৰাজপ্ৰসাদটো।