অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

খোটিন দুৰ্গ

খোটিন দুৰ্গ (Khotyn Fortress) হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ চেৰ্নিভ্চি অব্লাষ্ট (প্ৰদেশ)ৰ খোটিনৰ ডনিষ্টাৰ নদীৰ সোঁপাৰত অৱস্থিত এটা দুৰ্গযুক্ত কমপ্লেক্স। ই উত্তৰ বেছাৰাবিয়াৰ ঐতিহাসিক অঞ্চলৰ ভিতৰত অৱস্থিত, যিটো পূৰ্বতে ৰোমানিয়াৰ অংশ আছিল আৰু ১৯৪০ চনৰ মল'টভ-ৰিবেনট্ৰপ চুক্তিৰ পিছত ছোভিয়েট ইউনিয়নে…

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৭৫৫ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

খোটিন দুৰ্গ (Khotyn Fortress) হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ চেৰ্নিভ্চি অব্লাষ্ট (প্ৰদেশ)ৰ খোটিনৰ ডনিষ্টাৰ নদীৰ সোঁপাৰত অৱস্থিত এটা দুৰ্গযুক্ত কমপ্লেক্স। ই উত্তৰ বেছাৰাবিয়াৰ ঐতিহাসিক অঞ্চলৰ ভিতৰত অৱস্থিত, যিটো পূৰ্বতে ৰোমানিয়াৰ অংশ আছিল আৰু ১৯৪০ চনৰ মল'টভ-ৰিবেনট্ৰপ চুক্তিৰ পিছত ছোভিয়েট ইউনিয়নে দখল কৰিছিল। ই উত্তৰ বেছাৰাবিয়াৰ ঐতিহাসিক অঞ্চলৰ ভিতৰত অৱস্থিত, যিটো পূৰ্বতে ৰোমানিয়াৰ অংশ আছিল আৰু ১৯৪০ চনত মলটভ-ৰিবেনট্ৰপ চুক্তিৰ পিছত ছোভিয়েট ইউনিয়নে দখল কৰিছিল। আন এটা বিখ্যাত প্ৰতিৰক্ষামূলক গঠন কামিয়ানেটছ-পডিলস্কি দুৰ্গৰ ওচৰত এই দুৰ্গটো অৱস্থিত। শিলৰ পৰা নিৰ্মিত বৰ্তমানৰ খোটিন দুৰ্গ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল চতুৰ্দশ শতিকাৰ শেষৰ ফালে, যেতিয়া এই অঞ্চলটো মল্ডাভিয়াৰ অংশ আছিল। ৰোমানিয়াৰ ৰাজকুমাৰ আলেকজেণ্ডাৰ দ্য গুড আৰু ষ্টিফেন দ্য গ্ৰেটৰ ৰাজত্বকালত ১৩৮০ চনৰ পৰা ১৪৬০ চনৰ ভিতৰত এই দুৰ্গৰ যথেষ্ট উন্নতি ঘটে।

ইতিহাস

ৰুছৰ দুৰ্গ হিচাপে

খোটিন দুৰ্গৰ আৰম্ভণি খোটিন দুৰ্গৰ পৰাই আৰম্ভ হয়, যিটো দশম শতিকাত ৰাজকুমাৰ ভ্লাদিমিৰ দ্য গ্ৰেটে নিৰ্মাণ কৰিছিল। বৰ্তমানৰ বুকোভিনা অঞ্চল জয় কৰাৰ পিছত দক্ষিণ-পশ্চিম কিয়েভান ৰাছৰ সীমান্ত সুৰক্ষিত কৰিবলৈ তেওঁ ইয়াক দুৰ্গ হিচাপে নিৰ্মাণ কৰিছিল। এই দুৰ্গটো পিছলৈ পুনৰ নিৰ্মাণ কৰি শক্তিশালী দুৰ্গ হিচাপে গঢ়ি তোলা হৈছিল, ই গুৰুত্বপূৰ্ণ বাণিজ্যিক পথত অৱস্থিত আছিল। এই পথসমূহে মল্ডাভিয়া আৰু ৱালাচিয়াৰ মাজেৰে স্ক্যাণ্ডিনেভিয়া আৰু কিয়েভক পনিজিয়া (নিম্নভূমি), পড'লিয়া আৰু ক'লা সাগৰৰ উপকূলৰ জেনো আৰু গ্ৰীক উপনিবেশৰ সৈতে সংযোগ কৰিছিল। ই বিখ্যাত "ভাৰংগিয়ানৰ পৰা গ্ৰীকলৈ বাণিজ্যিক পথ"ৰ অংশ আছিল।১

একাদশ শতিকাৰ শেষৰ ফালে খোটিন দুৰ্গ টেৰেব’ভলিয়া ৰাজ্যৰ নিয়ন্ত্ৰণত আছিল। ১১৪০ চনত এই দুৰ্গটো হালিচ প্ৰিন্সিপালিটিৰ সৈতে সংযুক্ত কৰা হয় আৰু ১১৯৯ চনৰ ভিতৰত ই গালিচিয়া-ভলহিনিয়া ৰাজ্যৰ অংশ হৈ পৰে।২

পুনৰ্গঠন আৰু দুৰ্গ নিৰ্মাণ

দুৰ্গৰ দেৱালৰ এক পেনোৰামিক দৃশ্য
দুৰ্গৰ দেৱালৰ এক পেনোৰামিক দৃশ্যছবি: Palladinus · CC BY-SA 2.5

১২৫০ চনৰপৰা ১২৬৪ চনৰ ভিতৰত হালিচৰ ৰাজকুমাৰ ডানিলো আৰু তেওঁৰ পুত্ৰ লেভে দুৰ্গটো পুনৰ নিৰ্মাণ কৰে। দুৰ্গৰ চাৰিওফালে আধা মিটাৰ (২০ ইঞ্চি) ডাঠ শিলৰ দেৱাল আৰু ৬ মিটাৰ (২০ ফুট) বহল খাদ নিৰ্মাণ কৰি ইয়াক আৰু অধিক শক্তিশালী কৰি তুলিছিল। ইয়াৰ উপৰি দুৰ্গৰ উত্তৰ দিশত নতুন সামৰিক অট্টালিকাও নিৰ্মাণ কৰা হৈছিল। ত্ৰয়োদশ শতিকাৰ শেষৰফালে জেনোবাসীয়ে এই দুৰ্গটো পুনৰ নিৰ্মাণ কৰে।১

১৩৪০ চনত হাংগেৰী সাম্ৰাজ্যৰ অধীনত থকা মল্ডাভিয়াৰ ৰাজকুমাৰ ড্ৰেগোছে এই দুৰ্গটো দখল কৰে। ১৩৭৫ চনৰ পিছত ইয়াক মল্ডাভিয়া ৰাজ্যত অন্তৰ্ভুক্ত কৰা হয়। আলেকজেণ্ডাৰ দ্য গুড আৰু পিছলৈ ষ্টিফেন দ্য গ্ৰেটৰ ৰাজত্বকালত এই দুৰ্গটোৰ ব্যাপক মেৰামতি আৰু পৰিৱৰ্তন কৰা হৈছিল, যাৰ ফলত ইয়াৰ বৰ্তমানৰ ৰূপলৈ ৰূপান্তৰিত কৰা হয়। পুৰণি দুৰ্গটো শিল ব্যৱহাৰ কৰি পুনৰ নিৰ্মাণ কৰি ব্যাপকভাৱে সম্প্ৰসাৰণ কৰা হৈছিল। ৫–৬ মিটাৰ (১৬–২০ ফুট) বহল আৰু ৪০ মিটাৰ (১৩০ ফুট) ওখ নতুন দেৱাল নিৰ্মাণ কৰা হৈছিল। তিনিটা দুৰ্গ সংযোজন কৰা হৈছিল, আৰু চোতালখন ১০ মিটাৰ (৩৩ ফুট) ওপৰলৈ তুলি দিয়া হৈছিল। ৰাজকুমাৰ আৰু সৈনিকৰ বাবে চোতালখন পৃথক পৃথক খণ্ডত ভাগ কৰা হৈছিল আৰু গভীৰ কোঠাবোৰ সৈনিকৰ বাবে বেৰেক হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই পুনৰ্গঠনৰ ফলত দুৰ্গৰ বৰ্তমানৰ গঠন প্ৰতিষ্ঠা কৰিছিল। চতুৰ্দশ শতিকাৰপৰা ১৬ শতিকালৈকে এই দুৰ্গটোৱে মল্ডাভিয়াৰ ৰাজকুমাৰসকলৰ বাসস্থান হিচাপে কাম কৰিছিল।

১৫৩৮ চনত গ্ৰেণ্ড ক্ৰাউন হেটমেন জান টাৰ্ন’স্কিৰ নেতৃত্বত পোলেণ্ড-লিথুৱেনিয়ান কমনৱেলথৰ বাহিনীয়ে খোটিন দুৰ্গ দখল কৰে। কমনৱেলথ সৈন্যই দুৰ্গৰ দেৱাল ভেঙুচালি কৰি তিনিটা দুৰ্গ আৰু পশ্চিম দেৱালৰ এটা অংশ ধ্বংস কৰে। এই দুৰ্গটো দখল কৰাৰ পাছত ১৫৪০ চনৰপৰা ১৫৪৪ চনলৈকে মেৰামতিৰ কাম কৰা হয়। ১৫৬৩ চনত ডিমাইট্ৰ' ভিছনেভেটস্কি আৰু পাঁচশ জাপ'ৰ'ঝিয়ান কছাকে দুৰ্গটো সফলতাৰে দখল কৰি কিছুদিন নিয়ন্ত্ৰণ বজাই ৰাখে।

১৭ শতিকাৰপৰা ১৯ শতিকা

খোটিন চহৰৰ পতাকাত খোটিন দুৰ্গ অংকন কৰা হৈছে।
খোটিন চহৰৰ পতাকাত খোটিন দুৰ্গ অংকন কৰা হৈছে।ছবি: Dmytro S. · Public domain

১৬০০ চনত মল্ডাভিয়া আৰু ৱালাচিয়া উভয়ৰে প্ৰাক্তন শাসক ছিমিয়ন মভিলা আৰু তেওঁৰ ভাতৃ মল্ডাভিয়াৰ ৰাজকুমাৰ ইয়েৰমিয়া মোভিলে দুৰ্গটোত আশ্ৰয় লয়।৩ পোলেণ্ডৰ সহায়ত তেওঁলোকে ক্ষমতাৰ বাবে যুঁজিছিল মাইকেল দ্য ব্ৰেভৰ নেতৃত্বত মল্ডাভিয়া আৰু ৱালাচিয়াৰ বাহিনীৰ বিৰুদ্ধে, যিয়ে দুৰ্গটো দখল কৰিবলৈ চেষ্টা কৰিছিল।

১৬১১ চনত ভইভ'ড ষ্টেফান টমছা দ্বিতীয়ই অট্টোমান সাম্ৰাজ্যৰ সহায়ত মলদোভাত শাসন কৰিছিল আৰু ১৬১৫ চনত তেওঁৰ নিক্ষেপ নোহোৱালৈকে খোটিন দুৰ্গৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল।

১৬১৫ চনত পোলেণ্ডৰ সেনাই খোটিন পুনৰ দখল কৰে যদিও ১৬১৭ চনত অট্টোমান সাম্ৰাজ্যলৈ ঘূৰাই দিয়ে। ১৬২০ চনত পোলেণ্ডৰ সেনাই পুনৰ চহৰখন দখল কৰে।

১৬২১ চনৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত হেটমেন জান কেৰল চ'ডকিভিচ আৰু পেট্ৰ’ চাহাইডাচনিৰ নেতৃত্বত কমনৱেলথ সেনাই তুৰ্কী চুলতান দ্বিতীয় ওছমানৰ সেনাৰ সৈতে সফলতাৰে যুদ্ধ কৰে। প্ৰায় ৫০,০০০ সৈন্যৰ কমনৱেলথ সেনাই খোটিন যুদ্ধত অট্টোমান সেনাক (প্ৰায় এক লাখ) বাধা দিছিল। ১৬২১ চনৰ ৮ অক্টোবৰত খোটিন সন্ধি স্বাক্ষৰিত হয়, যাৰ ফলত কমনৱেলথত অট্টোমানসকলৰ অগ্ৰগতি বন্ধ হৈ পৰে আৰু ডনিষ্টাৰ নদীত (মলডাভিয়া প্ৰিন্সিপালিটিৰ সীমা) কমনৱেলথ-অট্টোমান সীমান্ত নিৰ্ধাৰণ কৰা হয়। ফলত খোটিনক অট্টোমান সাম্ৰাজ্যৰ অধীনস্থ হিচাপে মল্ডাভিয়ালৈ ঘূৰাই অনা হয়।৪

১৬৭৪ চনৰ আগষ্টৰ আৰম্ভণিতে এই দুৰ্গটো তুৰ্কী সৈন্যই পুনৰ দখল কৰে। তেতিয়াৰ পোলেণ্ডৰ ৰজা জান ছ’বিয়েস্কিয়ে ১৬৮৪ চনত পুনৰ দখল কৰে।

১৬৯৯ চনৰ কাৰ্লোভিচ শান্তি চুক্তিৰ জৰিয়তে এই দুৰ্গটো পোলেণ্ড–লিথুৱেনিয়া কমনৱেলথৰ পৰা মল্ডাভিয়ালৈ স্থানান্তৰিত কৰা হয়।৫ ১৭১১ চনত পুনৰ খোটিনক তুৰ্কীয়ে দখল কৰে। তাৰ পিছত তুৰ্কীসকলে ছবছৰীয়া পুনৰ্গঠনৰ জৰিয়তে (১৭১২–১৮) খোটিনক শক্তিশালী কৰি তুলিছিল আৰু ই পূব ইউৰোপৰ অট্টোমান প্ৰতিৰক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুৰ্গ হৈ পৰে।

২০ আৰু একবিংশ শতিকা

উত্তৰ দিশৰপৰা দেখা দুৰ্গটো
উত্তৰ দিশৰপৰা দেখা দুৰ্গটোছবি: Ryzhkov Sergey · CC BY-SA 4.0

প্ৰথম বিশ্বযুদ্ধ আৰু ৰাছিয়াৰ গৃহ-যুদ্ধই খোটিনৰ জনসাধাৰণে যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৯১৮ চনৰ জানুৱাৰী মাহত মলদোভান গণতান্ত্ৰিক গণৰাজ্যই স্বাধীনতা ঘোষণা কৰে আৰু মাৰ্চ মাহত ৰোমানিয়াৰ সৈতে একত্ৰিত হয়।

১৯১৯ চনৰ জানুৱাৰী মাহত ৰাছিয়াৰপৰা অহা বলছেভিকসকলৰদ্বাৰা পৰিচালিত ৰোমানিয়া বিৰোধী বিদ্ৰোহ সংঘটিত হয়। খোটিন ডাইৰেক্টৰীয়ে অঞ্চলটোৰ এশৰো অধিক গাঁও নিয়ন্ত্ৰণ কৰে আৰু ৱাই.আই. এই বিদ্ৰোহ মাত্ৰ দহ দিনহে চলিছিল আৰু ১ ফেব্ৰুৱাৰীত ৰোমানিয়াৰ সৈন্যই খোটিনত প্ৰৱেশ কৰিছিল। পেৰিছ শান্তি সন্মিলনৰ পিছত খোটিনক আন্তৰ্জাতিকভাৱে ৰোমানিয়াৰ অংশ হিচাপে স্বীকৃতি দিয়া হয়। ২২ বছৰ ধৰি ৰোমানিয়াৰ অংশ হৈ থাকে আৰু হোটিন কাউণ্টিৰ প্ৰশাসনিক কেন্দ্ৰত পৰিণত হয়।৬

১৯৪০ চনৰ ২৮ জুনত ছোভিয়েট ইউনিয়নে বেছাৰাবিয়া আৰু উত্তৰ বুকোভিনা দখল কৰে আৰু মস্কোৰ নিৰ্দেশত খোটিন চহৰকে ধৰি বেছাৰাবিয়াৰ উত্তৰ অংশ ইউক্ৰেইনৰ ছোভিয়েট সমাজবাদী গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৪১ চনৰ ৬ জুলাইত নাজী জাৰ্মান-ৰোমানিয়ান বাহিনীয়ে খোটিনক পুনৰ দখল কৰে আৰু ইয়াক বুকোভিনা গভৰ্ণৰেটৰ অংশ হিচাপে ৰোমানিয়ালৈ ঘূৰাই দিয়া হয়। ১৯৪৪ চনৰ গ্ৰীষ্মকালত ৰঙা সেনাই সেই অঞ্চলটো পুনৰ দখল কৰে।

১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত খোটিন যুদ্ধৰ ৩৭০বছৰীয়া জয়ন্তী উপলক্ষ্যে ইউক্ৰেইনৰ হেটমেন পেট্ৰ' ছাহাইডাচনিৰ সন্মানত ভাস্কৰ্য শিল্পী আই হামালদ্বাৰা ডিজাইন কৰা এটা স্মৃতিসৌধ স্থাপন কৰা হয়।৬ বৰ্তমান খোটিন চেৰ্নিভ্ট্চি অব্লাষ্টৰ অন্যতম বৃহৎ চহৰ আৰু এক গুৰুত্বপূৰ্ণ ঔদ্যোগিক, পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰ। চহৰখনৰ চহকী ঐতিহাসিক পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনৰ মন্ত্ৰীসভাই ২০০০ চনত খোটিন দুৰ্গৰ ৰাজ্যিক ঐতিহাসিক আৰু স্থাপত্য সংৰক্ষিত বনাঞ্চল স্থাপন কৰে।৭ ২০০২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰাচীন চহৰখনে ইয়াৰ ১০০০বছৰীয়া জয়ন্তী উদ্‌যাপন কৰে।৬

সন্ধিয়াৰ পোহৰত দুৰ্গৰ পেনোৰামা, জুলাই ২০১৬
সন্ধিয়াৰ পোহৰত দুৰ্গৰ পেনোৰামা, জুলাই ২০১৬ছবি: Moahim · CC BY-SA 4.0

কিংবদন্তি

আন্ধাৰ ঠাইখনৰ ক্ল’জ আপ দৃশ্য
আন্ধাৰ ঠাইখনৰ ক্ল’জ আপ দৃশ্যছবি: Roland Geider (Ogre) · Public domain

এই দুৰ্গৰ অস্তিত্বৰ যুগ যুগ ধৰি ইয়াৰ বিষয়ে বহুতো কিংবদন্তি ওলাইছে। কিছুমান জনপ্ৰিয় কাহিনী দুৰ্গৰ বেৰত এটা বৃহৎ ক’লা দাগ এটাৰ উৎপত্তিৰ সৈতে জড়িত। এটা কিংবদন্তি অনুসৰি অট্টোমান তুৰ্কীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দুৰ্গৰ ভিতৰতে মৃত্যুদণ্ড দিয়া খোটিন বিদ্ৰোহীৰ চকুলোৰে এই ঠাই গঠন হৈছিল। আন এটা কিংবদন্তি অনুসৰি এই দাগটো অক্সানা নামৰ এগৰাকী ছোৱালীৰ চকুলোৰ পৰা সৃষ্টি হৈছিল, যাক তুৰ্কীসকলে দুৰ্গৰ দেৱালত জীৱিত অৱস্থাত পুতি থৈছিল।৮

চলচ্চিত্ৰত খোটিন দুৰ্গ

খোটিন দুৰ্গত কেইবাখনো ঐতিহাসিক দুঃসাহসিক ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল: দ্য ভাইপাৰ (১৯৬৫), জাখাৰ বাৰ্কুট (১৯৭১), দ্য এৰোছ অৱ ৰবিন হুড (১৯৭৫), দ্য অল্ড ফৰ্ট্ৰেছ (১৯৭৬), ডি আৰ্টাগনান এণ্ড দ্য থ্ৰী মাস্কেটিয়াৰ্ছ (১৯৭৮), দ্য বেলাড অৱ দ্য ভেলিয়েণ্ট নাইট ইভানহো (১৯৮৩), দ্য ব্লেক এৰো (১৯৮৫)৬ আৰু তাৰাছ বুলবা (২০০৯)।৯ এই ছবিবোৰত সাধাৰণতে এই দুৰ্গটোক বিভিন্ন ফৰাচী আৰু ইংৰাজী দুৰ্গৰ (লা ৰ’চেলকে ধৰি) সংমিশ্ৰণ হিচাপে চিত্ৰিত কৰা হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vynohradov, Artem. Khotyn Fortress. World History Encyclopedia
  2. ↑ Khotyn Fortress. State Historical and Architectural Reserve "Khotyn Fortress"
  3. ↑ Ohloblyn, Oleksander. Mohyla, Petro. Encyclopedia of Ukraine
  4. ↑ Podhorodecki, Leszek. (1971). Chocim, 1621. Muzeum Pałac w Wlianowie
  5. ↑ Khvorostenko, Sergey. (2005). Khotyn Ancient and Modern. turizm.lib.ru
  6. ↑ Klymenko, Sergiy. (July 2004). On the southwest of Kiev, July 2004. Fourth day: Chernivsti -> Khotyn -> Kamianets-Podilskyi -> Chornokozyntsi -> Chernivsti. serg-klymenko.narod.ru
  7. ↑ (2000-10-12)
  8. ↑ Khotyn Fortress — Newspaper article from Shepetivskyi Vistnyk, Accessed 16 July 2008
  9. ↑ Khotyn - Chocim. Castles.com.ua

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনইউক্ৰেইনৰ দুৰ্গইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খোটিন দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬২৯২৮৬ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।