ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল (( Transfiguration Cathedral); ইউক্ৰেইনীয়: Спасо-Преображенський собор) ইউক্ৰেইনৰ ওডেছাত অৱস্থিত এটা অৰ্থডক্স কেথেড্ৰেল। ই যীচুৰ ৰূপান্তৰৰ বাবে উৎসৰ্গিত আৰু ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)ৰ অন্তৰ্গত।
ইতিহাস
১৭৯৪ চনত গাভ্ৰিল বানুলেস্কু-বোডোনিয়ে ওডেছা চহৰৰ প্ৰথম আৰু মূল গীৰ্জা কেথেড্ৰেল নিৰ্মাণ কৰিছিল।১ ১৭৯৫ চনৰ ১৪ নৱেম্বৰত ভিকেন্টি ভানৰেজেণ্টৰ প্ৰকল্পৰ ভিত্তিত এই নিৰ্মাণ আৰম্ভ হয় আৰু গীৰ্জাঘৰটো প্ৰথমে চেণ্ট নিকোলাছৰ নামত উৎসৰ্গা কৰা হৈছিল।২ নিৰ্মাণৰ কাম কেইবাবছৰ পিছ পৰি থাকে আৰু নিউ ৰাছিয়াৰ নতুনকৈ নিযুক্তি পোৱা গৱৰ্ণৰ আৰ্মাণ্ড-ইমানুৱেল ডি ভিগনেৰ'ট ডু প্লেছিছ, ডাক ডি ৰিচেলিউৱে ১৭৯৮ চনত ইটালীৰ স্থপতিবিদ ফ্ৰান্সেস্কো ফ্ৰাপলিক এই ভৱনটো সম্পূৰ্ণ কৰিবলৈ নিয়োগ কৰিছিল।১২
১৮০০ চনত গীৰ্জাঘৰটোক কেথেড্ৰেল হিচাপে নিৰ্ধাৰণ কৰা হয়।১৮০৮ চনত ইয়াৰ তিনিটা বেদী পবিত্ৰ কৰা হয়, যেতিয়া গীৰ্জাঘৰটোৰ নাম সলনি কৰি ট্ৰেন্সফিগুৰেচন কেথেড্ৰেল ৰখা হৈছিল। সমগ্ৰ ১৯ শতিকাটো ইয়াৰ নিৰন্তৰ সম্প্ৰসাৰণ কৰা হৈছিল। ১৮২৭ চনৰ পৰা ১৮৩৭ চনৰ ভিতৰত এই বেলটাৱাৰটো নিৰ্মাণ কৰা হৈছিল (স্থপতিবিদ ফ্ৰান্সেস্কো ফ্ৰাপলি আৰু জৰ্জিঅ' টৰিচেলি [uk]), আৰু ইয়াক মূল গীৰ্জাঘৰৰ সৈতে সংযোগ কৰা ৰেফেক্টৰীটো ১৮৪২ চনত নিৰ্মাণ কৰা হৈছিল।২ ভিতৰৰ অংশ প্ৰকৃত আৰু কৃত্ৰিম মাৰ্বলৰ দ্বাৰা আবৃত আছিল আৰু আইকনষ্টেছিছও মাৰ্বলৰ দ্বাৰা নিৰ্মিত আছিল।৩১৯০৩ চনলৈকে এই ভৱনটোত সৰু সৰু পৰিৱৰ্তন চলি থাকিল আৰু তাৰ পিছত ই চূড়ান্ত ৰূপত উপনীত হৈছিল।৪
২০২৩ চনৰ জানুৱাৰী মাহত এই কেথেড্ৰেলটোক ওডেছাৰ ঐতিহাসিক কেন্দ্ৰৰ অংশ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় আৰু ৰুছ-ইউক্ৰেইন যুদ্ধৰ বাবে ইয়াক লগে লগে "বিপদজনক" তালিকাত অন্তৰ্ভুক্ত কৰা হয়।৫ ২০২৩ চনৰ ২৩ জুলাইত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কেথেড্ৰেলৰ ব্যাপক ক্ষতিসাধন হয়।৬৭ ইউনেস্কোৱে ওডেছাৰ ঐতিহাসিক কেন্দ্ৰত ৰাছিয়াই বাৰে বাৰে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছিল।৮ ইটালী চৰকাৰ আৰু ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ সহায়ত কেথেড্ৰেলখনৰ মেৰামতি কৰা হয়; ২০২৪ চনৰ অক্টোবৰৰ ভিতৰত মেৰামতিৰ বেছিভাগ কাম সম্পূৰ্ণ হয় আৰু ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত গৰম ব্যৱস্থা পুনৰুদ্ধাৰ কৰা হয়।৯
বিৱৰণ
ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল ওডেছা চহৰৰ এটা বিশিষ্ট অট্টালিকা। মূলতঃ ই ক্ৰছ আকৃতিৰ আৰু একক গম্বুজযুক্ত আছিল, চাৰি মহলীয়া ঘণ্টা টাৱাৰ আছিল। যদিও অট্টালিকাৰ বেছিভাগেই নব্য ধ্ৰুপদী শৈলী অনুসৰণ কৰে, গম্বুজৰ কিছুমান বৈশিষ্ট্য বৰ্ণাঢ্যবাদী। বৰ্তমান এই কেথেড্ৰেলটো দুমহলীয়া অট্টালিকা, তলত শীতকালীন গীৰ্জা আৰু ওপৰত গ্ৰীষ্মকালীন গীৰ্জাঘৰ। ঘণ্টা টাৱাৰৰ গুৰিতে এটা চেপেল অৱস্থিত। ২ কেথেড্ৰেলৰ ঘণ্টাবোৰ ৯৯টা সুৰ বজাব পৰা ইলেক্ট্ৰনিক যন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
তথ্যসূত্ৰ
- ↑ (2001). Commerce in Russian urban culture: 1861–1914. Woodrow Wilson Center Press [u.a.]. ISBN 0801867509
- ↑ Vechersky, Victor. (25 February 2022). uk:Спасо-Преображенський собор в Одесі. Great Ukrainian Encyclopedia
- ↑ Voloshyna, Anna. (3 September 2015). uk:Одеса: собор, що преображає. Religious Informational Service of Ukraine
- ↑ (23 July 2023). uk:Свято-Преображенський собор в Одесі росіяни зруйнували вдруге за століття: історія храму. Rayon.in.ua
- ↑ (22 July 2023). Statement regarding the threat of destruction of the UNESCO World Heritage Site "Historical Centre of the Port City of Odesa". ICOMOS Ukraine
- ↑ Yurchenko, Natalia. (2023-07-23). ru:Разрушения колоссальные, половину крыши снесло: последствия удара РФ по собору в Одессе. RBC-Ukraine
- ↑ (23 July 2023). Damage to the Odesa Transfiguration Cathedral (video). New York Times
- ↑ Sirkovych, Zhanna. (23 July 2023). Odesa: UNESCO strongly condemns repeated attacks against cultural heritage, including World Heritage. ৰাষ্ট্ৰসংঘ
- ↑ (December 1, 2025). uk:Одеса: ЮНЕСКО та Італія завершили аварійні відновлювальні роботи у Спасо-Преображенському кафедральному соборі. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল, ওডেছা” প্ৰবন্ধৰ সংশোধন ৬৩১৭৫৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।