ডৰ্মিচন ছেইণ্ট জৰ্জ কেথেড্ৰেল ( Dormition St. George's Cathedral) বা ছেইণ্ট জৰ্জ কেথেড্ৰেল ইউক্ৰেইনৰ কানিভত অৱস্থিত এটা গীৰ্জা। ইয়াক প্ৰথমে প্ৰাক-মংগোল যুগত নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত ই চেৰকাচি অব্লাষ্টৰ আটাইতকৈ পুৰণি অট্টালিকা।১২
ইতিহাস
১০৯০ চনত কানিভত এটা ভূগৰ্ভস্থ মঠৰ অস্তিত্ব থাকিব পাৰে।২ কিন্তু চহৰখনৰ প্ৰথমটো গীৰ্জা ছেইণ্ট জৰ্জ কেথেড্ৰেল ১১৪৪ চনত নিৰ্মাণ কৰা হয়। ১২৪০ চনত মংগোলীয়সকলে কিয়েভান ৰাছ আক্ৰমণৰ সময়ত ইয়াৰ ক্ষতিসাধন হয়। ষোড়শ শতিকাত কানিভ কছাক হেটমেনেটৰ অধীনত থকাৰ সময়ত ইয়াৰ কিছু সময়ৰ বাবে মেৰামতি নোহোৱালৈকে কেথেড্ৰেলখন আংশিকভাৱে ধ্বংসপ্ৰাপ্ত অৱস্থাত আছিল। কছাক যুগত এই গীৰ্জাঘৰটোক মঠলৈ ৰূপান্তৰিত কৰা হয়।৩১৬৭৮ চনৰ ৪ ছেপ্টেম্বৰত ক্ৰিমিয়াৰ টাটাৰ আক্ৰমণৰ সময়ত কেথেড্ৰেলটো জ্বলি যায় আৰু ক্ষতিগ্ৰস্ত হয়।২ ১৮০৫ চনৰ পৰা ১৮১০ চনৰ ভিতৰত নব্য ধ্ৰুপদী শৈলীত ছেইণ্ট জৰ্জ কেথেড্ৰেল পুনৰ নিৰ্মাণ কৰা হয়, য'ত পুৰণি ভৱনটোৰ কিছু অংশ অন্তৰ্ভুক্ত কৰা হয়। ১৮৩৩ চনলৈকে এই কেথেড্ৰেলটো অৰ্ডাৰ অৱ চেণ্ট বেচিলৰ মালিকানাধীন আছিল আৰু তাৰ পিছত ইয়াক অৰ্থডক্স গীৰ্জালৈ ঘূৰাই দিয়া হয়।৪ ১৮৪৬ চনত ইয়াক পুনৰ ডৰ্মিচন কেথেড্ৰেল হিচাপে পবিত্ৰ কৰা হয়। ৩ ১৮৬১ চনত তাৰাছ শ্বেভচেংকোৰ মৃতদেহ দুদিন ধৰি কেথেড্ৰেলত ৰখা হয় আৰু তাৰ পিছত ওচৰৰ মংকছ হিলত পুনৰ সমাধিস্থ কৰা হয়।৫
ছোভিয়েট যুগত ১৯৩৫ চনত ডৰ্মিচন কেথেড্ৰেল বন্ধ কৰি গুদামলৈ ৰূপান্তৰিত কৰা হয়। ১৯৬৬ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত ইয়াৰ সংস্কাৰ কৰা হয়, তাৰ পিছত এই ভৱনটো লোকশিল্পৰ সংগ্ৰহালয়ত পৰিণত হয়। ইউক্ৰেইনৰ স্বাধীনতাৰ পিছত কেথেড্ৰেলৰ মালিকীস্বত্ব মস্কো পেট্ৰিয়াৰ্কেটৰ ইউক্ৰেইনৰ অৰ্থডক্স চাৰ্চলৈ হস্তান্তৰ কৰা হয়।৩ ২০০৩ চনত কানিভ নগৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ইউ অ’ চি-এম পিক মালিকীস্বত্ব বৃদ্ধিৰ অনুমতি প্ৰদান কৰে। ২০২৪ চনত আদালতে এই ভৱনটোৰ ব্যক্তিগতকৰণ অবৈধ বুলি ৰায় দিয়ে আৰু ইয়াৰ কিছু সময়ৰ পিছতে কেথেড্ৰেলখন ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জালৈ ঘূৰাই দিয়া হয়।৬
স্থাপত্য
ছেইণ্ট জৰ্জ কেথেড্ৰেলত এটা গম্বুজ, তিনিটা নেভ, ছটা খুঁটা আৰু তিনিটা এপ্ছ আছে। কিয়েভান ৰাছৰ যুগৰ দেৱালবোৰ ইটাৰ, কিন্তু ভিতৰ আৰু বাহিৰত প্লাষ্টাৰ কৰা হৈছে।৩ মূল কেথেড্ৰেলটো শৈলীত বাইজেন্টাইন, আনহাতে পিছৰ সংযোজনসমূহত নব্য ধ্ৰুপদী উপাদানসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।২ বেৰৰ দুটা আয়তাকাৰ অংশ বাহিৰৰ ফালে প্লাষ্টাৰ কৰা নহয় যাতে মূল ইটাৰ কামবোৰ উন্মোচিত হয়; কিইভৰ চেণ্ট ছফিয়া কেথেড্ৰেল বা চেৰ্নিহিভৰ ট্ৰেন্সফিগাৰেচন কেথেড্ৰেলৰ দেৱালৰ দৰেই।
তথ্যসূত্ৰ
- ↑ Andrii, Kushchenko. (14 August 2024). uk:До ПЦУ перейшов найстаріший собор Черкащини. Patriot Donbasu
- ↑ (7 June 2015). uk:Успенський собор до Канева “приплив по Дніпру” із Царгорода. Pro Vse
- ↑ Vecherskyi, Victor. (6 April 2020). uk:Успенський (Георгіївський) собор у Каневі. Great Ukrainian Encyclopedia
- ↑ uk:Канів. Місця Сили.. Knyazha Hora
- ↑ Malyon, Oleksandr. (4 August 2023). uk:Тисячолітній Успенський собор у Каневі опинився у приватній власності УПЦ МП. Ukrinform
- ↑ (6 September 2024). uk:Успенський собор в Каневі належить українському народу, – рішення Верховного Суду. 18000.com.ua
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইণ্ট জৰ্জ কেথেড্ৰেল, কানিভ” প্ৰবন্ধৰ সংশোধন ৬৩০৪৩৮ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।