ইউক্ৰেইন
৬৯ প্ৰবন্ধ
-
মাৰ্বল গুহা, ক্ৰিমিয়া
মাৰ্বল গুহা (Мра́морная пещера, Мармурова печера) ক্ৰিমিয়াৰ চাটিৰ-দাগ পৰ্বতমালাৰ নিম্ন মালভূমিত অৱস্থিত এটা গুহা। ই এটা জনপ্ৰিয় পৰ্যটনস্থলী আৰু ইউৰোপৰ অধিক পৰ্যটক অহা গুহাসমূহৰ ভিতৰত অন্যতম। গুহাটো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰিচিত।
-
মিকোলাইভ মানমন্দিৰ
মিকোলাইভ মানমন্দিৰ (Mykolaiv Observatory, সম্পূৰ্ণ নাম: গৱেষণা প্ৰতিষ্ঠান "মিকোলাইভ জ্যোতিৰ্বৈজ্ঞানিক মানমন্দিৰ", Науково-дослідницький інститут «Миколаївська астрономічна обсерваторія») ইউক্ৰেইনৰ মিকোলাইভত অৱস্থিত এটা জ্যোতিৰ্বৈজ্ঞানিক মানমন্দিৰ।
-
মেদঝিবিঝ দুৰ্গ
মেদঝিবিঝ দুৰ্গ ( Medzhybizh Fortress) ইউক্ৰেইনৰ মেদঝিবিঝ চহৰত দক্ষিণ বাগ আৰু বুঝক নদীৰ সংগমস্থলীত অৱস্থিত। এই আকৰ্ষণীয় দুৰ্গটোত বিভিন্ন যুগৰ স্থাপত্য শৈলী আৰু প্ৰতিৰক্ষামূলক স্থাপত্যৰ বৈশিষ্ট্য আছে।
-
লভিভ টাউন হল
ইউক্ৰেইনৰ লভিভ চহৰত প্ৰায় ১৩৫৭ চনৰ পৰাই ধাৰাবাহিকভাৱে টাউন হল অট্টালিকা নিৰ্মাণ কৰা হৈছে।যুগ যুগ ধৰি এই অট্টালিকাসমূহ চহৰখনৰ এক স্বকীয় বৈশিষ্ট্য হৈ আহিছে। ১ মাৰ্কেট স্কোৱাৰত অৱস্থিত এই আধুনিক ভৱনটো লভিভ চিটি কাউন্সিলৰ বাসগৃহ আছিল।
-
লুবাৰ্টৰ দুৰ্গ
লুটস্ক দুৰ্গটো স্থানীয়ভাৱে লিউবাৰ্টৰ দুৰ্গ বা উচ্চ দুৰ্গ বুলিও জনাজাত। এই দুৰ্গটো ১৪ শতিকাৰ মাজভাগত সংযুক্ত গালিচিয়া-ভলহিনিয়াৰ শেষ শাসক গেডিমিনাছৰ পুত্ৰ লিউবাৰ্টাছ (লুবাৰ্ট)ৰ বাবে দুৰ্গযুক্ত বাসগৃহ হিচাপে নিৰ্মাণ কৰা হৈছিল।
-
স্কিথীয় নেপলিছ
স্কিথীয় নেপলিছ ( Scythian Neapolis), চৰকাৰীভাবে কেৰমেনচিক, খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ শেষৰফালৰপৰা খ্ৰীষ্টীয় ৩য় শতিকাৰ দ্বিতীয়াৰ্ধলৈ ক্ৰিমিয়া উপদ্বীপত অস্তিত্ব থকা এটা ইৰানীয় বসতি আছিল। পূৰ্বতে ইয়াক টাউৰিক খেৰছোনেছছৰ এখন নগৰ বুলি গণ্য কৰা হৈছিল।
-
হাউছ উইথ চিমেৰাস
হাউছ উইথ চিমেৰাস (House with Chimaeras) বা হৰোডেৎস্কি হাউছ (Władysław Horodeckiৰ নামেৰে নামকৰণ কৰা) ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ঐতিহাসিক লিপকি অঞ্চলত অৱস্থিত এটা আৰ্ট নুভ’ স্থাপত্যশৈলীৰ অট্টালিকা। এই অট্টালিকা ১০ নম্বৰ বেংকোভা ষ্ট্ৰীটত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থিত।
-
হ্লুখিভ
হ্লুখিভ (ইউক্ৰেইনীয়ান: Глухів,; ৰাছিয়ান: Глухов, ৰোমানীকৃত: Glukhov) হৈছে এছমান নদীৰ পাৰত অৱস্থিত এখন সৰু ঐতিহাসিক চহৰ, যিখন চেইম নদীৰ এখন উপনৈ। এই চহৰখন ইউক্ৰেইনৰ চুমি ওব্লাষ্টৰ শোষ্টকা ৰায়মৰ অন্তৰ্গত। জনসংখ্যা: ৩১,৭৮৯ (২০২২ চনৰ তথ্য অনুসৰি)।
-
ৰ'জটোচিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ
ৰ'জটোচিয়া সংৰক্ষিত বনাঞ্চল হৈছে ইউক্ৰেইনৰ ইউনেস্ক'ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখন ইউক্ৰেইনৰ লভিভ আৰু পোলেণ্ডৰ জামোস্কৰ ওচৰতে অৱস্থিত, এই দুয়োখন চহৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত।