অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি

ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি (Samchyky Palace and Park Ensemble, Палацово-парковий ансамбль «Самчики»), বা ছামচিকি সম্পত্তি, ষ্টাৰোকষ্টিয়াণ্টিনিভ, খমেলনিটস্কি অঞ্চলৰ ওচৰৰ ছামচিকিত অৱস্থিত এটা ঐতিহাসিক সমষ্টি।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি (Samchyky Palace and Park Ensemble, Палацово-парковий ансамбль «Самчики»), বা ছামচিকি সম্পত্তি, ষ্টাৰোকষ্টিয়াণ্টিনিভ, খমেলনিটস্কি অঞ্চলৰ ওচৰৰ ছামচিকিত অৱস্থিত এটা ঐতিহাসিক সমষ্টি। এই সমষ্টিত দুটা ৰাজপ্ৰাসাদ, এখন উদ্যান, এটা চীনা ঘৰ, এটা ফোঁৱাৰা আৰু অন্যান্য ভৱন আৰু গাঁথনি আছে। বৰ্তমান এই সমষ্টিটো এটা সংগ্ৰহালয় আৰু ৰাষ্ট্ৰীয় ঐতিহাসিক সংৰক্ষিত অঞ্চল।১

ইতিহাস

পোলেণ্ড

১৮শ শতিকাৰ আৰম্ভণিতে ইয়ান খোয়েটস্কিয়ে ছামচিকিত প্ৰথমটো মাটিৰ সম্পত্তি স্থাপন কৰিছিল। পুৰণি ৰাজপ্ৰাসাদটো ১৭২৫ চনত নিৰ্মাণ কৰা হৈছিল আৰু আজিও সংৰক্ষিত হৈ আছে। পুৰণি ৰাজপ্ৰাসাদটোৰ আকৰ্ষণহীন নক্সাৰ বাবে নতুন মালিকসকলে ভৱনটো সেৱামূলক কামত ব্যৱহাৰ কৰিবলৈ লয়।

সম্পত্তিটোৰ পৰৱৰ্তী মালিক আছিল হাইছিনৰ ষ্টাৰোষ্টা পেট্ৰ' চেচেল। তেওঁৰ সময়ত নতুন ৰাজপ্ৰাসাদ, দুটা আনুষংগিক ভৱন, এখন প্ৰৱেশদ্বাৰ, সেউজগৃহ, ঘোঁৰাশাল আৰু চাৰিওফালে এখন দেৱাল নিৰ্মাণ কৰা হয়। নতুন ৰাজপ্ৰাসাদটোৰ নক্সা ইয়াকুব কুবিটস্কিয়ে কৰিছিল। উদ্যানখন ইংৰাজী ভূদৃশ্য উদ্যানলৈ ৰূপান্তৰ কৰা হয়। ১৮২২ চনত পেট্ৰ'ই সম্পত্তিটো তেওঁৰ পুত্ৰ ইয়ানক দিয়ে। ১৮৪৩ চনত তেওঁৰ পত্নী লিউডভিকাই সম্পত্তিটো উত্তৰাধিকাৰসূত্ৰে লাভ কৰে আৰু পিছত তেওঁলোকৰ পুত্ৰ ইয়াকুবে ইয়াৰ মালিক হয়। ১৮৫৪ চনত ইয়াকুব চেচেলে ইয়াত এখন সংগীত বিদ্যালয় স্থাপন কৰে।২৩

ৰাছিয়ান সাম্ৰাজ্য

ইয়াকুবক ৰাছিয়ান সেনাই বন্দী কৰি নিৰ্যাতন চলোৱাৰ পাছত হত্যা কৰে আৰু জাৰে সম্পত্তিটো বাজেয়াপ্ত কৰে। ১৮৬৭ চনৰ জানুৱাৰী মাহত এই ভূমি জিতোমিৰৰ ব্যৱসায়ী কুপ্ৰিয়ান লিয়াশকভক বিক্ৰী কৰা হয়। ১৮৭০ চনত ইভান উগ্ৰিমভ ছামচিকি সম্পত্তিৰ মালিক হয়। তেওঁ ইয়াত এখন বিদ্যালয় আৰু এখন পুথিভঁৰাল নিৰ্মাণ কৰে। ১৯০২ চনত সম্পত্তিটো মিখাইল শ্বেষ্টাকভক বিক্ৰী কৰা হয়। তেওঁ ১৯১৬ চনলৈকে এই অঞ্চলৰ মালিক আছিল।২

ছোভিয়েট সংঘ

ছোভিয়েট শাসনকালত ৰাজপ্ৰাসাদটোৰ ভিতৰ আৰু বাহিৰ দুয়োটা অংশ ক্ষতিগ্ৰস্ত হৈছিল আৰু সম্পত্তিটোৰ বহুতো ভৱন ধ্বংস কৰা হৈছিল। ফোঁৱাৰাটোৰ ভাস্কৰ্যটো জুইত ধ্বংস হয়। বিভিন্ন সময়ত নতুন ৰাজপ্ৰাসাদটো বাসগৃহ, ক্লাব, পুথিভঁৰাল, চিকিৎসা সহায়ক কেন্দ্ৰ আৰু অগ্ৰগামী শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সেউজগৃহ, ঘোঁৰাশাল আৰু গাড়ী ৰখা ঘৰসমূহ ভাঙি পেলোৱা হয় আৰু সেইবোৰৰ সামগ্ৰী অন্য ভৱন নিৰ্মাণত ব্যৱহাৰ কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাজপ্ৰাসাদটো সমূহীয়া কৃষি পামৰ ভৱন হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৫৬ চনত খমেলনিটস্কি ৰাজ্যিক পৰীক্ষামূলক কৃষি কেন্দ্ৰই সমূহীয়া কৃষি পামটোৰ স্থান লয়। পৰীক্ষাৰপৰা ওলোৱা ৰাসায়নিক পদাৰ্থৰ বাবে ৰাজপ্ৰাসাদটোৰ দেৱাল ক্ষতিগ্ৰস্ত হয়। ১৯৫৮ চনত পুৰণি ৰাজপ্ৰাসাদৰ আনুষংগিক ভৱনসমূহৰ সমষ্টি ধ্বংস কৰা হয়। ১৯৬০ চনত ছামচিকি উদ্যানক উদ্যান শিল্পৰ এটা স্মাৰক হিচাপে স্বীকৃতি দিয়া হয়। ১৯৭১ চনত উদ্যানখনৰ এটা মণ্ডপ ধ্বংস হয়। ১৯৭৯ চনত সমগ্ৰ ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টিটোক ইউক্ৰেইনৰ ঐতিহাসিক-সাংস্কৃতিক ঐতিহ্যৰ স্মাৰক হিচাপে ঘোষণা কৰা হয়। ১৯৯০ চনৰ ১৫ আগষ্টত এই অঞ্চলত এটা সংগ্ৰহালয় স্থাপন কৰা হয়।২৪

স্বাধীন ইউক্ৰেইন

১৯৯৭ চনৰ ৫ আগষ্টৰপৰা ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি এটা ৰাষ্ট্ৰীয় ঐতিহাসিক সংৰক্ষিত অঞ্চল।

উল্লেখযোগ্য স্থান

  • চেচেল ৰাজপ্ৰাসাদ বা নতুন ৰাজপ্ৰাসাদটো সমষ্টিটোৰ মুখ্য ভৱন। ৰাজপ্ৰাসাদটোত পাঁচটা মুখ্য কোঠা আছে। সেইকেইটা হৈছে গোলাকাৰ কোঠা, বৃহৎ কোঠা, ৰোমান কোঠা, বিশ্ৰাম কোঠা আৰু জাপানী কোঠা। জাপানী কোঠাটোত ইউক্ৰেইনত সংৰক্ষিত হৈ থকা ইউৰোপীয় প্ৰাচ্যবাদী দেৱালচিত্ৰৰ একমাত্ৰ নিদৰ্শন আছে।১ ১৯শ শতিকাৰপৰা এই ৰাজপ্ৰাসাদটোক "ইউক্ৰেইনীয় ভাৰ্ছাই" বুলি কোৱা হয়।৩
  • খোয়েটস্কিৰ ৰাজপ্ৰাসাদ বা পুৰণি ৰাজপ্ৰাসাদটো সমষ্টিটোৰ আটাইতকৈ পুৰণি ভৱন।
  • ছামচিকি উদ্যানখনৰ বহুতো অংশ আছে। ইতিহাসৰ বিভিন্ন সময়ত ইয়াক বহুবাৰ সম্প্ৰসাৰণ আৰু পৰিৱৰ্তন কৰা হৈছিল। উদ্যানখনৰ মুঠ মাটি ১৮.৮ হেক্টৰ।
  • চীনা ঘৰটো প্ৰায় সম্পূৰ্ণৰূপে নব্য ধ্ৰুপদী স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছে। কেৱল ইয়াৰ ছাদটো চীনা পগোডাৰ ছাদৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।৫
  • ভাস্কৰ্য, মণ্ডপ, প্ৰৱেশদ্বাৰ, দেৱাল আৰু অন্যান্য গাঁথনি।

তথ্যসূত্ৰ

  1. ↑ Самчики. Ukraina Incognita
  2. ↑ Палацово-парковий ансамбль "Маєток Самчики" (с.Самчики, Хмельницька обл.): карта, фото, опис. Туристичний портал "Дримба"
  3. ↑ (2022-05-07). Заповідник "Самчики" – один з найблискучіших в Україні творів архітектури та садово-паркового мистецтва. খমেলনিটস্কি অঞ্চল পৰিষদ
  4. ↑ A longer definition appears in the Merriam-Webster Concise Encyclopedia: Retrieved 25 October 2012.
  5. ↑ (1896). Architecture and Building. W.T. Comstock. পৃ. 245

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩০২০৮ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।