অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৃণাল তালুকদাৰ

মৃণাল তালুকদাৰ হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

মৃণাল তালুকদাৰ হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা।

জন্ম আৰু পৰিচয়

তেখেতৰ জন্ম হৈছিল গুৱাহাটী চহৰত। তেখেতৰ পিতৃ নন্দ তালুকদাৰ এগৰাকী গৱেষক আৰু সাহিত্যিক আছিল।

শিক্ষা আৰু কৰ্মজীৱন

মৃণাল তালুকদাৰে কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত আৰ্যবিদ্যাপীঠ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৯ চনত তেখেত দ্য ছেণ্টিনেল কাকতৰ উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পাছত তেখেত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ৰ পৰা গণমাধ্যম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

১৯৯০-৯১ চনত তেওঁ‌ দ্য মেঘালয়ান গাৰ্ডিয়ান আৰু দ্য নৰ্থইষ্ট টাইমছ নামৰ দুখন কাকতত ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰে। ১৯৯২ চনত তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰে। ইয়াত কিছুদিন কাম কৰাৰ পাছত তেখেতে দ্য ইউনাইটেড নিউজ অৱ্ ইণ্ডিয়া নামৰ বাতৰি সংস্থা এটাৰ গুৱাহাটীৰ কাৰ্যালয়ত মুখ্য সংবাদ-দাতা হিচাপে যোগদান কৰে। কেইবছৰমান কাম কৰাৰ পাছত তালুকদাৰে সংস্থাটো ত্যাগ কৰে আৰু নিজৰ লিখা-মেলা আৰু গৱেষণাত মনোনিৱেশ কৰে।১

বৰ্তমান তেওঁ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত।

তথ্যচিত্ৰ

  • In search of a job২
  • Road to China৩

প্ৰকাশিত গ্ৰন্থ

তথ্যসূত্ৰ

  1. ↑ Jain,Nehal. (১৩ ছেপ্টেম্বৰ,২০১৮). meet Mrinal Talukdar. Gplus
  2. ↑ (১০ মাৰ্চ,২০০৬). Assam tuskers to grace Hollywood fest. Hindustantimes
  3. ↑ Sharma,Manimugdha S. (৬মে,২০১২). Found! hidden road to China. timesofindia

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সাংবাদিকঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণাল তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৪৯৯৩৮৮ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।