মনোজ কুমাৰ গোস্বামী ( Manoj Kumar Goswami) হৈছে অসমৰ এগৰাকী সাংবাদিক আৰু লেখক। ২০২০ চনৰ ১ জুন তাৰিখে তেওঁ আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ‘সমীৰণ বৰুৱা আহি আছে’ গল্পৰ যোগেদি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা১ গোস্বামীয়ে আশীৰ দশকৰপৰা বৰ্তমানলৈ অসমীয়া গল্প জগতলৈ বিশেষ অৱদান আগবঢ়াইছে। ‘ভুলসত্য’ গল্প সংকলনখনৰ বাবে ২০২২ চনত মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়। ১
জন্ম আৰু শিক্ষা
১৯৬২ চনত নগাঁও জিলাত গোস্বামীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কমলচন্দ্ৰ গোস্বামী আৰু মাতৃৰ নাম লখিমী গোস্বামী। পিতৃ কমলচন্দ্ৰ গোস্বামী এগৰাকী কলেজ শিক্ষক আৰু সত্ৰাধিকাৰ আছিল। নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কিছুকাল শিক্ষকতা কৰাৰ পাছত তেওঁ সংবাদ জগতত খোজ পেলায়।
কৰ্মজীৱন
চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত কাকত নতুন দৈনিকৰ জৰিয়তে তেওঁ ১৯৮৬ চনত সাংবাদিকতা বৃত্তিৰ আৰম্ভণি কৰে। ইয়াৰ পাছত তেওঁৰ আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতসমূহৰ লগত সম্পাদক আৰু কাৰ্যবাহী সম্পাদকৰূপে জড়িত হৈ পৰে। প্ৰায় ১২ বছৰ ধৰি টেলিভিছন চেনেল ডিৱাই ৩৬৫ৰ মুখ্য সম্পাদকৰ দায়িত্বত থকা গোস্বামীয়ে ২০২০ চনত ১ জুন তাৰিখে আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।২ ইয়াৰ মাজতে গোস্বামীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত কনফ্লিক্ট ৰিজলিউছনত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাছিয়ান টেলিভিছন নেটৱৰ্কতো এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেখেতে নিৰ্মাণ কৰা আন্ছু — এভাৰেষ্ট কলিং নামৰ তথ্যচিত্ৰখন একাধিক আন্তৰ্জাতিক ছবি মহোৎসৱত সমাদৃত হৈছে।
প্ৰকাশিত গ্ৰন্থ
চুটিগল্প সংকলন
- ঈশ্বৰহীনতা
- স্বাধীনতা
- সমীৰণ বৰুৱা আহি আছে
- প্ৰেমহীনতা
- এলুমিনিয়ামৰ আঙুলি
- ভুল সত্য
উপন্যাস
- অনাদি আৰু অনন্যা
স্মৃতিকথা
- ৰাজনীতিৰ অলিয়ে গলিয়ে
ইংৰাজী ভাষাৰ গল্প সংকলন
- মাপেট এণ্ড আডাৰ ষ্ট’ৰীজ
বঁটা আৰু সন্মান
সৃজনীমূলক সাহিত্যৰ বাবে ১৯৯৪ চনত গোস্বামীয়ে 'কথা' বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।৩ ১৯৯৬ চনত সাহিত্যকৃতিৰ বাবে 'সংস্কৃতি' বঁটা লাভ কৰাটো তেওঁৰ এক অন্যতম কৃতিত্ব।৪তদুপৰি ২০২৩ বৰ্ষত তেখেতে ভুল সত্য শীৰ্ষক গল্পপুথিখনৰ বাবে সেই বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ (DECEMBER 22, 2022). Sahitya Akademi Award 2022: গল্প সংকলন "ভুল সত্য"ৰ বাবে সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা. assam.news18.com/
- ↑ amarasom.glpublications.in//index.php?mod=1& link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Katha awards. Katha
- ↑ Recipients of Sanskriti Awards (1979-2009). Sanskriti Awards
- ↑ Das, Mukut. Four from Assam, 1 from Manipur selected for Sahitya Akademi. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ কুমাৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬৩৯২৪২ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।