ধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত দ্য ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক।১ ১৯৩৩ চনত অসমৰ যোৰহাট জিলাত তেওঁৰ জন্ম হৈছিল। যুক্তৰাজ্যৰ ৰিডিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।২ তাৰপিছত ১৯৮৩ চনত গুৱাহাটীত দ্য ছেণ্টিনেল কাকত আৰম্ভ হোৱাত তেওঁ প্ৰথম সম্পাদক হিচাপে যোগদান কৰে।৩ তেওঁ মিডিয়া ট্ৰাষ্টৰ লগত জড়িত আছিল আৰু ১৯৯২ চনৰ উদযাপন কমিটিৰ সভাপতি আছিল।৪ তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ লগতে তেওঁ বহু অসমীয়া কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছে, তাৰে ভিতৰত ভবেন্দ্ৰ নাথ শইকীয়াৰ চাভাৰ্ণ এণ্ড অদাৰ্চ ষ্টৰীছ অন্যতম।৫ ১৯৯৭ চনত তেওঁ সাংবাদিকতাৰ বাবে বি.ডি. গোয়েংকা বঁটা লাভ কৰিছিল।২ তাৰপিছত ২০০১ চনত তেওঁ পাঞ্চজন্য আলোচনীৰ নাচিকেতা সন্মান লাভ কৰিছিল।৬ ২০০১ চনত তেওঁ সাংবাদিকতাৰ বাবে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অনুবাদৰ বাবে তেওঁ কথা বঁটাও লাভ কৰিছিল। ২০১৬ চনত ভাৰত চৰকাৰে সাংবাদিকত আৰু সাহিত্য জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৭
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (26 January 2016). This Is How Assam Shines Bright on the 67th Republic Day Today. Bordoisila
- ↑ Robin S. Ngangom. (2009). Dancing Earth: An Anthology of Poetry from North-East India. Penguin Books India. পৃ. 323–. ISBN 978-0-14-310220-5
- ↑ (25 January 2016). Padma Sri for DN Bezbaruah, three others. The Sentinel
- ↑ (2016). History. Media Trust
- ↑ Bhabendra Nath Saikia (Author), D.N. Bezboruah (Translator). (2012). The Cavern and Other Stories. Nirvana Sutra. পৃ. 154
- ↑ (April 2001). BJP suffers because of setting high standards of probity for itself. Hindu Vivek Kendra
- ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰেন্দ্ৰ নাথ বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬৯১৫১ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।