অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগেশ দাস

যোগেশ দাস (Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত। তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।

হালনাগাদ: ২ অক্টোবৰ ২০২৪ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

যোগেশ দাস (Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত।১২ তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।২ তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি৩ নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।১

শিক্ষা আৰু চাকৰি

যোগেশ দাসে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ, ডিগ্ৰী লাভ কৰে। তেখেতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিলেও পিছলৈ অধ্যাপনাৰ বৃত্তি গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে১

মৃত্যু

১৯৯৯ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে তেখেতৰ মৃত্যু হয়।

লেখক জীৱন

যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিচাপে আত্মপ্ৰকাশ কৰে। চুটিগল্প আৰু উপন্যাস তেখেতে সমান দক্ষতাৰে লিখি যায়। ১৯৫৩ চনত তেখেতৰ প্ৰথম উপন্যাস "কলপটুৱাৰ মৃত্যু" প্ৰকাশ পায়। ১৯৫৫ চনত তেখেতৰ দ্বিতীয় উপন্যাস 'ডাৱৰ আৰু নায়ে' তেখেতক এজন শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা কৰে। এই গ্ৰন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতৰ প্ৰধান ভাষাসমূহলৈ অনূদিত হৈছে।১ তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ আছিল চুটিগল্পৰ সংকলন 'পৃথিৱীৰ অসুখ'।২ তেখেতৰ "Folklore of Assam" গ্ৰন্থখনত অসমীয়া লোক-সংস্কৃতিৰ সৰল অথচ বিশদ বিৱৰণ পোৱা যায়।১

সাহিত্য কৰ্ম

উপন্যাস

  • ১৯৫৩: সঁহাৰি পাই
  • ১৯৫৫: ডাৱৰ আৰু নাই
  • ১৯৫৯: জোনাকীৰ জুই
  • ১৯৬৩: নিৰুপায়-নিৰুপায়
  • ১৯৬৫: এমুঠি ধূলি
  • ১৯৬৭: হাজাৰ ফুল
  • ১৯৬৯: ছাঁ‌ জুই খেদি
  • ১৯৭০: এমুঠি ধূলি
  • ১৯৭০: উৎকণ্ঠ উপকণ্ঠ
  • ১৯৭২: নেদেখা জুইৰ ধোঁৱা
  • ১৯৭২: অবৈধ
  • ১৯৭৭: নৰেশ, মালতী আৰু...
  • ১৯৭৯: সৰু সৰু ঢৌ
  • ১৯৭৯: ডাঙৰ দা আৰু চন্দন
  • ১৯৮১: ৰজনী বিদূৰ
  • ১৯৮৩: এই অৰণ্য
  • ১৯৮৫: কাগজৰ বাঘ আৰু মানুহৰ তেজ
  • ১৯৮৭: এনাজৰী
  • ১৯৮৭: নতুন কণ্ঠ
  • ১৯৮৭: চিৰিচ গছৰ ছাঁ‌
  • ১৯৮৮: নিষ্ঠুৰ সময়
  • ১৯৮৯: সংগ্ৰাম লগ্নে
  • ১৯৮৯: এজন খঙাল মানুহ
  • ১৯৮৯: পোহৰ বিচাৰি
  • ১৯৯১: জতুগৃহ
  • ১৯৯২: একা বেঁ‌কা
  • ১৯৯২: সোঁ‌তৰ বিপৰীতে
  • ১৯৯৩: আন্ধাৰৰ কিংবদন্তি
  • ১৯৯৪: সৃষ্টি আৰু বেদনা

চুটিগল্প

  • ১৯৫৩: কলপটুৱাৰ মৃত্যু
  • ১৯৫৬: পপীয়া তৰা
  • ১৯৫৮: আন্ধাৰৰ আঁৰে আঁৰে
  • ১৯৬১: ত্ৰিবেণী
  • ১৯৬৩: মদাৰৰ বেদনা
  • ১৯৬৫: হাজাৰ লোকৰ ভিৰ

অনুবাদ গ্ৰন্থ

  • আমাৰ কবি
  • ব্ৰাহ্মণ কন্যা
  • ৰবীন হুড
  • বনে বনে

অন্যান্য

  • ১৯৭২: Folklore of Assam
  • গল্পৰ কুঁকি
  • হেম বৰুৱা
  • সমকালীন গল্প

বঁটা

তথ্যসূত্ৰ

  1. ↑ Dutta, Amaresh. (2006). The Encyclopaedia Of Indian Literature. Sahitya Akademi. পৃ. 869. ISBN 9788126018031
  2. ↑ Assamese literature. India on web
  3. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  4. ↑ Express News Service. (Tuesday, January 2, 2001). Assam Valley literary award for Assamese poet. Indian Express

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া ঔপন্যাসিকঅসমৰ সাংবাদিকঅসম সাহিত্য সভাৰ সভাপতিঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম উপত্যকা সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেশ দাস” প্ৰবন্ধৰ সংশোধন ৪৩৪৯৭৪ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।