অসমৰ সাংবাদিক
৩৬ প্ৰবন্ধ
-
অনিৰ্বাণ বৰগোহাঁই
অনিৰ্বাণ বৰগোহাঁই বা অনিৰ্বাণ বি. গোহাঁই (Anirban B. Gohain) অসমৰ এগৰাকী সাংবাদিক, সমাজকৰ্মী, নাট্যকৰ্মী, অভিনেতা, কবি, আবৃত্তিকাৰ আছিল। ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল।
-
ক্ষীৰেন ৰয়
ক্ষীৰেন ৰয় অসমৰ পৰা প্ৰকাশিত কিছুমান ইংৰাজী আৰু অসমীয়া দৈনিক কাকতৰ প্ৰবীণ সাংবাদিক আৰু সম্পাদক আছিল। তেওঁ অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াৰ এখন গাঁৱত জন্ম লাভ কৰে।
-
নিতুপৰ্ণ ৰাজবংশী
নিতুপৰ্ণ ৰাজবংশী (Nituparna Rajbongshi) অসমৰ এজন কাৰ্টুনিষ্ট আৰু সাংবাদিক ৷
-
বুলন কুমাৰ শইকীয়া
বুলন কুমাৰ শইকীয়া (ইংৰাজী: Bulan Kumar Saikia; ১৯৭৬-২০২৪) অসমৰ এগৰাকী সাংবাদিক, ৰাজনৈতিক সমালোচক, নিৱন্ধকাৰ, কবি, ঔপন্যাসিক আৰু থলুৱা উদ্যোগী৷ অসমত “নাগৰিক সাংবাদিকতা”ক জনপ্ৰিয় কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল বুলন কুমাৰ শইকীয়া৷ ভূ -ৰাজনীতি আৰু উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যাক লৈ ৰচিত তেখেতৰ উপন্যাস দ্য…
-
সংগীতা বৰুৱা পিছাৰ'তি
সংগীতা বৰুৱা পিছাৰ'তি (Sangeeta Barooah Pisharoty) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক।
-
সবিতা গোস্বামী
সবিতা গোস্বামী (Sabita Goswami) আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক। সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল।