অৰূপ কুমাৰ দত্ত এজন ভাৰতীয় লেখক তথা সাংবাদিক। তেওঁ প্ৰাপ্ত বয়স্ক সকলৰ বাবে ১৬খন গ্ৰন্থ আৰু কিশোৰ-কিশোৰী সকলৰ বাবে ১৭খন অভিযান উপন্যাস ৰচনা কৰিছে। ২০১৪ চনত এছচিয়েছন অফ ৰাইটাৰছ আৰু ইলাষ্ট্ৰেটৰছ ফৰ চিল্ডৰেনে তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।১তেওঁ আন্তৰ্জাতিক শিশু বৰ্ষৰ বাবে প্ৰদান কৰা ১৯৭৯ চনৰ শংকৰ বঁটাৰ বাহিৰেও বহুতো বঁটা-পুৰস্কাৰ আদি লাভ কৰিছে।২ তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰদান কৰে।৩
ব্যক্তিগত জীৱন
১৯৪৬ চনৰ ২ জুলাইত যোৰহাটত অৰূপ কুমাৰ দত্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গিৰীশ দত্ত আৰু মাতৃ ইন্দিৰা দত্ত। ৮ বছৰ বয়সত তেওঁক হিমাচল প্ৰদেশৰ দা লৰেন্স স্কুলত নামভৰ্তি কৰোৱা হয়। তাৰ পৰা তেওঁ ১৯৬২ চনত চিনিয়ৰ কেম্ব্ৰিজ পৰীক্ষা উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামজাছ কলেজত নামভৰ্তি কৰে আৰু ১৯৬৬ চনত তাৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯৬৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
পঢ়া সামৰি তেওঁ অসমলৈ ঘূৰি আহে আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। অধ্যাপনাৰ সমসাময়িক ভাবে তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰ খনত প্ৰৱেশ কৰে আৰু নিয়মীয়াকৈ বিভিন্ন আলোচনী তথা বাতৰিকাকতত লিখিবলৈ লয়।৪
সাহিত্য কৰ্ম
- ইউনিকৰ্নিচ (১৯৯১)
- চাহ গৰম, দা টি ষ্টৰী (১৯৯১)
- নেচাৰ কুইজ বুক (১৯৯১)
- দা খঙীয়া বৰুৱাছ অফ ঠেঙাল (১৯৯৪)
- হেমাৰ ব্ল' (১৯৯৬)
- ইণ্ডিয়ান ৰেলৱেছ, দা ফাইনেল ফ্ৰণ্টিয়াৰ (২০০২)
- দা ৰভিং মিনিষ্ট্ৰেল (২০০২)
- জ্যোতি প্ৰসাদ, প্ৰিন্স অফ বিউটি (২০০৩)
- পথৰুঘাট (২০১০)
- দ্য আহোম (২০১৬)৫
কল্প-সাহিত্য
- কাজিৰঙা ট্ৰেইল (১৯৭৮)
- ট্ৰাবল এট কলঙিজান (১৯৮২)
- দা ব্লাইণ্ড ৱিটনেছ (১৯৮৩)
- এ ষ্টৰী এবাউট টি (১৯৮৫)
- দা লুৰ অফ ঝাংৰিলা (১৯৮৬)
- ৰিভেঞ্জ (১৯৮৬)
- স্মেক (১৯৯০)
- চেভ দা পুল (১৯৯০)
- অহ! ডিয়াৰ (১৯৯৭)
- দা ক্ৰিষ্টেল কেভ (১৯৯৭)
- ফুটপ্ৰিণ্টছ ইন দা চেণ্ড (১৯৯৯)
- দা কাউণ্টাৰফেইট ট্ৰেজাৰ (২০০১)
- এডভেণ্টচাৰ ষ্টৰীছ গোল্ডেন ছেট (২০০৩)
- দা বয় হু বিকাম কিং (২০০৪)
- দা অনাগৰিকাছ শ্বানচং (২০০৯)
- এডভেণ্টচাৰ অম্নীবাছ (২০১৪)
বঁটা আৰু সন্মান
- কাজিৰঙা ট্ৰেইল (১৯৭৮), ট্ৰাবল এট কলঙিজান (১৯৮২), দা ব্লাইণ্ড ৱিটনেছ (১৯৮৩) আৰু স্মেক (১৯৯০) গ্ৰন্থলৈ চিল্ডৰেন বুক ট্ৰাষ্টৰ চিল্ডৰেন বুক পুৰস্কাৰ।
- ১৯৭৯ চনত আন্তৰ্জাতিক শিশু বৰ্ষ উপলক্ষে প্ৰদান কৰা শংকৰ বঁটা
- জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাউণ্ডেচন বঁটা, ১৯৮২
- ৰিভেঞ্জ কিতাপৰ বাবে ১৯৮৭ চনৰ এনচিইআৰটি বেষ্ট বুক অফ দা ইয়াৰ বঁটা
- সাংবাদিকতাৰ বাবে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা, ২০০৪
- এছচিয়েছন অফ ৰাইটাৰছ আৰু ইলাষ্ট্ৰেটৰছ ফৰ চিল্ডৰেনৰ জীৱনজোৰা সাধনা বঁটা, ২০১৪
- ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা, ২০১৮৬
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট ডিগ্ৰী, ২০১৮
তথ্যসূত্ৰ
- ↑ Report of AWIC conference last Accessed July 1, 2016
- ↑ Telling Tales: Children's Literature in India, July 1, 2016
- ↑ (2018-01-25). Govt announces Padma Awards: Here are the winners · Latest News & Updates at Daily News & Analysis. dna
- ↑ Assam Association of North America Last Accessed July 1, 2016
- ↑ www.goodreads.com/author/list/131204.Arup_Kumar_ goodreads Books by Arup Kumar Dutta
- ↑ m.timesofindia.com/city/guwahati/padma-shri-hono
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰূপ কুমাৰ দত্ত” প্ৰবন্ধৰ সংশোধন ৫২২২১১ (৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।