অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিবাৰণ বৰা

নিবাৰণ বৰা (Nibaran Bora) অসমৰ এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, বক্তা, সমাজকৰ্মী শ্ৰমিক নেতা তথা কৃষক নেতা আছিল। তেওঁক কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়। তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল।

হালনাগাদ: ২৩ জুন ২০২৫ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

নিবাৰণ বৰা (Nibaran Bora) অসমৰ এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, বক্তা, সমাজকৰ্মী শ্ৰমিক নেতা তথা কৃষক নেতা আছিল। ১ তেওঁক কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়।২ তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল। অসম চুক্তিৰ যুক্তিযুক্ততা সম্পৰ্কে তেওঁ প্ৰশ্ন তুলিছিল আৰু আমৃত্যু এই চুক্তিক ভাৰতৰ সংবিধান বিৰোধী আৰু অসমীয়াৰ স্বাৰ্থৰ প্ৰতি বিশ্বাসঘাতকতা বুলি কৈছিল। ২

জন্ম আৰু বংশ পৰিচয়

নিবাৰণ বৰাৰ পিতৃ নাৰায়ণ বৰা ডিব্ৰুগড় জিলাৰ শান্তিপাৰা অঞ্চলৰ নিবাসী। মাক মাহিন্দ্ৰী বৰা। চাকৰিসূত্ৰে দেউতাক বাংলাদেশৰ ছিলেট জিলাৰ শ্ৰীমংগলমত থাকোঁতে তাতে ১৯২১ চনৰ ২৬ এপ্ৰিলৰ দিনা নিবাৰণ বৰাৰ জন্ম হয়। দেউতাক এগৰাকী পুলিচ বিষয়া আছিল। ১৯৩১ চনত তেখেতে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপে কাৰ্যনিবাহ কৰিছিল।৩ নলবাৰীত তেখেতে ছবছৰ কাৰ্যনিৰ্বাহ কৰিছিল।

শিক্ষা আৰু কৰ্মজীৱন

বৰাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা তেখেতে শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৩৮ চনত কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও পিছত কলিকতাৰ চেইণ্ট পল কলেজলৈ পঢ়িবলৈ যায়।৪ ১৯৪১ চনত পুনৰ কটনলৈ উভতি আহে।

দেউতাক পুলিচ বিষয়া আছিল বাবে ল’ৰা নিবাৰণকো দেউতাকে পুলিচত কাম কৰাটো বিচাৰিছিল। কিন্তু ত্যাগবীৰ হেম বৰুৱাৰ প্ৰভাৱত নিবাৰণ বৰাই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে।১ দেউতাকৰ লগত সংঘাত হয় আৰু বৰা লাহোৰলৈ গুচি যায়।১ তাত তেওঁ লাহোৰ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু সাংবাদিকতা বিষয়ত অধ্যয়ন আৰম্ভ কৰে৩ যদিও সেয়া সম্পূৰ্ণ নকৰাকৈ পুনৰ অসমলৈ ঘূৰি আহে। স্বাধীনতা সংগ্ৰামী ৰূপে জেললৈ যায় আৰু জেলৰ পৰা ওলাই শ্ৰমিক সংগঠনত নামে। শ্ৰমিক আন্দোলন, কৃষক আন্দোলন, গুৱাহাটী তেল শোধনাগাৰ আন্দোলন, অসমীয়া ভাষা আন্দোলন, ৰেলৱে ডিভিজন আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন আদিত তেখেতে অংশগ্ৰহণ কৰিছিল। ১

সাহিত্যক্ষেত্ৰলৈ বৰঙণি

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত নৱযুগ আলোচনীখনৰ যোগেদি নিবাৰণ বৰাই লেখক জীৱনৰ পাতনি মেলিছিল। অসম বাতৰি, নীলাচল (বাতৰি কাকত), নাগৰিক, অসম বাণী, সাদিন, বুধবাৰ, জনমত আদি কাকত-আলোচনীত তেখেতৰ প্ৰবন্ধ প্ৰকাশ হৈছিল।

প্ৰকাশিত গ্ৰন্থ

  1. লুকিং বেক
  2. স্বাধীন অসম সম্ভৱনে
  3. অপাৰেচন ব্ৰহ্মপুত্ৰ (গৱেষণামূলক গ্ৰন্থ)

ৰাজনৈতিক জীৱন

ছাত্ৰ নেতা তথা কংগ্ৰেছৰ ভলণ্টিয়াৰ ৰূপে ছাত্ৰাৱস্থাতাতে তেখেতৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়।

সৰ্বভাৰতীয় পৰ্যায়ত সমাজবাদী পাৰ্টি গঠনৰ সময়তে অসমত হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আদিৰ সৈতে নিবাৰণ বৰাই সমাজবাদী পাৰ্টিত যোগদান কৰে। ইয়াত তেওঁক ট্ৰেড ইউনিয়নৰ দায়িত্ব দিয়া হয়।

নিবাৰণ বৰা সৰ্বভাৰতীয় ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আছিল। ১৯৪৯ চনৰপৰা ১৯৫৫ চনৰ অক্টোবৰ মাহলৈকে নিবাৰণ বৰাই এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬২ চনত তেখেত এই ইউনিয়নৰ কাৰ্যবাহী সভাপতি হৈছিল।

ৰেল ইউনিয়নৰপৰা ওলাই আহি তেখেতে তেল শোধনাগাৰ আন্দোলনৰ সত্যাগ্ৰহ পৰিচালনা কৰে আৰু এই সত্যাগ্ৰহৰ ফলস্বৰূপে নুনমাটিত গুৱাহাটী তেল শোধনাগাৰ আৰু বঙাইগাঁৱত বঙাইগাঁও তেল শোধনাগাৰ স্থাপিত হয়।

১৯৬০ চনত তেখেত দলৰ সভাপতি আছিল। সেই সময়ত অসমীয়াৰ ওপৰত জোৰকৈ মাতৃভাষা ৰূপে হিন্দীভাষাক জাপি দিয়াৰ ৰাজনৈতিক অভিসন্ধি চলিছিল। ইয়াৰ প্ৰতিবাদত সমাজবাদী দলৰ আন্দোলনৰ ফলস্বৰূপে অসমীয়া ভাষাই ৰাজ্যভাষা ৰূপে স্বীকৃতি পায়।

১৯৬৬ চনত খাদ্য আন্দোলনত অন্যান্য নেতাৰে সৈতে নিবাৰণ বৰাই শিৱসাগৰ জেলত জেল খাটে। পুনৰ ১৯৭৬ চনত ইন্দিৰা গান্ধী চৰকাৰে প্ৰৱৰ্তন কৰা জৰুৰীকালিন সময়ত ৰাজনৈতিক বন্দীৰূপে কাৰাবাস বৰণ কৰে। ১৯৭৮ চনত পূৰ্বাঞ্চলীয় লোক পৰিষদ গঠন হয় আৰু বৰা ইয়াৰ সভাপতি নিৰ্বাচিত হয়। ইয়াৰ পিচতে তিনিচুকীয়া ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদ লগ লাগি অসম গণ সংগ্ৰাম পৰিষদ গঠন কৰে। গণ সংগ্ৰাম পৰিষদৰ পৰিচালনাত ছবছৰ জুৰি অসমত বিদেশী বহিষ্কৰণৰ আন্দোলন হয় যদিও এই আন্দোলন ফলপ্ৰসূ নহয়।

মৃত্যু

২০০৫ চনৰ ৬ জানুৱাৰী তাৰিখে গুৱাহাটীৰ খাৰঘূলিস্থিত বৰঠাকুৰ ক্লিনিকত চিৰ সংগ্ৰামী নিবাৰণ বৰাৰ দেহাৱসান ঘটে।

তথ্যসূত্ৰ

  1. ↑ প্ৰিয়ম বৰা. মহানায়ক নিবাৰণ বৰা. ভাস্কৰ কিৰণ. পৃ. ৭০ পৃষ্ঠা
  2. ↑ (৮ জানুৱাৰী, ২০0৫). মৃত্যুঞ্জয়ী নিবাৰণ বৰা. অসমীয়া প্ৰতিদিন
  3. ↑ অৰুন্ধতী দত্ত. (ডিচেম্বৰ, ২0১৪). আত্মজাৰ আত্মানুসন্ধান. আলিবাট. পৃ. ৩৭ পৃষ্ঠা
  4. ↑ ইন্দ্ৰেশ্বৰ গোস্বামী. (২২ আগষ্ট, ২০০৪). নিবাৰণ বৰা মানুহজনক আৰু তেখেতৰ কৰ্মৰাজিক মই যিভাবে জানো

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামীঅসমীয়া সাহিত্যিকঅসমৰ ব্যক্তিভাৰতৰ স্বাধীনতা সংগ্ৰামীঅসমৰ সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিবাৰণ বৰা” প্ৰবন্ধৰ সংশোধন ৫২০২৬১ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।