ফণী তালুকদাৰ (Phani Talukdar) অসমৰ এগৰাকী বিষয়া, সংবাদসেৱী, প্ৰবন্ধকাৰ, সাহিত্যিক, নাট্যকাৰ, অনুবাদক আৰু চলচ্চিত্ৰ পৰিচালক আছিল।
জন্ম
১৯২১ চনত বৰপেটা জিলাত তেওঁৰ জন্ম হয়।১
শিক্ষা
১৯৩৭ চনত বৰপেটাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা স্নাতক আৰু লক্ষণৌ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
চাকৰি জীৱন
তেওঁ শ্বিলং- গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কাৰ্য্যবাহী ৰূপে কৰ্মজীৱনৰ পাতনি মেলি ১৯৬৫ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰি দৈনিক অসমৰ সহকাৰী সম্পাদক আৰু অসম বাণী, অগ্ৰদূত, নৱগ্ৰহ আদি কাকতৰ সম্পাদক আৰু সাপ্তাহিক সময়ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩
সাহিত্যৰাজি
প্ৰকাশিত গ্ৰন্থ:
- আলোকৰ যাত্ৰী
- পৃথিৱীৰ প্ৰেম
- প্ৰমথেশ বৰুৱা
- অসম্পূৰ্ণ প্ৰথম ৰজা
- অঘৰী অৱতাৰ
বঁটা আৰু সন্মান
- সাহিত্য অকাডেমী বঁটা
- জ্যোতি চিত্ৰবন ৰ অধ্যক্ষ
- অসম নাট্য সন্মিলনৰ সভাপতি।৪
মৃত্যু
তেওঁ ১৯৯৮ চনত মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মেৰুৰ(সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মছৰুৰ (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯
- ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মছৰুৰ (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ ২০১৯
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মছৰুৰ (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফণী তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৪০৯১ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।