মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ-পূব ভাৰতৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।১ তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তাৰোপৰি তেওঁ ২০০২ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে তেওঁৰ মৃত্যু হয়৷২
প্ৰাৰম্ভিক জীৱন
১৯৩৮ চনৰ ১ নৱেম্বৰত কামৰূপ জিলাৰ হাজোত মধুৰাম বড়োৱে জন্মগ্ৰহণ কৰে।১ ১৯৫৫ চনত তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৫৭ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷২ ইয়াৰ পিছত তেওঁ ১৯৬৫ চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সাংস্কৃতিক নৃতত্ত্ব (কালচাৰেল এনথ্ৰ'প'লজি) বিষয়ত ডিপ্লমাৰ লগতে জাৰ্মান আৰু ফ্ৰেন্স ভাষা শিক্ষাৰ চাৰ্টিফিকেট লাভ কৰে৷
কৰ্মজীৱন
শিক্ষকতা
মধুৰাম বড়োৱে মনিয়াদি হাই মাদ্ৰাছাত সহকাৰী শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে৷ পৰৱৰ্ত্তী কালত তেওঁ ৰামদিয়া উচ্চ ইংৰাজী বিদ্যালয় আৰু হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ গুৱাহাটীৰ একে ইনটিউটতো সহঃ শিক্ষক হিচাপে আৰু ৰঙিয়া মধুকুছিৰ কছাৰী মহল হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষা বিভাগত যোগদান কৰে৷ ১৯৯৮ চনৰ ৩১ অক্টোবৰত মধুৰাম বড়োৱে বিশ্ববিদ্যালয়ৰ বড়ো ভাষাৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷১২
তাৰোপৰি মধুৰাম বড়োৱে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বড়ো ভাষাৰ পাঠ্যপুথি তথা স্নাতকোত্তৰ ডিগ্ৰী পৰ্য্যায়ৰ বাবে অন্যান্য পাঠ্যপুথি প্ৰণয়ন কৰিছিল৷১
সাংবাদিকতা
মধুৰাম বড়োৱে 'সংবাদ সাপ্তাহিক' নামৰ অসমীয়া, বড়ো, ইংৰাজী তথা উত্তৰ-পূবৰ অন্য কেইবাটাও ভাষাত প্ৰকাশিত এখন সাপ্তাহিকৰ সম্পাদনা কৰে৷ তাৰোপৰি তেওঁ অসমীয়া জনমত (সপ্তাহিক), নতুন দিন কাকতৰো সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷ ২০০৬ চনত তেওঁ আজি কাকতত সম্পাদক হিচাপে যোগদান কৰে৷১২
সাহিত্যচৰ্চা
মধুৰাম বড়োৱে ৭০ খন বড়ো, অসমীয়া তথা ইংৰাজী ভাষাৰ গ্ৰন্থ ৰচনা কৰা বুলি জনা যায়৷ তাৰোপৰি তেওঁ পাঁচখন বাতৰিকাকত, আলোচনী সম্পাদনা কৰে আৰু ৫০০ ৰো অধিক প্ৰবন্ধ প্ৰকাশ পাইছে৷২
মৃত্যু
২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে ৭৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী জীয়ৰীক এৰি যায়৷২১
অৱদান
বড়ো ভাষাত গ্ৰন্থ
- আবাউনি গামি (বড়ো উপন্যাস)২
- মুংখলুংনি হাংগামা (বড়ো কবিতা পুথি)
- বড়ো চল'বাথা
- হাড়িমু আৰু বড়ো হাৰিমু
- গেজেৰ ৰাওখান্থি
- গৌজৌৰাওখান্থি২
ইংৰাজী ভাষাত গ্ৰন্থ
- হাউ টু এডৰ্লি (কবিতা পুথি)
- দা ষ্ট্ৰাকছাৰ অৱ দা বড়ো লেংগুৱেজ
- দা ষ্ট্ৰাকছাৰ অৱ দা আছামিছ লেংগুৱেজ
- আছামিছ এণ্ড বড়ো
- দা হিষ্টৰিকেল ডেভেলপমেন্ট অৱ বড়ো লেংগুৱেজ
- দা হিষ্টৰী অৱ বড়ো লেংগুৱেজ১
অসমীয়া ভাষাত গ্ৰন্থ
- বড়ো লোক সাহিত্য
- বড়ো সাধুকথা
- বড়ো লোকগীত
- আইতাৰ শিশুগ্ৰাম২
বঁটা আৰু সন্মান
- ২০০২ চনৰ সাহিত্য অকেডেমিৰ 'ভাষা সন্মান'২৩
- ২০০২: অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন১
- ভাৰতীয় দলিত সাহিত্য অকেদেমিৰ ড° আম্বেদকাৰ সাহিত্য বঁটা২
তথ্যসূত্ৰ
- ↑ (২৪ মাৰ্চ, ২০১৪). 'আমাৰ অসম' কাকতত প্ৰকাশিত বাতৰি
- ↑ (২৪ মাৰ্চ, ২০১৪). 'দৈনিক জনমভূমি' কাকতত প্ৰকাশিত বাতৰি
- ↑ BHASHA SAMMAN AWARDEES. Sahitya Akademi, Govt. of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুৰাম বড়ো” প্ৰবন্ধৰ সংশোধন ৬৩০৬২৭ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।