অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুনীন বায়ন

মুনীন বায়ন অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, চিন্তাশীল লেখক, সাহিত্য সমালোচক তথা চলচ্চিত্ৰ সমালোচক। অসমৰ সমাজ-জীৱন, সাহিত্য, বিশ্ব ৰাজনীতি তথা সামাজিক দৰ্শনৰ ওপৰত কৰা মাৰ্গদৰ্শক আলোচনাৰ বাবে অসমীয়া বৌদ্ধিক মহলত তেওঁ বিশেষভাৱে পৰিচিত।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মুনীন বায়ন অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, চিন্তাশীল লেখক, সাহিত্য সমালোচক তথা চলচ্চিত্ৰ সমালোচক।১২ অসমৰ সমাজ-জীৱন, সাহিত্য, বিশ্ব ৰাজনীতি তথা সামাজিক দৰ্শনৰ ওপৰত কৰা মাৰ্গদৰ্শক আলোচনাৰ বাবে অসমীয়া বৌদ্ধিক মহলত তেওঁ বিশেষভাৱে পৰিচিত।১ তেওঁ প্ৰায় চাৰিটা দশক ধৰি অসমৰ সংবাদ জগতৰ লগতে অসমীয়া গদ্য সাহিত্য আৰু চলচ্চিত্ৰ-সমালোচনালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।১

কৰ্মজীৱন আৰু সাংবাদিকতা

মুনীন বায়নে ১৯৮৫ চনত আজিৰ সময় নামৰ পষেকীয়া আলোচনীখনৰ জৰিয়তে সাংবাদিকতা জীৱনৰ পাতনি মেলে।১ পৰৱৰ্তী সময়ত তেওঁ অসমৰ অগ্ৰণী বাতৰি কাকত যেনে— নতুন দৈনিক, দৈনিক অগ্ৰদূত আৰু দৈনিক অসমত বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল।১ বৃত্তিগতভাৱে সাংবাদিক হোৱাৰ সমান্তৰালকৈ তেওঁ চলচ্চিত্ৰ সমালোচনা আৰু সাহিত্য চৰ্চাৰ সৈতেও সক্ৰিয়ভাৱে জড়িত।২ অসমীয়া বিদ্বান মহলত বায়নক কেৱল এগৰাকী লেখক নহয়, এগৰাকী উৎকৃষ্ট পঢ়ুৱৈ ৰূপেও জনা যায়। অসমৰ প্ৰায়কেখন কাকত-আলোচনীত বায়ন ৰচিত বিভিন্ন গ্ৰন্থ-সমালোচনা প্ৰকাশ পাইছে।

সাহিত্য কৃতি

তেওঁ অসমীয়া চিন্তাশীল সাহিত্য সমৃদ্ধ কৰি কেইবাখনো তথ্যগধুৰ গ্ৰন্থ ৰচনা তথা সম্পাদনা কৰিছে। তেওঁৰ প্ৰকাশিত কিতাপসমূহৰ তালিকা তলত দিয়া হ’ল:১

প্ৰবন্ধ সংকলন আৰু গ্ৰন্থসমূহ

  • কিতাপ আৰু সংলাপ (১৯৯৯)
  • আণ্টনিঅ' গ্ৰামছি: জীৱন-সংগ্ৰাম-তত্ত্ব (২০০০)
  • জীৱনৰ স্বপ্ন দুৰ্নিবাৰ (২০০১)
  • সংঘৰ্ষ আৰু সংলাপ (২০২৪)
  • প্ৰজ্ঞাৰ যাতনা (২০২৪) — ভৱানী বুকচৰদ্বাৰা প্ৰকাশিত এই চিন্তাশীল প্ৰবন্ধ সংকলনখনৰ বাবে তেওঁক সাহিত্যিক স্বীকৃতি প্ৰদান কৰা হৈছে।১
  • চিনেমাৰ সুখ-দুখ (২০২৫)

সম্পাদিত গ্ৰন্থ

  • মধুপুৰৰ মধুকৰ শীলভদ্ৰ নিৰ্বাচিত গল্প (২০০০)
  • কথা বৰেণ্য ১০০: শোণিত বিজয় দাসৰ সৈতে যুটীয়াভাৱে সম্পাদিত এইখন অসমৰ এশগৰাকী বৰেণ্য ব্যক্তিৰ জীৱন আৰু কীৰ্তি সম্বলিত এক গুৰুত্বপূৰ্ণ গ্ৰন্থ।
  • ইয়াৰোপৰি তেওঁ বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইৰ ৰচনাৱলী সম্পাদনা কৰাৰ ক্ষেত্ৰতো ওতপ্ৰোতভাৱে জড়িত আছিল।

বঁটা আৰু সন্মান

অসমীয়া চিন্তাশীল সাহিত্য আৰু সমালোচনাক চহকী কৰাৰ বাবে মুনীন বায়নক তেওঁৰ প্ৰজ্ঞাৰ যাতনা গ্ৰন্থখনৰ বাবে ২০২৫ চনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰলৈ নিৰ্বাচিত কৰা হয়।১ গুৱাহাটীৰ বৌদ্ধিক দাতব্য ন্যাস নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।১

তথ্যসূত্ৰ

  1. ↑ (৩০ ডিচেম্বৰ ২০২৫). লেখক - সাংবাদিক মুনীন বায়নলৈ ধ্ৰুৱজ্যোতি বৰা সাহিত্য বঁটা... অসমীয়া প্ৰতিদিন
  2. ↑ (১৬ মাৰ্চ ২০২৫). ‘‘কবিতা থাকে মানে মানুহ মানুহ হৈ থাকিব’’; ‘কবিতাৰ ঈশান-নৈৰ্ঋত’ত সমীৰ তাঁতীৰ সৈতে মুনীন বায়ন. NORTHEAST NOW (Assamese)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমৰ সাংবাদিকসমালোচক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনীন বায়ন” প্ৰবন্ধৰ সংশোধন ৬৩৮২৭৬ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।