সূৰ্যকান্ত হাজৰিকা (জন্ম: ৩১ মে' ১৯৫৬) এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।১২ তেখেত বৰ্তমান সাহিত্য সভাৰ সভাপতি। ৩
জন্ম আৰু পৰিচয়
১৯৫৬ চনৰ ৩১ মে' তাৰিখে ডিব্ৰুগড়ত সূৰ্যকান্ত হাজৰিকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চন্দ্ৰকান্ত হাজৰিকা। চন্দ্ৰকান্ত হাজৰিকায়ে ১৯৪৯ চনত ডিব্ৰুগড়ত 'বাণী মন্দিৰ' নামৰ প্ৰকাশন গোষ্ঠী প্ৰতিষ্ঠা কৰিছিল। সূৰ্যকান্ত হাজৰিকায়ে ইভা হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিগৰাকী পুত্ৰ ক্ৰমে সুদীপ্ত, আদিত্য আৰু উদীপ্ত।
উল্লেখযোগ্য কৰ্মৰাজি
সাংবাদিকতা
- সম্পাদক: 'বহ্নিমান' (পষেকীয়া বাতৰি কাকত), ১৯৮০ চনৰ পৰা ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত
- সহকাৰী সম্পাদক আৰু প্ৰকাশক: 'প্ৰতিধ্বনি' (সাহিত্যিক পত্ৰিকা), ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত (১৯৮৬-৯০)
- প্ৰকাশক: 'নতুন দৈনিক' (বাতৰি কাকত), গুৱাহাটীৰ পৰা প্ৰকাশিত(১৯৮৮-২০০২)
- সম্পাদক: 'নতুন দৈনিক' (বাতৰি কাকত), গুৱাহাটী, ১৯৯৩-৯৪, ১৯৯৭-৯৮ আৰু ২০০০-২০০২
- সম্পাদক আৰু প্ৰকাশক: 'সন্ধ্যা বাতৰি' (সন্ধ্যাৰ বাতৰি কাকত), গুৱাহাটীৰ পৰা প্ৰকাশিত, ১৯৯০-২০০১
- সম্পাদক আৰু প্ৰকাশক: 'চিত্ৰ সংবাদ' (চিনে সাপ্তাহিক), গুৱাহাটীৰ পৰা প্ৰকাশিত, ১৯৯০-২০০২
- সম্পাদক আৰু প্ৰকাশক: 'খেল সংবাদ' (পষেকীয়া ক্ৰীড়া কাকত), ১৯৯৮ চনৰ পৰা গুৱাহাটীৰ পৰা প্ৰকাশিত
- সম্পাদক: 'অসম সাহিত্য সভা সংবাদ' অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত, যোৰহাট, গুৱাহাটী, ১৯৯২
- সম্পাদক: 'অসম সাহিত্য সভা পত্ৰিকা' (বিশ্বকোষ সংখ্যা) অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত, যোৰহাট, গুৱাহাটী, ২০০৩
তদুপৰি তেওঁ উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী 'বাণী মন্দিৰ'ৰ ব'ৰ্ড অফ মেনেজমেণ্টৰ অধ্যক্ষ। ১৯৮৮ চনৰ পৰা ২০০২ চনলৈ তেওঁ নতুন দৈনিক বাতৰি কাকত গোষ্ঠীৰ অধ্যক্ষ আৰু পৰিচালন নিৰ্দেশক আছিল।
প্ৰতিষ্ঠাপক আৰু প্ৰবন্ধক
- বাণী মন্দিৰ
- চন্দ্ৰকান্ত প্ৰেছ প্ৰাইভেট লিমিটেড
- নতুন দৈনিক গ্ৰুপ অফ নিউজপেপাৰছ
- এছ.এইচ. ফিল্ম প্ৰডাক্টচন চেণ্টাৰ
- এছ.এইচ. অডিঅ' প্ৰডাক্টচন চেণ্টাৰ
- এছ.এইচ.আৰ্ট চেণ্টাৰ৪
শিক্ষানুষ্ঠান
- চন্দ্ৰকান্ত হাজৰীকা বি এড কলেজ, ডিব্ৰুগড়, ১৯৯৫
- এছ. কে. হাজৰিকা মহাবিদ্যালয়, ১৯৯৮
- এছ. কে. হাজৰিকা কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়, ২০০১
সংস্কৃতিক অনুষ্ঠান
- এছ. কে. শৈক্ষিক ন্যাসৰ ন্যাসৰক্ষী
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰ্যবাহী সদস্য
- ভূপেন হাজৰিকা সংস্কৃতিক ন্যাসৰ ন্যাসৰক্ষী
- শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক সংস্কৃতিক কেন্দ্ৰৰ ন্যাসৰক্ষী৪
চলচ্চিত্ৰ
- শ্ৰীমন্ত শঙ্কৰদেৱ, ২০১০৪
দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক
- 'বৃকোদৰ বৰুৱাৰ বিয়া' (১৫ খণ্ড), ১৯৯৩
- 'নিৰ্মল ভকত' (৫ খণ্ড), ২০০৩
- 'ধন্য নৰ তনু ভাল' (৮ খণ্ড), ২০০৪
- 'তোৰে মোৰে আলোকৰে যাত্ৰা' (8 খণ্ড), ২০০৪
- 'অন্য প্ৰান্তৰ' (৮ খণ্ড), ২০০৪
- 'মহাৰথী' (৮ খণ্ড), ২০০৫
- 'নৈ বৈ যায়' (৫ খণ্ড), ২০১১৪
তথ্যচিত্ৰ
- 'নামঘৰে নামঘৰে', ১৯৯৬
- 'ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ', ১৯৯৯
- 'চিৰ চেনেহী ভাষা জননী', ২০০০
- 'মাতৃ আৰু শিশু স্বাস্থ্য যত্ন', ২০০১
- 'প্লেচেছ অৱ টুৰিষ্ট ইণ্টাৰেষ্ট ইন অসম', ২০০২
- 'ইন চাৰ্চ অফ লষ্ট চিটি অফ প্ৰাগজ্যোতিষপুৰ', ২০০২
- 'মাজুলীঃ দা লাৰজেষ্ট ৰিভাৰ আইলেণ্ড অফ দা ৱৰ্ল্ড', ২০০৩
- 'জ্যোতি প্ৰসাদ', ২০০৩
- 'বহুতৰ মাজত একত্ব', ২০০৩
- 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা', ২০০৬
- 'বিহংগম দৃষ্টিত বিষ্ণু প্ৰসাদ ৰাভা', ২০০৭
- 'ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা', ২০০৮
- 'কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা', ২০০৮
- 'বিহংগম দৃষ্টিত ড॰ ভূপেন হাজৰিকা', ২০১০
- 'ড॰ ভূপেন হাজৰিকা: এ লিভিং লেজেণ্ড', ২০১০
- 'শ্ৰী শ্ৰী শংকৰদেৱ আৰু বৃন্দাবনী বস্ত্ৰ', ২০১০
- 'একতাৰ এনাজৰী: বিহু
- 'মিলন আৰু সমন্বয়ৰ প্ৰতীক: ব্ৰহ্মপুত্ৰ'
- 'একতাৰ দোল: বসন্ত উৎসৱ'
- 'বস্ত্ৰ অলংকাৰ সমন্বয়'
- 'ধৰ্মত সমন্বয়'
- 'সত্ৰীয়া সংস্কৃতিত জনগোষ্ঠীৰ অৱদান'
- 'বৰাক উপত্যকাত সমন্বয়ৰ মিলন সেতু'
- 'ডিমাছা, উত্তৰ কাছাৰ আৰু অন্য পাহাৰীয়া গোষ্ঠীৰ সমন্বয় প্ৰীতি'
- 'টাৰ্ণিং ফৰ্ম স্কাৰছ ইনটু ষ্টাৰ', ১৯৯৯
- 'গ্ৰাম্য উন্নয়নত মহিলা অৰু শিশু', ২০০২
- 'জৱাহৰ ৰোজগাৰ যোজনা', ২০০২৪
বঁটা, সন্মান, পুৰস্কাৰ আদি
তেখেতক ভাৰত চৰকাৰে ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল। তেখেত ২০২২ চনৰ ২৪ ডিচেম্বৰত ২০২৩ চনৰ নাৰায়ণপুৰ অধিৱেশনৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ৫
তথ্যসূত্ৰ
- ↑ Previous Padma Awardees. Padma Awards, Ministry of Home Affairs, Government of India
- ↑ 119 get Padma awards. Hindustan Times
- ↑ Dr Surjya Hazarika Elected New President of Asam Sahitya Sabha. প্ৰতিদিন টাইম
- ↑ Director Surjya Kanta Hazarika's profile. Srimanta Sankardeva Films
- ↑ Dr Surjya Hazarika Elected New President of Asam Sahitya Sabha. প্ৰতিদিন টাইম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্যকান্ত হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৮১ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।