এছ বি দেওৰা মহাবিদ্যালয় (S B Deorah college ) ভাৰত ৰ ৰাজ্য, অসম ৰ গুৱাহাটী মহাবিদ্যালয়খন ১৯৮৪ চনৰ ৯ ছেপ্টেম্বৰত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয় ৰ অন্তৰ্ভুক্ত। মহানগৰৰ জি এছ ৰোড, উলুবাৰীত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। পূৰ্বৰ উলুবাৰী মহাবিদ্যালয়খন ১৯৮৯ চনৰ ৪ নৱেম্বৰৰ পৰা এছ বি দেওৰা মহাবিদ্যালয় হিচাপে নামকৰণ কৰা হয়।
ইতিহাস
শ্ৰীনিৱাস বাসুদেৱ দেওৰা মহাবিদ্যালয়ৰ চমুকৈ এছ বি দেওৰা মহাবিদ্যালয়খন গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ উলুবাৰীত অৱস্থিত। পূৰ্বতে এই শিক্ষানুষ্ঠানখনৰ নাম উলুবাৰী মহাবিদ্যালয় আছিল।
এই শিক্ষানুষ্ঠানখন ১৯৮৪ চনৰ ৯ ছেপ্টেম্বৰৰ সন্ধিয়া উলুবাৰী হাইস্কুৰ চৌহদত ৭৫জন ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা হৈছিল। উলুবাৰী অঞ্চলৰ কেইগৰাকীমান শিক্ষা সচেতন ব্যক্তিৰ কষ্টকৰ প্ৰচেষ্টাত ১৯৮৪ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক প্ৰয়াত চিদানন্দ দাস মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। ১৯৮৭ চনৰ ৯ ছেপ্টেম্বৰ তাৰিখৰ পৰা মহাবিদ্যালয়খনে অস্থায়ীভাৱে অসম আৰ্হিৰ চালি এখনৰ তলত পাঠদান কাৰ্য আৰম্ভ কৰে আৰু সেই বছৰতে মহাবিদ্যালয়খন ডিগ্ৰী পৰ্যায়লৈকে উন্নীত কৰা হয়। ১৯৮৯ চনৰ ৪ নৱেম্বৰ তাৰিখে এখন ৰাজহুৱা সভাত মহাবিদ্যালয়খনৰ প্ৰশাসনীয়, বিদ্যায়তনিক আৰু সহঃ বিদ্যায়তনিক কাম-কাজৰ বাবে ৯০০০ বৰ্গফুট এলেকা সামৰি এটা দুমহলীয়া ভৱন নিৰ্মাণৰ দায়িত্ব শ্ৰীনিৱাস বাসুদেৱ দেওৰা দাতব্য ন্যাসক প্ৰদান কৰা হয় আৰু ন্যাসে মহাবিদ্যালয় খনৰ ভৱন সহিতে আন্তঃগাঁথনি নিৰ্মাণ সম্পূৰ্ণ কৰে। উলুবাৰী মহাবিদ্যালয় কৰ্তৃপক্ষই শ্ৰীনিৱাস বাসুদেৱ দেওৰা ন্যাসৰ মহাবিদ্যালয়খনক দিয়া অৱদানৰ স্বীকৃতি দিবৰ বাবে উলুবাৰী মহাবিদ্যালয়খন শ্ৰীনিৱাস বাসুদেৱ দেওৰা চমুকৈ এছ বি দেওৰা মহাবিদ্যালয় হিচাপে নামকৰণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়খন ১৯৯৬ চনৰ ১১ জানুৱাৰী তাৰিখে অসম চৰকাৰৰ গ্ৰাণ্ট-ইন-এইড আঁচনিত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০০৫ চনত মহাবিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগ, ১৯৫৬ 12(f)&12(B) ধাৰাৰ অধীনত বিশ্ববিদ্যালয় অনুদান আয়োগ১২ ৰ স্থায়ী পঞ্জীয়ন লাভ কৰে। ১৯৮৪ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে কলা আৰু বাণিজ্য শাখাত শিক্ষা প্ৰদান কৰি আছিল আৰু ২০১৮ চনৰ পৰা মহাবিদ্যালয়খনত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হয়। বৰ্তমান কলা বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে স্নাতক ডিগ্ৰী আৰু বি. বি. এ. (Bachelor of Business Administration) আৰু বি. চি. এ. (Bachelor of Computer Applications) ডিগ্ৰী প্ৰদান কৰা হয়। মহাবিদ্যালয়খনে নাক ৰ বি গ্ৰেড লাভ কৰিছে৩।

শিক্ষা
মহাবিদ্যালয়খনত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ লগতে বি. বি. এ. (BBA) আৰু বি.চি.এ.(BCA) ডিগ্ৰী প্ৰদান কৰা হয়।
বিভাগসমূহ
- অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিভাগ
- ইংৰাজী ভাষা বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- ইতিহাস বিভাগ
- শিক্ষা বিভাগ
- অৰ্থনীতি বিভাগ
- দৰ্শন বিভাগ
- পৰিৱেশ বিজ্ঞান বিভাগ
- উদ্ভিদবিজ্ঞান বিভাগ
- ৰসায়ন বিজ্ঞান বিভাগ
- গণিত বিভাগ
- পদাৰ্থ বিজ্ঞান বিভাগ
- পৰিসংখ্যা বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
- বাণিজ্য শাখা (self financing )
অধ্যক্ষৰ তালিকা
১৯৮৪ চনৰ পৰা ২০২৪ চনলৈ মুঠ ৮ গৰাকী অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে।
| ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
|---|---|---|
| ১ | শ্ৰী যোগেশ দাস | ০১/১০/১৯৮৪ - ৩১/১২/১৯৮৫ |
| ২ | শ্ৰী লক্ষ্মীকান্ত বৰ্মন (ভাৰপ্ৰাপ্ত) | ৩১/০৭/১৯৮৬ -৩০/০৬/১৯৮৬ |
| ৩ | শ্ৰী বংশীধৰ দাস | ০১/০৭/১৯৮৬- ৩১/০৫/১৯৯৩ |
| ৪ | ড৽ অনিল চন্দ্ৰ শৰ্মা | ০১/০৬/১৯৯৩ - ২৯/০২/১৯৯৬ |
| ৫ | ড৽ শেৱালী মহন্ত (ভাৰপ্ৰাপ্ত) | i. ০১/০৩/১৯৯৬ - ০৪/০৯/১৯৯৭ ii. ০১/০৭/২০০৩ - ২০/০৫/২০০৪ iii. ০১/০৪/২০১০ - ১২/০১/২০১২ |
| ৬ | ড৽ অমুল্য চৌধুৰী | ০৪/০৯/১৯৯৭ - ০৩/০৬/২০০৩ |
| ৭ | ড৽ ৰজনী কান্ত দাস | ২১/০৫/২০০৪ - ৩১/০৭/২০১০ |
| ৮ | ড৽ ধৰ্মেন্দ্ৰ নাথ | ১৩/০১/২০১০ - বৰ্তমানলৈ |
তথ্যসূত্ৰ
- ↑ Affiliated Colleges. Gauhati University
- ↑ Provincialised colleges affiliated to Gauhati University. Directorate of Higher Education
- ↑ Prospectus,S. B. Deorah college, Chapter 5,2024-2025
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ বি দেওৰা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১০৪২২ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।