হাৰ্হি মহাবিদ্যালয় ( Harhi College) ১৯৯৬ চনত ঢকুৱাখনা মহকুমাৰ হাৰ্হি অঞ্চলত চাৰিকড়ীয়া নদীৰ কাষৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড০ মানস জ্যোতি নেওগ। ঢকুৱাখনা চহৰৰ পৰা পূৱে ছয় কিল’মিটাৰ দূৰত্বত ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তত অৱস্থিত এই মহাবিদ্যালয়খনে সেই অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ উচ্চ শিক্ষাৰ বাবে এক উপযুক্ত সমিধান হিচাপে থিয় দিছে।
ইতিহাস
মাত্ৰ কেইজনমান ছাত্ৰ আৰু শিক্ষকক লৈ আৰম্ভ হোৱা হাৰ্হি মহাবিদ্যালয়ে ২০০০ চনত অসম চৰকাৰৰ এন অ চি লাভ কৰে। ২০১০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰ স্থায়ী অন্তৰ্ভুক্তিকৰণ লাভ কৰাৰ পাছত বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)ৰ ২(এফ) আৰু ১২(বি) আঁচনিৰ অধীনত স্বীকৃতি লাভ কৰে। ২০১৩ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ দ্বাৰা প্ৰাদেশীকৃত হয়।১
ঠিকনা
হাৰ্হি মহাবিদ্যালয়
পোষ্ট অফিচ- গোবিন্দপুৰ ঢকুৱাখনা ৭৮৭০৫৫
জিলা-লখিমপুৰ জিলা
সুবিধা
মহাবিদ্যালয়খনত কলা শাখাৰ স্নাতক শ্ৰেণীৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ব্যৱস্থা আছে। সৰ্বমুঠ ১২০০ ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা ৩৪ জন। তাৰোপৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ মুকলি বিদ্যালয় ধাৰণাৰ অধীনত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ পাঠ্যক্ৰমৰ অধীনত মহাবিদ্যালয়খনত আন ২০০ ছাত্ৰ ছাত্ৰীৰ তথ্যও পোৱা যায়।
আবাস
মহাবিদ্যালয়খনত পৃথককৈ এটা ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ ব্যৱস্থা আছে। তাৰোপৰি মহাবিদ্যালয় চৌহদতে শিক্ষক তথা কৰ্মচাৰীৰ বাবে সুকীয়া আবাসৰ ব্যৱস্থাও উপলব্ধ।
গ্ৰন্থাগাৰ
স্বৰ্গীয় অম্বেশ্বৰ দত্ত বৰাৰ স্মৃতিত মহাবিদ্যালয়খনত এটি সুন্দৰ গ্ৰন্থাগাৰৰ ব্যৱস্থা আছে য’ত প্ৰায় ২৫০০০ ৰো অধিক গ্ৰন্থ উপলব্ধ। তাৰোপৰি প্ৰত্যেকটো বিভাগৰ নিজা নিজা বিভাগীয় পুথিভঁৰালৰ ব্যৱস্থাও আছে।
বহিঃ আৰু আভ্যন্তৰীণ ক্ৰীড়া
মহাবিদ্যালয়খনত সুকীয়াকৈ খেলপথাৰ তথা ইনডৰ ষ্টেডিয়ামৰ সুবিধা আছে।২
- এন এছ এছ
- কম্পিউটাৰ আৰু ইণ্টাৰনেট
- পৰীক্ষাগাৰ
- কেণ্টিন ইত্যাদি
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্হি মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৯৮ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।