বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৭ চনত অসমৰ শ্ৰীভূমি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনৰ ২ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰে। ১ মহাবিদ্যালয়খন শ্ৰীভূমি জিলাৰ নিৰালা নামৰ ঠাইত অৱস্থিত।২
মহাবিদ্যালয় খনে ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক (Computer Science and Engineering) আৰু অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক (Electronics and Telecommunication Engineering) বিভাগত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়োৱা আৰম্ভ কৰে। ২০২০ চনত মহাবিদ্যালয় খনে অসামৰিক অভিযান্ত্ৰিকী আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰে।৩ ৪ মহাবিদ্যালয় খন ''সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ (All India Council for Technical Education) (AICTE) স্বীকৃৰ্তি প্ৰাপ্ত।
এইখন অসমৰ পঞ্চম খন ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বৰাক উপত্যকাৰ প্ৰথমখন।
শিক্ষা
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক (Computer Science and Engineering), অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক (Electronics and Telecommunication Engineering), অসামৰিক অভিযান্ত্ৰিকী আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়।
| বিভাগ | সময় | আসন |
|---|---|---|
| কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
| অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
| অসামৰিক অভিযান্ত্ৰিকী | ৪ বছৰ | ৬০ |
| মেকানিকেল ইঞ্জিনিয়াৰিং | ৪ বছৰ | ৬০ |
নামভৰ্তি
- স্নাতক শ্ৰেণীৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুস্থিত কৰা অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ বাচনি কৰা হয়।
২০১৭ চনত এই পৰীক্ষা অসমৰ প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰে।
- অভিযান্ত্ৰিক শিক্ষাৰ ডিপ্লোমা প্ৰাপ্ত শিক্ষাৰ্থীয়ে স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰিবলৈ অসম প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰা সংযুক্ত পাৰ্শ্বিয় প্ৰৱেশ পৰীক্ষাৰ (Joint Lateral Entrance Examination) (JLEE) দ্বাৰা নামভৰ্তি কৰিব পাৰে।
তথ্যসূত্ৰ
- ↑ Foundation stone
- ↑ About Us. Barak Valley Engineering College
- ↑ DEPARTMENT OF CIVIL ENGINEERING. Barak Valley Engineering College
- ↑ DEPARTMENT OF MECHANICAL ENGINEERING. Barak Valley Engineering College
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১৭০২৪ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।