অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

টেঙাখাত মহাবিদ্যালয়

১৯৬৭ চনত স্থাপিত টেঙাখাত মহাবিদ্যালয়খন অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত ত অৱস্থিত এখন মেজৰ আৰু সাধাৰণ ডিগ্ৰী মহাবিদ্যালয় ৷ এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ৷ এই টেঙাখাত মহাবিদ্যালয়ে স্থাপিত কালৰে পৰা টেঙাখাত অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰ্ণি ভুমিকা পালন কৰি আহিছে।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

১৯৬৭ চনত স্থাপিত টেঙাখাত মহাবিদ্যালয়খন অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত ত অৱস্থিত এখন মেজৰ আৰু সাধাৰণ ডিগ্ৰী মহাবিদ্যালয় ৷ এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ৷ ১ এই টেঙাখাত মহাবিদ্যালয়ে স্থাপিত কালৰে পৰা টেঙাখাত অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰ্ণি ভুমিকা পালন কৰি আহিছে।

টেঙাখাত মহাবিদ্যালয়ৰ বিষয়ে

টেঙাখাত মহাবিদ্যালয়খন ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পূবে আৰু দুলীয়াজান তেল চহৰৰ পৰা ১৭ কিলোমিটাৰ পশ্চিমে টেঙাখাতত অৱস্থিত। টেঙাখাতৰ কেইজনমান আগশাৰীৰ শিক্ষাবিদ আৰু সমাজকৰ্মীৰ উদ্যোগত এই মহাবিদ্যালয়খন ১৯৬৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয়খনক ১৯৮৬ চনত ডেফিচিট গ্ৰান্ট-ইন-এইড ব্যৱস্থাৰ অধীনলৈ অনা হয় আৰু ২০০৭ চনত UGC ৰ ২(f) আৰু ১২(B) ধাৰাৰ অধীনত স্বীকৃতি লাভ কৰে। স্থানীয় আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁও তথা চাহ বাগিচাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনে ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম চক্ৰত NAAC ৰ পৰা "গ্ৰেড বি" স্বীকৃতি লাভ কৰিছিল। ২০১৬ চনৰ নৱেম্বৰ মাহত দ্বিতীয় চক্ৰত NAAC ৰ পৰা গ্ৰেড বি++ (CGPA ২.৮৭) স্বীকৃতি লাভ কৰে।২

আগবঢ়োৱা পাঠ্যক্ৰমসমূহ

টেঙাখাত মহাবিদ্যালয়ত কলা আৰু বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে কলা, বাণিজ্য আৰু বৃত্তিমুখী শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University
  2. ↑ www.tengakhatcollege.edu.in/

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেঙাখাত মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৬২ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।