অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নিৰ্মল হালৈ মহাবিদ্যালয় পাটাছাৰকুছি

নিৰ্মল হালৈ মহাবিদ্যালয় (Nirmal Haloi College) অসমৰ বজালী জিলাৰ পাটাছাৰকুছিত অৱস্থিত এখন উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।

হালনাগাদ: ১৪ জুলাই ২০২৬ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

নিৰ্মল হালৈ মহাবিদ্যালয় (Nirmal Haloi College) অসমৰ বজালী জিলাৰ পাটাছাৰকুছিত অৱস্থিত এখন উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।১

ইতিহাস

১৯৭৯ চনৰ জুলাই মাহত ৩০ তাৰিখে প্ৰয়াত ড° হোমশ্বৰ দেৱ চৌধুৰী, প্ৰয়াত অধ্যাপক ৰাজনী কান্ত শৰ্মা, প্ৰয়াত উমেশ চন্দ্ৰ দেৱ চৌধুৰী, প্ৰয়াত যোগেশ্বৰ গোস্বামী, প্ৰয়াত জিতেন্দ্ৰ নাথ শৰ্মা, মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আৰু অগণন ব্যক্তিৰ দূৰদৰ্শী চিন্তা আৰু অক্লান্ত প্ৰচেষ্টাত ফলত নিৰ্মল হালৈ মহাবিদ্যালয় প্ৰতিষ্ঠা লাভ কৰে। মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত ‘প্ৰাগজ্যোতি মহাবিদ্যালয়’ নামেৰে পৰিচিত আছিল। পাটাছাৰকুছি অঞ্চলৰ আটাইতকৈ পুৰণি ক্ৰীড়া আৰু সামাজিক-সাংস্কৃতিক সংগঠন ‘প্ৰচ্চ্য সংঘ’ই মহাবিদ্যালয়খনৰ সকলো প্ৰশাসনিক আৰু শৈক্ষিক কাম-কাজৰ বাবে সমগ্ৰ ব্যৱস্থা গ্ৰহণ কৰি দূৰদৰ্শীসকলৰ সপোনক বাস্তৱত পৰিণত কৰে। বজালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ এগৰাকী বিশিষ্ট শিক্ষক প্ৰয়াত কৃষ্ণ গোস্বামী প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

৫২ জন ল’ৰা-ছোৱালীৰে গঠিত প্ৰথমটো বেচৰ ছাত্ৰ-ছাত্ৰীক ৩০/০৭/১৯৭৯ তাৰিখে প্ৰি-ইউনিভাৰ্চিটি(পিইউ, এতিয়া এইচ এছ) শ্ৰেণীত নামভৰ্তি কৰা হয়। ১৯৮৫ চনত ৩২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২০ জন ল’ৰা আৰু ১২ জন ছোৱালীৰে স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ১৯৮৮ চনত স্নাতক প্ৰথমটো বেচ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ২০১৭ চনত মেজৰ পাঠ্যক্ৰমৰ সৈতে বাণিজ্য শাখাৰ বিভিন্ন বিষয়ৰ পাঠদান আৰম্ভ হয়।

স্বীকৃতি

১৯৯৬ চনৰ ১১ জানুৱাৰীত কলেজ গ্ৰাণ্টছ-ইন-এইড ব্যৱস্থাৰ অধীনত আহে। ২০০৫ চনত অসম মহাবিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ অধীনত অহা মহাবিদ্যালয়খন ২০০৭ চনৰ নৱেম্বৰ মাহত ইউজিচিৰ ২(চি) আৰু ১২(বি)ৰ অধীনত মান্যতা প্ৰদান কৰে। এন এ এ চিয়ে ২০১৬ চনত দ্বিতীয় চক্ৰৰ স্বীকৃতিত মহাবিদ্যালয়খনক পুনৰ মূল্যায়ন কৰি “বি” গ্ৰেড স্বীকৃতি প্ৰদান কৰে। বৰ্তমান প্ৰায় ১৩০০ ছাত্ৰ-ছাত্ৰীয়ে স্নাতক পৰ্যায়ত শিক্ষা গ্ৰহণ কৰি আছে।

পাঠ্যক্ৰমসমূহ

নিৰ্মল হালৈ মহাবিদ্যালয় স্নাতক পৰ্যায়ত কলা আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰম আগবঢ়ায়। নিৰ্মল হালৈ মহাবিদ্যালয় স্নাতক শাখা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।২৩

বিভাগসমূহ

কলা

বাণিজ্য

  • ফাইনেন্স
  • একাউণ্টেন্সি
  • মেনেজমেণ্ট

মহাবিদ্যালয়ৰ সা-সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • অভিজ্ঞ শিক্ষক
  • দূৰশিক্ষা কেন্দ্ৰ (KKHSOU,GUCDOE)
  • এন. এছ. এছ.
  • মনোবৈজ্ঞানিক পৰীক্ষাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং, গাইডেন্স
  • খেলপথাৰ

ঠিকনা

পাটাছাৰকুছি পো.অ.:-পাটাছাৰকুছি, থানা:-পাটাছাৰকুছি, জিলা:- বজালী,অসম ই.মেইল:-nhcollege.pkc@rediffmail.com

তথ্যসূত্ৰ

  1. ↑ Nirmal Haloi college. Shiksha.com
  2. ↑ Nirmal Haloi college. Careers360
  3. ↑ Educationa exclusive. N H College

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহবজালী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মল হালৈ মহাবিদ্যালয় পাটাছাৰকুছি” প্ৰবন্ধৰ সংশোধন ৬১৭১১৩ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।