অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

প্ৰমথেশ বৰুৱা মহাবিদ্যালয়

প্ৰমথেশ বৰুৱা মহাবিদ্যালয় (Pramathesh Barua College) ১৯৬৪ চনৰ ১ জুনত প্ৰতিষ্ঠা হোৱা অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন ধুবুৰী জিলাৰ গৌৰীপুৰত অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰমথেশ বৰুৱা মহাবিদ্যালয় (Pramathesh Barua College) ১৯৬৪ চনৰ ১ জুনত প্ৰতিষ্ঠা হোৱা অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন ধুবুৰী জিলাৰ গৌৰীপুৰত অৱস্থিত। প্ৰমথেশ চন্দ্ৰ বৰুৱা, ড° বীৰেন্দ্ৰনাথ দত্ত, ড° কৃষ্ণ কুমাৰ বৰা, অধ্যাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, অধ্যাপক গঙ্গা শংকৰ পাণ্ডে, ড° অচিত কুমাৰ দাস আদিৰ দৰে শৈক্ষিক প্ৰশাসকৰ অধীনত মহাবিদ্যালয়খনে অগ্ৰগতি লাভ কৰে। আৰম্ভণিতে মহাবিদ্যালয়খন অঞ্চলটোৰ জনসাধাৰণৰ সহযোগিতাৰ লগতে গৌৰীপুৰৰ জমিদাৰ পৰিয়ালৰ আৰ্থিক সহযোগিতাৰে আৰম্ভ হৈছিল। এই সহ-শিক্ষামূলক উচ্চ শিক্ষানুষ্ঠানখন পৰৱৰ্তী সময়ত চৰকাৰে গ্ৰহণ কৰে। ১৯৬৯ চনত ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে স্থায়ী সংযোগ লাভ কৰে।১ ২

ইতিহাস

১৯৬৪ চনত প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খন প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ স্মৃতিত নামাকৰণ কৰা হৈছে।

পাঠ্যক্ৰম

প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ে কলা আৰু বাণিজ্য দুয়োটা শাখাতে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰম প্ৰদান কৰে। তদুপৰি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগে Add on courseৰ পাঠ্যক্ৰম প্ৰদান কৰে। যেনে-

মহাবিদ্যালয়ত নিৰ্মিত প্ৰমথেশ বৰুৱাৰ প্ৰতিমূৰ্তি
মহাবিদ্যালয়ত নিৰ্মিত প্ৰমথেশ বৰুৱাৰ প্ৰতিমূৰ্তিছবি: Hemchandra Mili, Dergaon · CC0

Certificate Course on Terracotta Tradition (Assamese)

  1. Certificate Course on Life Skill (Commerce)
  2. Certificate Course on Rural Development (Economocis)
  3. Certificate Course on Spoken English (English)
  4. Certificate Course on Importance of Voting (Political Science)
  5. Certificate Course on Yoga (Individual Course)
  6. Certificate Course on Written English (Individual Course) ৩

অধ্যক্ষসকলৰ তালিকা

+ অধ্যক্ষসকলৰ তালিকা (১৯৬৪-২০২৬)
ক্ৰমিক নংঅধ্যক্ষৰ নামকাৰ্যকাল (পৰা)কাৰ্যকাল (লৈ)
১ড৹ বীৰেন্দ্ৰনাথ দত্ত১৯৬৪১৯৬৬
২শ্ৰী ৰুক্মিণী কান্ত ৰয়১৯৬৬১৯৭৫
৩শ্ৰী কৃষ্ণ কুমাৰ বৰা২৯/০৫/১৯৭৫১৯/১১/১৯৭৮
৪শ্ৰী জয়ন্ত কুমাৰ চক্ৰৱৰ্তী২০/১১/১৯৭৮৩০/০৬/১৯৮৮
৫শ্ৰী গজানন প্ৰসাদ কানু০১/০৭/১৯৮৮৩০/০৯/১৯৯৬
৬শ্ৰী গংগা শংকৰ পাণ্ডে০১/১০/১৯৯৬৩১/০১/২০০১
৭শ্ৰীমতী স্বাতী দাসগুপ্ত (ভাৰপ্ৰাপ্ত)০১/০২/২০০১৩০/১১/২০০২
৮এ. এম. এমডি. উমাৰ (ভাৰপ্ৰাপ্ত)০১/১২/২০০২৩০/০৪/২০০৩
৯গুলজাৰ আলি শ্বেখ (ভাৰপ্ৰাপ্ত)০১/০৫/২০০৩১৭/০৪/২০০৪
১০শ্ৰীযুতা ৰেবা বৰুৱা (ভাৰপ্ৰাপ্ত)১৮/০৪/২০০৪০২/১১/২০০৪
১১ড৹ কে. এন. চৌধুৰী০৩/১১/২০০৪৩১/০১/২০১১
১২শ্ৰী ঘন কান্ত দাস (ভাৰপ্ৰাপ্ত)০১/০২/২০১১০২/০২/২০১২
১৩ড৹ অচিত কুমাৰ দাস০৩/০২/২০১২০৭/০৮/২০১৩
১৪শ্ৰী ঘন কান্ত দাস (ভাৰপ্ৰাপ্ত)০৮/০৮/২০১৩০৬/০৮/২০১৬
১৫ড৹ অচিত কুমাৰ দাস০৭/০৮/২০১৬৩০/০৪/২০১৮
১৬ড৹ আব্দুল হানিফ তালুকদাৰ (ভাৰপ্ৰাপ্ত)০১/০৫/২০১৮৩১/০১/২০২১
১৭শ্ৰী মানচুৰ আলি সৰকাৰ (ভাৰপ্ৰাপ্ত)০১/০২/২০২১৩০/১১/২০২১
১৮মফিজুৰ ৰহমান যোদ্ধাৰ (ভাৰপ্ৰাপ্ত)০১/১২/২০২১১৫/০৫/২০২৩
১৯ড৹ কল্যান দাস১৬/০৫/২০২৩বৰ্তমানলৈকে

৪

বিভাগ

মহাবিদ্যালয়খনত বৰ্তমান মুঠ ১৫ টা বিভাগ আছে।কলা শাখাত ১৩ টা বিভাগ আৰু বাণিজ্য শাখাত ৩ টা বিভাগ আছে।৫

কলা শাখা

  1. অসমীয়া বিভাগ
  2. ইংৰাজী বিভাগ
  3. সংস্কৃত বিভাগ
  4. বাংলা বিভাগ
  5. ইতিহাস বিভাগ
  6. ৰাজনীতি বিজ্ঞান বিভাগ
  7. অৰ্থনীতি বিভাগ
  8. দৰ্শন বিভাগ
  9. শিক্ষা বিভাগ
  10. হিন্দী বিভাগ
  11. গণিত বিভাগ
  12. আৰবী বিভাগ

বাণিজ্য শাখা

  1. বিত্তীয় বিভাগ
  2. হিচাপ বিজ্ঞান বিভাগ
  3. বিত্তীয় ব্যৱস্থাপনা বিভাগ

বিভাগসমূহৰ পৰিচয়

১। অসমীয়া:

মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ সমান্তৰালভাৱে ১৯৬৪ চনতে অসমীয়া বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল। বিভাগটোৱে কলা (১৯৬৪) আৰু বণিজ্য (১৯৭৯) দুয়োটা শাখাত উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী পাঠ্যক্ৰম প্ৰদান কৰে। ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া বিষয়ত সন্মান পাঠ্যক্ৰম আৰম্ভ হয়।

প্ৰাক্তন অধ্যাপক-অধ্যাপিকা

  • সাবিত্ৰী চৌধুৰী (১৯৬৪-৬৫)
  • অমল কুমাৰ চৌধুৰী (১৯৬৫-৯২)
  • ড° ধীৰেণ দাস (১৯৬৭-২০০০)
  • ড° উপেন্দ্ৰনাথ সৰকাৰ (১৯৬৯-২০০১)
  • ড° সুনীল কুমাৰ দত্ত (১৯৭৮-৭৯)
  • ড° দ্বিজেন্দ্ৰ নাথ ভকত (১৯৮১-৮২)
  • ঘনকান্ত দাস (১৯৮২-২০১৭)
  • ড° গীতা সৰকাৰ (১৯৮৮-২০১৯)
  • ড° ধীৰেণ চন্দ্ৰ বৰ্মন (১৯৯৫-২০২৩)।

বৰ্তমান কৰ্মৰত অধ্যাপক-অধ্যাপিকা

  • ড° আখতাৰুল ইছলাম (বিভাগীয় প্ৰধান) (২০০২- )
  • ড° জ্যোৎস্না দেৱী (২০২২- )
  • হেমচন্দ্ৰ মিলি (২০২২- )
  • নিকুমণি দাস।(২০২৪- ) ৬

স্বীকৃতি

২০২৪ বৰ্ষত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু স্বীকৃতি পৰিষদ (NAAC)-ৰ মূল্যায়ণত মহাবিদ্যালয়খনে বি+ স্বীকৃতি লাভ কৰিছে।৭

তথ্যসূত্ৰ

  1. ↑ pbcollege.ac.in/about_us.php
  2. ↑ en.wikipedia.org/wiki/List_of_colleges_affiliate
  3. ↑ pbcollege.ac.in/upload/notice/1755513967.pdf জাননী, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট
  4. ↑ তথ্যদাতা: ড৹ কল্যান দাস, অধ্যক্ষ, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়। তথ্যগ্ৰহণ: হেমচন্দ্ৰ মিলি, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়
  5. ↑ pbcollege.ac.in/department.php আহৰণ কৰা হৈছে
  6. ↑ pbcollege.ac.in/Academic-Departments.php?a=1df39
  7. ↑ naac.gov.in/images/docs/AccreditationResults/229

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমথেশ বৰুৱা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৯২৬৮ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।