জয়া সোনাপতি (Joya Senapati) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘ সদৌ অসম লেখিকা সমাৰোহ সমিতি’ৰ উপ-সভানেত্ৰী হিচাপে কৰ্মৰত৷ সেইদৰে তেখেত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷১ বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেখেত লখিমপুৰ জিলা জিলাৰ এগৰাকী আগশাৰীৰ সমাজ-সাহিত্য সংগঠক৷২ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা আৰু ইয়াৰ প্ৰসাৰ প্ৰচাৰত তেখেতৰ অশেষ ভূমিকা আছে৷ লেখিকাসকলৰ পৰিচয় আৰু সাহিত্যৰাজিক বিষয় হিচাপে লৈ তেখেতে সম্পাদনামূলক গ্ৰন্থ এখনো ইতিমধ্যে প্ৰকাশ কৰিছে৷
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হয় ১৯৫০ চনত লখিমপুৰ জিলাত৷ তেখেতৰ পিতৃৰ নাম দীননাথ হাজৰিকা আৰু মাতৃৰ নাম ৰত্নপ্ৰভা হাজৰিকা৷
শিক্ষা
তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে লথৌ বুনিয়াদী বিদ্যালয়ৰপৰা৷ পৰৱৰ্তী সময়ত উত্তৰ লখিমপুৰ বালিকা উচচ ইংৰাজী বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ নৰ্থ লখিমপুৰ কলেজত একালত স্নাতক ডিগ্ৰীৰ বাবে পঢ়িছিল যদিও পৰৱৰ্তী সময়ত ব্যক্তিগত কাৰণত নাওৈবচা কলেজৰ অসমীয়া বিভাগৰপৰাহে অসমীয়া বিষয়ত স্নাতক শিক্ষা গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিষয়তে স্নাতকোত্তৰ শিক্ষা লাভ কৰে৷৩
চাকৰি জীৱন
তেখেতে নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল৷
সাহিত্যৰাজি
প্ৰবন্ধ সংকলন
- প্ৰবন্ধ সুষমা,২০১৭
কবিতা পুথি
- তামৰঙী আকাশ, ২০০৬
- নৈপৰীয়া গাভৰুৰ লাজ, ২০২২
সম্পাদিত গ্ৰন্থ
- জনমানসত ফকৰা-যোঁজনা, ২০১২
- অসমীয়া লোকসাহিত্য আৰু লোককলা, ২০১৪
- সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ হিতৈষী আৰু আজীৱন সভ্যৰ কোষ, ২০১৮
সামাজিক অৱদান
তেখেত লথৌ মইনামেলৰ প্ৰথম সঞ্চালিকা আছিল৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগে তেখেতৰ কেইবাটিও কথিকা প্ৰচাৰিত হয়৷ অসমৰ বিভিন্ন আলোচনী, বাতৰি-কাকত আদিত তেখেতৰ গল্প, কবিতা, প্ৰবন্ধ আদি প্ৰকাশিত হৈছে৷ তেখেত সদৌ অসম লেখিকা সংস্থাৰ কাযনিৰ্বাহক সদস্য হিচাপে থকাৰ উপৰি উপ-সভানেত্ৰী হিচাপেও কাম কৰি আছে৷ সেইদৰে তেখেত অসম সাহিত্য সভাৰ আজীৱন সদস্য, হিতৈষী সদস্য, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য, লখিমপুৰ জিলা জেষ্ঠ্য নাগৰিক সংস্থাৰ আজীৱন সদস্য হিচাপে বিভিন্ন সংস্থা, সমিতিৰ সৈতে জড়িত৷৪ ‘সদৌ অসম লেখিকা সমাৰোহ’ অনুষ্ঠানটিৰ সৈতে তেখেত জন্মলগ্নৰেপৰাই জড়িত৷ সেইদৰে লখিমপুৰ জিলাৰ বিভিন্ন শাখা সমিতি গঠনত তেখেতৰ ভূমিকা আৰু নেতৃত্ব জড়িত হৈ আছে৷ তেখেত জড়িত হৈ থকা অনুষ্ঠানৰ ভিতৰত ফুলবাৰী শাখা, কমলাবৰীয়া শাখা, পিচলা শাখা, ডিক্ৰং শাখা, পথালিপাহাৰ শাখা, কজমকলি শাখা, গড়েহগা শাখা, মধ্য তেলাহী শাখা আৰু অসম অৰুনাচল সমন্বয় লেখিকা সমাৰোহ শাখা আদি অনুষ্ঠানৰ নাম উল্লেখযোগ্য৷
বঁটা আৰু সন্মান
তেখেতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে দিয়া ‘স্বৰ্ণলতা হাজৰিকা স্মৃতি’ প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে৷ ভাৰতীয় দলিত সাহিত্য অকাডেমী নিউ দিল্লীৰপৰা ‘বীৰাঙ্গনা সাৱিত্ৰী বাইফুলে’ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ ৫ লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰফালৰপৰা ’সু-সংগঠক বঁটা’ লাভ কৰে৷ ২০২১ চনত অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰদান কৰা ’সু-সংগঠক বঁটা’ লাভ কৰে৷ ইয়াৰোপৰি সাহিত্য-সংস্কৃতি সোৱামঞ্চৰ পৰা ’সাহিত্য ৰত্ন বঁটা’, ’সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০১৯’, Consumer choice Awards by Consumer Rights Organisation, Assam, নাওবৈচা শাখা লেখিকা সমাৰোহৰ দ্বাৰা ‘প্ৰেৰণা দায়িনী’ উপাধি, শঙ্কৰ-আজান বঁটা আদি লাভ কৰে৷
তথ্যসূত্ৰ
- ↑ প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭
- ↑ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, প্ৰথম প্ৰকাশ, ২০১৮, গুৱাহাটী, পৃষ্ঠা-৫৩
- ↑ প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭
- ↑ প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭
- ↑ প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া সেনাপতি” প্ৰবন্ধৰ সংশোধন ৩২৯১৪০ (২৮ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।