অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
সোণাৰাম পাঞাং কটকী
সোণাৰাম পাঞাং কটকী (১৮৮৫ – ২০ অক্টোবৰ ১৯৫২) এগৰাকী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
-
সোমদেৱ দেৱবৰ্মন
সোমদেৱ কিশোৰ দেৱবৰ্মন (Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।
-
সোমনাথ বড়া
সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ…
-
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য (Hiranya Kumar Bhattacharyya) অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল। ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
-
হিৰণ্য চন্দ্ৰ ভূঞা
ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় গৰাকী উপাচাৰ্য। অসমত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসমীয়া বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
হেমপ্ৰভা শইকীয়া
ড০ হেমপ্ৰভা শইকীয়া(জন্ম:২১ ফেব্ৰুৱাৰী ১৯৪০) এগৰাকী ভাৰতীয় মহিলা ৰাজনীতিবিদ তেওঁ ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী আছিল। তেওঁ ১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ সদস্য আছিল৷ তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰো অধ্যক্ষ আছিল৷ তেওঁ অসমৰ…
-
হেমেন দাস (ৰাজনীতিবিদ)
হেমেন দাস (Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
-
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া ( Haricharan Saikia) অসমৰ এগৰাকী ভাৰতীয় সত্ৰীয়া নৃত্য শিল্পী। অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়াৰ সংৰক্ষণ, অনুশীলন আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
হৰেন্দ্ৰ নাথ কলিতা
হৰেন্দ্ৰ নাথ কলিতা (Harendra Nath Kalita) এগৰাকী অসমীয়া লেখক, গল্পকাৰ, শিশু-সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত জনপ্ৰিয় বিজ্ঞান লেখক আৰু সমাজ সংগঠক আছিল।
-
ৰংফাৰ্পি ৰংবে
ৰংফাৰ্পি ৰংবে বা কাৰেং (ৰজা) ৰংফাৰ্পি ১৯শ শতাব্দিত খাচীয়া পাহাৰত বাস কৰা মিকিৰ জনগোষ্ঠীৰ (বৰ্তমান অসমৰ কাৰ্বি জনগোষ্ঠীৰ) এগৰাকী সাহসী মহিলা আছিল। তেওঁ অন টেৰণ বা বেৰে ৰেচবঙৰ পত্নী আৰু থং নকবে টেৰণৰ মাতৃ আছিল। তেওঁলোক খাচিয়া পাহাৰৰ (বৰ্তমান মেঘালয়ত) ৰংফাৰ গাঁওত বাস কৰিছিল।
-
ৰজনীপ্ৰভা শইকীয়া
ৰজনীপ্ৰভা শইকীয়াRajaniprabha Saikia ওৰফে ৰজনীপ্ৰভা দাস চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা। তেওঁ এছিয়া মহাদেশৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় 'কলিকতা চিকিৎসা মহাবিদ্যালয়'ৰ পৰা এম.বি.বি.এছ ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী, আনগৰাকী আছিল তিলোত্তমা ৰায়চৌধুৰী।
-
ৰঞ্জন বেজবৰুৱা
ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে।
-
ৰত্নাকৰ কন্দলী
ৰত্নাকৰ কন্দলী শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ গীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক।
-
ৰফিকুল হুছেইন
ৰফিকুল হোছেইন (Rafikul Hossain) অসমৰ এগৰাকী কবি তথা নাট পৰিচালক। তেখেতে ষাঠিৰ দশকৰ শেষৰ ভাগত কবি হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫৪ চনত অসমৰ গোলাঘাট জিলাৰ বোকাখাতত জন্মলাভ কৰিছিল। ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০:৩০ বজাত গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে হোছেইনে।
-
ৰবীন দেৱচৌধুৰী
ড০ ৰবীন দেৱচৌধুৰী (Rabin Devchaudhary, ১৯৪১-২০২১) আছিল অসম, ভাৰতৰ এগৰাকী পুৰাতত্ত্ববিদ, লেখক, অধ্যাপক, আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান৷ সংগ্ৰহালয়ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত স্মৰণযোগ্য৷ ১৯৭০ চনত অসম ৰাজ্যিক সংগ্ৰহালয়ত তেখেতে সহকাৰী কিউৰেটৰ হিচাপে…
-
ৰবীন বণীক্য
ৰবীন বণীক্য (ইংৰাজী: Rabin Banikya, মৃত্যু: ১১ নৱেম্বৰ, ২০২২) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ১৯৯৬ আৰু ২০০৬ চনত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বাবে অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।
-
ৰাঘৱ চন্দ্ৰ ডেকা
ৰাঘৱ চন্দ্ৰ ডেকা এগৰাকী ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞানী তথা দক্ষিণ মেৰুত বা এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি। ১৯৮৭ চনৰ ২৫ নৱেম্বৰত কুমেৰু অভিমুখে যাত্ৰা কৰা সপ্তম ভাৰতীয় কুমেৰু অভিযাত্ৰী দলৰ তেওঁ এজন সদস্য আছিল।
-
ৰাজেন গোহাঁই (ৰাজনীতিক)
ৰাজেন গোহাঁই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
-
ৰাজেন ৰাভা
ৰাজেন ৰাভা (Rajen Rabha) আছিল গোৱালপাৰা জিলাৰ দুধনৈৰ এগৰাকী শিক্ষক, সাহিত্যিক, সমাজ সেৱক। তেওঁৰ 'ৰাভা জনজাতি' এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ।
-
ৰাণী নৰহ
ৰাণী নৰহ (Ranee Narah, জন্ম-জাহানাৰা চৌধুৰী; ৩১ অক্টোবৰ ১৯৬৫) অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৰাজ্যসভাত অসমক সংসদ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ, আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ তেওঁ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰীমা বৰা
ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা। ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।
-
অখিল ৰঞ্জন দত্ত
ড° অখিল ৰঞ্জন দত্ত (Akhil Ranjan Dutta) অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যাপক আৰু সম্প্ৰতি বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত। ১৯৭৩ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰে।
-
অতুল চন্দ্ৰ শইকীয়া
অতুল চন্দ্ৰ শইকীয়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ট্ৰেড ইউনিয়নৰ নেতা আছিল। তেওঁ আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰ আৰু তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ অসম বিধানসভাৰ সদস্য আছিল।
-
অতুল লহকৰ
অতুল লহকৰ (Atul Lahkar) এজন অসমীয়া চেলিব্ৰেটী ৰান্ধনি তথা উদ্যোগী। অসমীয়া পৰম্পৰাগত খাদ্যক জনপ্ৰিয় কৰাত তেওঁ বিশেষ ভূমিকা লৈছে। লহকৰে অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা ২০০ ৰো অধিক ৰন্ধন কলাৰ গৱেষণা কৰিছে আৰু এইসমূহ নথিভুক্ত কৰিছে। তেওঁক অসমীয়া পৰম্পৰাগত খাদ্যৰ জীৱন্ত বিশ্বকোষ বুলি কোৱা হয়।
-
অনন্ত কলিতা
অনন্ত কলিতা (Ananta Kalita) হৈছে অসম, ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ, স্তম্ভ লেখক, নিবন্ধকাৰ, বাঁওপন্থী নেতা, আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ভূতপূৰ্ব সঞ্চালক ৷ ডাক আৰু তাঁৰ সেৱাৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ষ্টেট বেংক অৱ ইণ্ডিয়াত যোগদান কৰা অনন্ত কলিতাই অৰ্থনীতি আৰু সামাজিক বিষয়ত একাধিক…
-
অনিৰ্বাণ বৰগোহাঁই
অনিৰ্বাণ বৰগোহাঁই বা অনিৰ্বাণ বি. গোহাঁই (Anirban B. Gohain) অসমৰ এগৰাকী সাংবাদিক, সমাজকৰ্মী, নাট্যকৰ্মী, অভিনেতা, কবি, আবৃত্তিকাৰ আছিল। ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল।
-
অনুজ বৰুৱা
অনুজ বৰুৱা (Anuj Baruah; ১৯৬৪ – ২০২১) অসমৰ এগৰাকী লেখক, আদৰ্শ জৈৱিক কৃষক, কৃষি গৱেষক। 'মহা অৰণ্য' উপন্যাসখনৰ বাবে তেওঁ সকলোৰে পৰিচিত। এই উপন্যাসখনখন প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। নিজা গৱেষণাগাৰত ভোট জলকীয়াৰ স্প্ৰে’ উদ্ভাৱন কৰিছিল।
-
অভিজিৎ ৰাভা
অভিজিৎ ৰাভা (Abhijit Rabha) ভাৰতীয় বন সেৱাৰ (আই এফ এছ) এজন অসমীয়া বিষয়া। অসমৰ ৰাভা সম্প্ৰদায়ৰ মাজৰপৰা আই এফ এছৰ বিষয়া হোৱা তেওঁ প্ৰথমজন ব্যক্তি। অসমৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ হেৰুওৱা জীৱন-ঐতিহ্য ঘূৰাই অনাৰ কামৰ বাবে তেওঁ অধিক…
-
অশ্বিনী কুমাৰ বৰুৱা
অশ্বিনী কুমাৰ বৰুৱা লিখক তথা সাংবাদিক। তেওঁ অসমীয়া আৰু ইংৰাজী দৈনিক বাতৰি কাকতৰ স্তম্ভ লিখকো৷ তেওঁ আকাশৱাণী ডিব্ৰুগড়ৰ দ্বাৰা অনুমোদিত এজন গীতিকাৰ।
-
অসমীয়া ৰাজ্যপালসকলৰ তালিকা
এই তালিকাত স্বাধীন ভাৰতৰ বিভিন্ন ৰাজ্যত ৰাজ্যপালৰ পদত অধিষ্ঠিত অসমীয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰা হৈছে। বৰ্তমানলৈকে ৬ গৰাকী অসমীয়াই ভাৰতৰ আন ৰাজ্যত ৰাজ্যপাল হৈ কাৰ্যনিৰ্বাহ কৰিছে। তলৰ তালিকাত তেওঁলোকৰ নাম কাৰ্যনিৰ্বাহ কৰা চনৰ ক্ৰমত উল্লেখ কৰা হ'ল।