আনন্দিতা দত্ত তামূলী (Anandita Dutta Tamuly) হৈছে অসমৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এগৰাকী মহিলা।১২ এওঁ শুদা চকুত ভোট-জলকীয়া ঘঁহি লগাব পাৰে আৰু খাবও পাৰে।৩৪ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে ভোট জলকীয়াক বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া বুলি স্বীকৃতি দিছে।৫
ল'ৰালি কালৰ প্ৰভাৱ
আনন্দিতাৰ পাঁচ বছৰ বয়সত জিভাত ফোঁহা ওলাইছিল। সেয়ে মাকে জিভাত জলকীয়াৰ প্ৰলেপ এটা লগাই দিছিল। তেতিয়াৰ পৰাই আনন্দিতাৰ জলকীয়াৰ প্ৰতি এটা ৰুচি গঢ়ি উঠিছিল।৫২৪ সৰু কালৰপৰাই তেওঁ কেৱল নিমখৰ সৈতে ভোট জলকীয়া খোৱাৰ অভ্যাস গঢ়ি তোলে।৩
অভিলেখ গঢ়াৰ পথত
২০০৬ চনত, আনন্দিতাই দুই মিনিটত ৬০টা ভোট জলকীয়া খাই আৰু এক মিনিটত ১২টা ভোট জলকীয়া শুদা চকুত লগাই লিমকা বুক অফ ৰেকৰ্ডছত (Limca Book of Records) নিজৰ নাম লিখোৱায়।১ তেতিয়াৰ পৰাই তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ (Guinness World Records)-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তুতি চলায়। ইয়াৰ আগতে ২০০২ চনত দক্ষিণ আফ্ৰিকাৰ অনিতা ক্ৰেফ'ৰ্ডে (Anita Crafford) এক মিনিটত আঠটা হেলাপিন' (jalapenos) খাই অভিলেখ গঢ়ি থৈছিল।৫৪
ৰিয়েলিটী শ্ব'ত প্ৰদৰ্শন
২০০৬ চনৰ ২৯ আগষ্টত জি টিভিৰ ৰিয়েলিটী শ্ব' শ্বাবাছ ইণ্ডিয়া (Shabaash India) আনন্দিতাই ভোট জলকীয়া খোৱা সম্প্ৰচাৰ কৰা হৈছিল।২
গিনিছ ৰেকৰ্ডৰ পথত
মই বহুত নিৰাশ হৈছোঁ, কাৰণ মই ৫১টা ভোট জলকীয়া খাব পাৰিলোঁ। ২০০৬ চনত, এটা স্থানীয় অনুষ্ঠানৰ বাবে মই দুই মিনিটত ৬০টা ভোট জলকীয়া খাইছিলোঁ। কিন্তু মই নিশ্চিত যে, ইয়াৰ দ্বাৰা মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিখোৱাব পাৰিম।
— — প্ৰেছৰ লগত হোৱা আনন্দিতাৰ কথা-বাৰ্তা৩
২০০৯ চনৰ ৯ এপ্ৰিলত যোৰহাটৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আনন্দিতাই গিনিছ ৰেকৰ্ডৰ বাবে প্ৰচেষ্টা চলায়। চেনেল ফ'ৰ নামৰ চেনেল এটাৰ অনুষ্ঠানৰ বাবে ব্ৰিটিছ ছেফ গৰ্ডন ৰামচে (Gordon Ramsay)-ই আঁত ধৰিছিল। আনন্দিতাই ২ মিনিটত ৫১টা ভোট জলকীয়া খায় আৰু ২৫টা ভোট জলকীয়া চকুত ঘঁহে।১৫৪
বাহ্যিক সংযোগ
- Indian in record chilli attempt, BBC News.
- Woman aims for record feast of world's hottest pepper ABC News.
তথ্যসূত্ৰ
- ↑ (Friday, April 10, 2009). ‘Hottest’ chef gets a taste of hottest jolokia - Gordon Ramsay finds Assam’s chilli girl’s performance for Guinness records ‘unbelievable’. The Telegraph
- ↑ IANS. (5 August 2006). World's 'hottest' woman. The Times of India
- ↑ Bengani. (April 11, 2009). Anandita Dutta Tamuly blazes through chili-eating feat. Zimbio
- ↑ Indian Chilli Queen: Anandita Dutta. 24timepass
- ↑ (7 May 2009). Assamese woman munches world's hottest chillies, sets record. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দিতা দত্ত তামূলী” প্ৰবন্ধৰ সংশোধন ৫১০৫১৬ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।