অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা বৰগোহাঁই

কমলা বৰগোহাঁই (Kamala Borgohain) হৈছে এগৰাকী গল্পকাৰ, ঔপন্যাসিক।

হালনাগাদ: ৮ মে’ ২০২৫ ৫১১ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কমলা বৰগোহাঁই (Kamala Borgohain) হৈছে এগৰাকী গল্পকাৰ, ঔপন্যাসিক।

জন্ম আৰু বংশ পৰিচয়

তেওঁৰ জন্ম হয় ১৯৫২ চনৰ ২৭ ফেব্ৰুৱাৰীত, তিনিচুকীয়া জিলাৰ দিনজান চাহ বাগিচাত। পিতৃৰ নাম সৰ্বেশ্বৰ বৰগোহাঁই আৰু মাতৃৰ নাম কল্পনা বৰগোহাঁই। পত্নীৰ নাম মামণি গগৈ বৰগোহাঁই। দুই কন্যা ডা০ স্বাগতা ভাৰতী আৰু ড° স্বাতী কিৰণ।

শিক্ষা জীৱন

  • প্ৰাথমিক শিক্ষা বকতা বামগোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা লাভ কৰে।
  • উচ্চ প্ৰাথমিক শিক্ষা বকতা নেমুগুৰি হাইস্কুল (পিছলৈ উচ্চতৰ মাধ্যমিক) ৰ পৰা লাভ কৰে।
  • ১৯৬৮ চনত শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
  • শিৱসাগৰ কলেজৰ পৰা ১৯৭১ চনত স্নাতক ডিগ্ৰী লাভ কৰে।
  • ১৯৭৩ চনত ইংৰাজী বিষয়ত আৰু ১৯৭৬ চনত অসমীয়া বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
  • ১৯৮৩ চনত চি.আই.ই.এফ.এল. হায়দৰাবাদৰ পৰা পষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন ইংলিছ টিচিং।
  • ১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় এম.ফিল ডিগ্ৰী লাভ কৰে।
  • ২০০৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. লাভ কৰে।

গৱেষণা কৰ্ম

  • এম.ফিলৰ গৱেষণাৰ কণিকাৰ বিষয়— "চৈয়দ আব্দুল মালিকৰ চুটিগল্প।”
  • পি.এইচ.দি. গৱেষণাৰ বিষয়— "অসমীয়া উপন্যাসত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতিফলন।"১

চাকৰি জীৱন

  • মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত (১৯৭৩-১৯৯৬)
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অংশকালীন অধ্যাপক (১৯৯৫-১৯৯৬), সহযোগী অধ্যাপক আৰু পিছলৈ বিভাগীয় প্ৰধান (১৯৯৬-২০১৫) হিচাপে কৰ্মৰত।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ মাধ্যম অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক (২০০৮-২০১৫)।

বিদ্যায়তনিক কৰ্মৰাজি

  • এম.ফিল. আৰু পি.এইচ. ডি.ৰ বাবে গৱেষণা।
  • পি.এইচ.ডি.ৰ বাবে কৰা গৱেষণাৰ তত্ত্বাৱধায়ক।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় পৰিদৰ্শক দলৰ সদস্য।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা বিভিন্ন শিক্ষান্ত পৰীক্ষা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ দায়িত্ব পালন।
  • উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ দায়িত্ব পালন।
  • ৰাজ্যিক TET পৰীক্ষাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় সমিতিৰ সমন্বয়ক।

শিক্ষা-প্ৰশাসক

  • মৰাণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি।
  • খোৱাং মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি। *মৰাণ মহিলা মহাবিদ্যালয়ৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্যসদীয় দায়িত্ব

  • সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সদস্য (পাঁচ বছৰীয়া কাৰ্যকাল, ২০০২-২০০৬)

সাহিত্যৰাজি

চুটিগল্পৰ সংকলন

  • মই এটা সাপ (বৰ্ণালী প্ৰকাশন, বৰপেটা, ১৯৭৮) *ইপাৰ সিপাৰ (প্ৰিয়বালা প্ৰকাশন, তিনিচুকীয়া, ২০০০) *অন্ধকাৰত আমাৰ অস্তিত্ব (পূবেৰুণ প্ৰকাশন, গুৱাহাটী, ২০০১)
  • সৃষ্টি আৰু দৃষ্টি (মৰাণ শাখা সাহিত্য সভা, মৰাণ, ২০০৪)
  • কমলা বৰগোহাঁইৰ নিৰ্বাচিত গল্প (নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১৫)

উপন্যাসিকা

  • সূৰ্যকণা (বহুব্ৰীহি, শিৱসাগৰ জিলা সাহিত্য সভা ১৯৮১)
  • এই নিৰ্যাস এই সুবাস (পুবালী, ১৯৯৩)

সম্পাদিত গ্ৰন্থ

  • সমাহাৰ (গল্প সংকলন, ১৯৭৮)
  • চৰাইদেউ (প্ৰবন্ধ সংকলন, ১৯৭৯)

সাহিত্যিক স্বীকৃতি

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানিত আলোচনীত গল্প আৰু কবিতাৰ অনুবাদ—

  • Indian PEN আলোচনীত কমলা বৰগোহাঁইৰ কবিতাৰ অনুবাদ প্ৰকাশ, ফেব্ৰুৱাৰী-মাৰ্চ ১৯৭৪।
  • Illustrated Weekly of India ত “মই এটা সাপ”ৰ অনুবাদ প্ৰকাশ।
  • The Heritage ত “মই এটা সাপ”ৰ অনুবাদ প্ৰকাশ। অক্টোবৰ, ১৯৮৬।
  • Who's Who of Indian Writers (Suplimentary Vol. 1990, Sahity Akademi) ত নাম অন্তৰ্ভুক্ত।
  • অসমীয়া সাহিত্যৰ ৰূপৰেখা (মহেশ্বৰ নেওগ, ১৯৮৫)ত গল্পকাৰ হিচাপে উল্লেখ (পৃঃ ৩৩৭)।
  • অসম সাহিত্য সভাৰ অষ্টম লেখক শিবিৰত লেখক হিচাপে অংশ গ্ৰহণ।
  • সাহিত্য অকাদেমিৰ ভ্ৰমণ বানচেৰে কৰ্ণাটক ভ্ৰমণ।
  • এশ বছৰৰ অসমীয়া গদ্য সাহিত্য (সম্পা. ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰী, ২০০০)ত “মই এটা সাপ”ৰ স্থান লাভ।
  • অসমীয়া গল্প সংকলন, তৃতীয় খণ্ড, সম্পা. হোমেন বৰগোহাঞি, ২০০৫ত ‘মই এটা সাপ’ অন্তৰ্ভুক্ত।
  • দৈনিক অসম কাকতৰ অসমভিত্তিক গল্প ৰচনা প্ৰতিযোগিতাৰ “মই এটা সাপ”ৰ বাবে প্ৰথম পুৰস্কাৰ লাভ ১৯৭৩।
  • নাট্যকাৰ সঞ্জীৱ কলিতাই দিয়া “মই এটা সাপ”ৰ নাট্যৰূপ আৰু মঞ্চায়ণ ১৯৭৬।
  • নাট্যকাৰ মনোৰঞ্জন ফুকনে দিয়া “মই এটা সাপ”ৰ নাট্যৰূপ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৮,৯,১০ নৱেম্বৰ ১৯৮৪ত সফল ৰূপায়ণ।
  • “ম‍ই এটা সাপ”ৰ অনাতাঁৰ নাট্যৰূপ ১২ মে' ১৯৮৫।
  • “জন্ম” আৰু “অপত্য স্নেহ”ৰ মনোৰঞ্জন ফুকনে দিয়া অনাতাঁৰ নাট্যৰূপৰ আকাশবাণী ডিব্ৰুগড়ৰ পৰা সম্প্ৰচাৰ।
  • “মই এটা সাপ”ৰ অভিনেতা পৰিচালক অসীম শৰ্মাই পৰিচালনা কৰা টেলিফিল্ম দূৰদৰ্শন ডিব্ৰুগড়ৰ NE Programme ত ১৩, ১৪ ফেব্ৰুৱাৰী ২০০৮ ত সম্প্ৰচাৰিত।১

তথ্যসূত্ৰ

  1. ↑ শোভিত কুমাৰ ছেত্ৰী. (২০২৩). ববছা বনত বকুল. পূৰ্বাঞ্চল প্ৰকাশ. পৃ. ৪৮৮. ISBN ৯৭৮-৯৩-৯১৮৭৮-৫৮-০

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৫০৬৭৫৮ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।