দিগেন মহন্ত( Digen Mahanta) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ আধুনিক গীত আৰু লোকসংগীতত কণ্ঠদান কৰাৰ উপৰি সুৰাৰোপ কৰাৰ লগতে কথাছবিৰ গীততো কণ্ঠদান কৰিছিল। তেওঁ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শীৰ্ষগীত প্ৰযোজনা কৰিছিল। তেওঁক “কলংপৰীয়া সংগীত কণ্ঠ’’ উপাধি প্ৰদান কৰা হৈছিল। দিগেন মহন্ত শিল্পী খগেন মহন্তৰ ভাতৃ আৰু অংগৰাগ মহন্তৰ খুড়াক।
জন্ম আৰু শিক্ষা
তেজপুৰ বৰহোলিয়াত দিগেন মহন্তৰ জন্ম হৈছিল, ৩০ ছেপ্তেম্বৰ ১৯৪৯ চনত। পিতৃ আছিল নগাঁৱৰ জাজৰিৰ “গজলা সত্ৰ’’ৰ সত্ৰাধিকাৰ হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ লক্ষ্মীপ্ৰিয়া মহন্ত।১ পিতৃৰ পৰাই তেওঁ সত্ৰীয়া গীত-মাতৰ প্ৰশিক্ষণ পাইছিল। তেওঁ নগাঁও ডচন হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী উত্তীৰ্ণ হৈ নগাঁও বিশ্ববিদ্যালয়ৰ পৰা চাৰিবছৰীয়া বাণিজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰে। ছাত্ৰাৱস্থাত তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাইছিল।
পৰিয়াল

বিহুগীতৰ ওজা খ্যাত শিল্পী খগেন মহন্তৰ তেওঁ ভাতৃ। ১৯৮২ চনত তেওঁ নগাঁও অনাতাঁৰ শিল্পী প্ৰগতি বৰাৰ স’তে বিবাহ হয়।২ তেওঁলোকৰ দুই পুত্ৰ মনদীপ মহন্ত আৰু মনমিত মহন্ত।১৩ তিনিও শিক্ষকতাৰ লগতে সংগীতৰ লগত ওতপ্ৰোতভাৱে জড়িত।
সংগীত জীৱন
ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ কেশৱ মহন্তৰ “এডাল দূবৰি বন, তাৰো যেন আছে এটি মন’’ শীৰ্ষক গীতটোত সুৰাৰোপ কৰিছিল।৪ এই গীতটি পুলক বেনাৰ্জীয়ে গাইছিল।৩ দিগেন মহন্ত অনাতাঁৰ শিল্পী হিচাপে “তুমি ৰোৱা সেই শেৱালি জুপি’’ আৰু “আকৌ নাচ আকৌ’’ আদি গীতেৰে জনপ্ৰিয় হৈ পৰিছিল।৫ ১৯৭৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ শিল্পীৰূপে তেওঁ স্বীকৃতি পায়।১ ১৯৭৩ চনত নগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক আৰু ১৯৭২ আৰু ১৯৭৩ চনত আন্তঃ মহাবিদ্যালয়ৰ সংগীত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। তেওঁৰ জনপ্ৰিয় কেইটামান গীত হ’ল, “অ’ শৰতৰ শেৱালি’’, “বতাহ লাগি ইচাট-বিচাট’’, “তুমি ৰোৱা সৌ শেৱালি জুপি’’, “মোৰ প্ৰথম প্ৰেমৰ উন্মেষ’’, “এই মাটি মোৰ দেহৰ এফাল’’, “মোক এজন বন্ধু লাগে’’ আদি।৬ বতাহ লাগি ইচাট-বিচাট আৰু অ’ শৰতৰ শেৱালি শীৰ্ষক গীতদুটি এইচ. এম. ভি. কোম্পানীত ৰেকৰ্ড কৰা হৈছিল। অভিনেতা চন্দ্ৰ ফুকন ৰচিত মঞ্চ এন্ধাৰ হ’ল শীৰ্ষক গীতটি এটি কালজয়ী গীত হিচাপে বিবেচিত।৭ মহন্তই হাৰমণিয়াম, তবলা, ঢোলক, কংগো আৰু ডাফ্লি বজোৱাত পাকৈত আছিল আৰু প্ৰতিমা বৰুৱা পাণ্ডে, দীপালী বৰঠাকুৰ সবিতা চৌধুৰী খগেন মহন্ত ভূপেন হাজৰিকা আদি শিল্পীৰ গীতত সংগত কৰিছিল।।৩ ১৯৯২ চনত তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত পত্নীৰ সহযোগত ঘৰতে এখনি সংগীত বিদ্যালয় স্থাপন কৰি সংগীত শিক্ষা প্ৰদান কৰি আছিল।২
কথাছবিৰ সংগীত
অসমীয়া কথাছবি মেঘমুক্তি আৰু মইনাজানত তেওঁ কণ্ঠদান কৰিছিল। পত্নী প্ৰগতি মহন্তৰ সৈতে দ্বৈত কণ্ঠত তেওঁ মনময়ুৰী, কেঁচাসোণ, বহনা, কাচোনমতী, আকাশীগংগা আদি সংগীত এলবামো সৃষ্টি কৰে।১৬
সন্মান, বঁটা আদি
কলংপৰীয়া সংগীত কণ্ঠ উপাধি প্ৰাপ্ত৩ মহন্তই ২০১৬ চনত অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰিছিল।৬ ২০২২ চনত তেখেতলৈ আগবঢ়োৱা হয় "সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা"। নগাঁৱৰ সুৰৰ পানচৈ শিল্পী সমাজে দিগেন মহন্তক ২০২৪ বৰ্ষত “সুৰৰ পানচৈ শিল্পী বঁটা’’ আৰু “স্বৰ্ণ কণ্ঠ’’ বঁটা প্ৰদান কৰে।৮১
মৃত্যু
নগাঁও চহৰৰ আমোলাপট্টিত ৭৫ বছৰ বয়সত ২০২৪ চনৰ ১৭ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়।১ কিছুদিন ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।৬
তথ্যসূত্ৰ
- ↑ (২০২৪). বিশিষ্ট কণ্ঠশিল্পী দ্বিগেন মহন্তৰ দেহাৱসান. আমাৰ অসম. পৃ. ৮
- ↑ দাস, ঋতুপৰ্ণ. (২০০৪). ছটা দশকৰ নাভাগৰা কণ্ঠ. দৈনিক জনমভূমি. পৃ. ৫
- ↑ (2019). The Voice from the Banks of Kolong. melange, The Sentinel. পৃ. 1
- ↑ (২০২৪). বিশিষ্ট সংগীত শিল্পী দিগেন মহন্তৰ মৃত্যু. দৈনিক অসম. পৃ. ১১
- ↑ ভাগৱতী, কমল কুমাৰ. (১৯৯৯). ক’ত হেৰাল সেই সুৱদী সুৰীয়া গীত. চিত্ৰ সংবাদ
- ↑ (২০২৪). কণ্ঠশিল্পী দিগেন মহন্ত. অসমীয়া খবৰ. পৃ. ১
- ↑ বৰা, উজ্জ্বল জ্যোতি. (২০২৪). অ’ শৰতৰ সেৱালি খ্যাত দিগেন মহন্ত. দৈনিক অসম
- ↑ (২০২৪). নগাঁৱত সুৰৰ পানচৈ শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি. নিয়মীয়া বাৰ্তা. পৃ. ৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিগেন মহন্ত” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৬২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।