কৃষ্ণ কান্ত বৰা বৰ্তমান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশ ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত বৰা দেৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিশেষ ভাবে চাত্ৰ সংগঠনৰ কামত নিয়োজন কৰিছে।
ব্যক্তিগত জীৱন
বৰা দেবৰ জন্ম ১৯৭৯ চনৰ ১৯ ফেব্ৰুৱাৰিত বৰ্তমানৰ মৰিগাওঁ জিলাৰ কুজি সত্ৰ নামৰ গাওত হৈছিল। মাননিয় বৰা দেৱৰ পিতা অৱসৰ প্ৰাপ্ত অসম আৰক্ষীৰ এজন নিষ্ঠাৱান চিপাহি আছিল। সৰুৰে পৰা অসাধৰণ মেধাৰ গৰাকী মাননিয় বৰাদেৱে উদ্ভিদ বিজ্ঞানত নগাওঁ মহাবিদ্যালয়ৰ পৰা স্নাতক অৰ্জন কৰে। পিছলৈ পিছলৈ জিৱ প্ৰদ্যোগীক বিষয়ত অধিক জ্ঞান অৰ্জনৰ বাবে গুবাহাটীলৈ আহে যদিও তেখেতে শিক্ষা জীৱন তাতেই সামৰি সমাজ আৰু দেশৰ বাবে নিজৰ সম্পূৰ্ণ জীৱন উছৰ্গা কৰে।
সামাজিক জীৱন
বৰা দেৱ প্ৰথমে সংঘৰ শাৰিৰিক প্ৰমুখ হিচাপে তাৰ পিচত বিদ্যাৰ্থী পৰিষদৰ বিস্তাৰক হিচাপে নগাওঁ চহৰত কাম কৰে। পিছত বৰা দেৱ ক্ৰমে গুৱাহাটী মহানগৰ সাংগঠনিক সম্পাদক, বৰপেটা জিলা সাংগঠনিক সম্পাদক, বঙাইগাও জিলা সাগঠনিক সম্পাদক, বৰপেটা বিভাগ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰি আহিছে। ২০১১ চনৰ ১৯ অক্টোবৰ তাৰিখে বৰা দেৱে গুৱাহাটীৰ এক ৰাজ্যিক সন্মিলনত ৰাজ্যিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তেখেতৰ নেত্ৰীত্তত অসমত ভষ্টাচাৰৰ বিৰুদ্ধে, বাংলাদেশীৰ বিৰুদ্ধে, আৰু বহুতো ৰাজ্যিক পৰ্যায়ৰ আন্দোলন সফল হৈছে। ২০১৩ চনৰ জানুৱাৰিত ডিব্ৰুগডত আয়োজিত ১৯তম ৰাজ্যিক অধিবেশনত ৰাজ্যিক সাংগঠনিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তেখেতৰ নেত্ৰিত্বতে বিদ্যাৰ্থী পৰিষদে অসমৰ অধিকাংশ মহাবিদ্যালয়ত চাত্ৰ একতা সভাৰ নিৰ্বাচনত বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীক জয়লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওৰ সাংগঠনিক কেন্দ্ৰ ডিব্ৰুগড়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ কান্ত বৰা” প্ৰবন্ধৰ সংশোধন ২৩৭৬৪৭ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।