অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উদ্দীপনা গোস্বামী

উদ্দীপনা গোস্বামী (Uddipana Goswami) (জন্ম: -) হৈছে এগৰাকী অসমৰ কবি আৰু লেখিকা। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা উদ্দীপনা গোস্বামীয়ে বিভিন্ন বিষয়ত লেখা-মেলা কৰে। তেওঁ ২০১০ চনত উই কল্ড দ্য ৰিভাৰ ৰেড: পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড শীৰ্ষক এখন কবিতা-সংকলন প্ৰকাশ কৰে।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

উদ্দীপনা গোস্বামী (Uddipana Goswami) (জন্ম: -) হৈছে এগৰাকী অসমৰ কবি আৰু লেখিকা।১ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা উদ্দীপনা গোস্বামীয়ে বিভিন্ন বিষয়ত লেখা-মেলা কৰে। তেওঁ ২০১০ চনত উই কল্ড দ্য ৰিভাৰ ৰেড: পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড শীৰ্ষক এখন কবিতা-সংকলন প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ ইন্দিৰা গোস্বামী: পেছন এণ্ড দ্য পেইন নামৰ এখন গ্ৰন্থৰো সংকলন কৰে। ইন্দিৰা গোস্বামী: পেছন এণ্ড দ্য পেইন প্ৰকাশ হয় ২০১২ চনত।২ তেওঁ আন কেইবাখনো গ্ৰন্থৰ ৰচনা কৰিছে। নো ঘোষ্ট ইন দিছ চিটি এণ্ড আদাৰ ষ্টৰিজ হৈছে তেওঁৰ এখন চুটিগল্প সংকলন। ৩ উদ্দীপনা গোস্বামীয়ে নৰ্থ ইষ্ট ৰিভিউ (North-East Review) নামৰ এখন অনলাইন আলোচনীৰ সম্পাদিকা হিচাপে কাম কৰিছে।৪ইযাৰ সমান্তৰালভাৱে তেওঁ মাউছ ইণ্ডিয়াতো সম্পাদক হিচাপে কাম কৰিছে।২

সংঘাত, জাতি, লিংগ, মাধ্যম আৰু দক্ষিণ এছিয়া আদি বিষয়ত উদ্দীপনা গোস্বামীয়ে লেখা-মেলা কৰি আছে।৫ তেওঁৰ লেখা-মেলা বা আন সম্পাদকীয় তথা প্ৰকাশনৰ কাৰ্যসমূহত মুখ্যতঃ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে।১২

জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন

উদ্দীপনা গোস্বামীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। সেইসমূহ হৈছে, টাটা ইনষ্টিটিউট অৱ চ'চিয়েল চায়েন্স, গুৱাহাটী মহাবিদ্যালয়, পেঞ্চিলভেনীয়া বিশ্ববিদ্যালয়, কাৰ্টিছ ইনষ্টিটিউট অৱ মিউজিক আৰু জন হপকিন্স বিশ্ববিদ্যালয়ত।৫

কৰ্ম জীৱন আৰু সাহিত্যিক জীৱন

উদ্দীপনা গোস্বামীয়ে নৰ্থ ইষ্ট ৰিভিউ (North-East Review) নামৰ এখন অনলাইন আলোচনী সম্পাদনা কৰে। সংঘাত, জাতি, লিংগ, মাধ্যম আৰু দক্ষিণ এছিয়া আদি বিষয়ত উদ্দীপনা গোস্বামীয়ে লেখা-মেলা কৰে।৫তেওঁৰ লেখা-মেলা বা আন সম্পাদকীয় তথা প্ৰকাশনৰ কাৰ্যসমূহত মুখ্যতঃ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে।১ উদ্দীপনা গোস্বামীয়ে উত্তৰ-পূৱৰ বিষয়ত কয় যে এই ভূ-ৰাজনৈতিক পৰিধিটোৱে ভাৰতৰ মূল ভূখণ্ডত বহুতো নতুন আলোচনাত দ্ৰুতগতিত এক কেন্দ্ৰীয় স্থান অৰ্জন কৰিছে, কিন্তু বেছিভাগ ভুল কাৰণত। বিশ্বব্যাপী দৰ্শকৰ বাবে এক সন্তুলিত আৰু উদ্দেশ্যপূৰ্ণ দৃষ্টিভংগী প্ৰদান নকৰিলে, অঞ্চলটোৰ বিষয়ে পৌৰাণিক কাহিনী আৰু ধাৰণাবোৰে কেৱল নতুন ৰূপ ল'ব। ২ তেওঁ সমান্তৰালভাৱে মাউছ ইণ্ডিয়াতো সম্পাদক হিচাপে অৱদান আগবঢ়াইছে।২

ইংৰাজী ভাষাতেই ৰচনা কৰা উদ্দীপনা গোস্বামীৰ একমাত্ৰ কবিতাপুথিৰ নাম হ'ল উই কল্ড দ্য ৰিভাৰ ৰেড: পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড। ইয়াৰ লগতে 'নো ঘোষ্ট ইন দিছ চিটি এণ্ড আদাৰ ষ্টৰিজ' তেওঁৰ একমাত্ৰ চুটিগল্পৰ সংকলন।

সাহিত্য চৰ্চা

কবিতা সংকলন

  1. 'উই কল্ড দ্য ৰিভাৰ ৰেড: পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড'

সংকলিত গ্ৰন্থ

  1. 'ইন্দিৰা গোস্বামী: পেছন এণ্ড দ্য পেইন'

প্ৰকাশিতব্য গৱেষণা পত্ৰ

  1. 'কনফ্লিক্ট এণ্ড ৰিকনচিলিয়েছনঃদ্য দ্য পলিটিকছ দ্য এথনিচিটি ইন আছাম'

প্ৰকাশিতব্য চুটিগল্প সংকলন

  1. 'নো ঘোষ্ট ইন দিছ চিটি এণ্ড আদাৰ ষ্টৰিজ'

প্ৰকাশিতব্য সাধুকথাৰ সংকলন

  1. 'হুৱেৰ উই কাম ফ্ৰম, হুৱেৰ উই গ': টেলছ ফ্ৰম দ্য ছেভেন ছিষ্টাৰছ'

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ২৫০. ISBN 978-81-950015-4-5
  2. ↑ uddipana-goswami
  3. ↑ Bookslink Amazon
  4. ↑ নৰ্থ-ইষ্ট ৰিভিউ
  5. ↑ Uddipana Goswami

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ লেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্দীপনা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪৯৪৬৯২ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।