অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
ভাগ্যৱতী কছাৰী
ভাগ্যৱতী কছাৰী (Bhagyabati Kachari জন্ম: ১ জানুৱাৰী, ১৯৯২) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ছাৰ্বিয়াৰ চম্বৰত অনুষ্ঠিত নৱম নেশ্বনছ কাপ বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন কৰে।
-
ভাগৱত আচাৰ্য
ভাগৱত আচাৰ্য উত্তৰ-শংকৰী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ।
-
ভূপেন বৰা
ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।
-
মনালিচা বৰুৱা মেহতা
মনালিচা বৰুৱা মেহতা (Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা। এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা ৰ লগত বিবাহ পাশত আবদ্ধ হয়।
-
মনোজ গগৈ
মনোজ গগৈ (Manoj Gogoi, জন্ম: ৪ জানুৱাৰী ১৯৭৫) এগৰাকী ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী পুনৰসংস্থাপনবিদ। তেওঁ বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৫০০০তকৈ অধিক প্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কৰিছে।
-
মন্মথ বৈশ্য
মন্মথ বৈশ্য অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ। অসমীয়া লোকসংগীতৰ জগতখনলৈ, বিশেষকৈ কামৰূপী লোকগীতৰ উন্নতিৰ হকে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।
-
ময়নুল হক
মইনুল হক (Moinul Haque) অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ তেওঁ “The…
-
মহম্মদ তাহেৰ
মহম্মদ তাহেৰ (Mohammed Taher, ১৯৩১ – ২০১৫) স্বাধীনতা-উত্তৰ কালৰ অসমৰ এগৰাকী ভূগোল বিজ্ঞানী, কৃতী শিক্ষক, শিক্ষাবিদ আৰু সু-লেখক। অসমীয়া আৰু ইংৰাজী দুয়োটা বিষয়তে তেখেত পাৰদৰ্শী আছিল। তেখেতে ৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থা (NATMO)-ত গৱেষক ৰূপে যোগদান কৰিছিল।
-
মানিক বড়া
মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত 'বৈৰাগী বিহংগ' প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰসমূহৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
মানু
মানু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। সৰ্ণ কদল মান্নান (১৯৯৯) অভিনয়ৰ দ্বাৰা তেওঁৰ আত্মপ্ৰকাশ পোৱাৰ পিছিত মানুৱে অভিনয় জীৱনক বাছি লৈছিল আৰু এগৰাকী নৃত্যশিল্পী হিচাপে তেওঁৰ আবেগক আগবঢ়াই গৈ পাৰফৰ্মিং আৰ্টচ সংন্থা স্থাপন কৰে আৰু গোটেই বিশ্বত নৃত্য-গীতত অংশ লয়।
-
মিঠু বৰুৱা
মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।
-
মিত্ৰা ফুকন
মিত্ৰা ফুকন (Mitra Phukan: জন্ম- ১৯৫৩ চন, ১৬ মে')হৈছে এগৰাকী ভাৰতীয় লেখিকা,অনুবাদক আৰু স্তম্ভলেখক। লগতে তেওঁ এগৰাকী ধ্ৰুপদী কণ্ঠশিল্পী। তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত অন্যতম। তেওঁ শিশু সাহিত্য, চুটি গল্প, উপন্যাস, অনুবাদ সাহিত্যৰ পৰা আৰম্ভ কৰি স্তম্ভলেখালৈকে লিখিছিল।
-
মিহিৰ কান্তি সোম
মিহিৰ কান্তি সোম অসমৰ এজন ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে উদাৰবন্দ বিধান সভা সমষ্টিৰপৰা নিৰ্বাচিত হৈছে।তেওঁ বৰ্তমান কুম্ভীৰগ্ৰামত বাস কৰে। তেওঁৰ পিতৃ অঞ্চলটোৰ এজন সুপৰিচিত সমাজকৰ্মী আছিল।
-
মুকুন্দকাম শৰ্মা
ন্যায়াধীশ ড° মুকুন্দকাম শৰ্মা (ইংৰাজী: Dr. Mukundakam Sharma) (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৪৬, কলকাতাত ) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু ২০১১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।
-
মুকুল চক্ৰৱৰ্তী
মুকুল চক্ৰৱৰ্তী (ইংৰাজী: Mukul Chakravarty ) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া 'বাৰ্তাপখিলী' ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী 'গিৰজনি' ৰ সম্পাদক।
-
মুক্তি প্ৰসাদ গগৈ
মুক্তি প্ৰসাদ গগৈ (Mukti Prasad Gogoi)অসমৰ এগৰাকী চিকিৎসক আৰু লেখক। ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মুক্তিনাথ শৰ্মা বৰদলৈ
মুক্তিনাথ শৰ্মা বৰদলৈ (Muktinath Sarmah Bordoloi), ১৯১০-১৯৭৭) অসমৰ এগৰাকী সংগীতজ্ঞ। অসমীয়া আধুনিক সংগীত জগতলৈ তেওঁ অৱদান আগবঢ়াই গৈছে। তেওঁ সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ। এই পিতা-পুত্ৰৰ যুটিয়ে অসমীয়া সংগীতৰ ধাৰাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল।
-
মুহিবুৰ ৰহমান
মুহিবুৰ ৰহমান (Muhibur Rahman) অসমৰ লখিমপুৰ জিলাৰ এগৰাকী জিকিৰ গায়ক। জিকিৰ গায়ক হিচাপে তেওঁ সমগ্ৰ অসমতে পৰিচিত৷ শিল্পীগৰাকীয়ে লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ সমীপৱৰ্তী বিলতীয়া গাঁৱত জন্মলাভ কৰিছিল৷ তেওঁৰ জিকিৰৰ সুৰত ভদীয়া নামৰ সুৰ শুনিবলৈ পোৱা যায় বাবে অঞ্চলটোত তেওঁ ভদীয়া কাই বা ভদীয়া নানা নামেৰে…
-
মৃদুস্মিতা ফুকন
মৃদুস্মিতা ফুকন একেধাৰে প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক৷ তেখেতে ১৯৭১ চনৰে বৰ্তমান সময়লৈকে ‘ অসম বাণী’, ‘দৈনিক জনমভূমি’,‘ আমাৰ অসম’,‘ দৈনিক অসম’, ‘ অসমীয়া প্ৰতিদিন’, ‘নতুন দৈনিক’, ‘ এদিন’ আদি দৈনিক বা সাপ্তাহিক কাকত; ‘সঁফুৰা’, ‘মৌচাক’, ‘হিয়াৰ ৰামধেনু’ আদি শিশু-আলোচনী; ‘প্ৰান্তিক’,…
-
য়াছমিন শইকীয়া
য়াছমিন শইকীয়া (Yasmin Saikia) হৈছে হাৰ্ড-নিকাচ'ছ চেয়াৰ ইন পিছ ষ্টাডিজ আৰু এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ দক্ষিণ এছিয়ান ইতিহাসৰ অধ্যাপক৷ তেওঁ ফ্ৰেগমেণ্টেড মেমৰিজ: ষ্ট্ৰাগলিং টু বি টাই-আহোম ইন ইণ্ডিয়া (২০০৪) আৰু ৱমেন, ৱাৰ, এণ্ড দ্য মেকিং অৱ বাংলাদেশ: ৰিমেম্বাৰিং ১৯৭১ (২০১১)ৰ লেখিকা৷
-
যোগেন চেতিয়া
যোগেন চেতিয়া অসমৰ এগৰাকী নাট্যকাৰ, মঞ্চ আৰু অনাতাঁৰ নাট্যশিল্পী, নাট পৰিচালক, নাট্য সমালোচক আৰু প্ৰাবন্ধিক আছিল। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷
-
লীনা শৰ্মা
লীনা শৰ্মা (Leena Sarma) এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক। চাকৰিসূত্ৰে ভাৰতীয় ৰেল বিভাগৰ শীৰ্ষ বিষয়া ৰূপে তেওঁ গুৱাহাটীৰ মালিগাঁও সদৰ কাৰ্যালয়ত কৰ্মৰত আছিল। ইতিমধ্যে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ১৯৬২ চনৰ ১১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ নিজৰাপাৰাত লীনা শৰ্মাৰ জন্ম হৈছিল।
-
লেশধৰ শৰ্ম্মা
ঊনবিংশ শতিকাৰ শেষ ভাগত পুৰণিগুদামত দুৰ্গাপূজা আয়োজনৰ পৰম্পৰা আৰম্ভ হৈছিল। চাহ বাগিছাৰ প্ৰতিপত্তিশালী ব্যৱসায়ী দেৱনাথ বৰুৱাৰ উদ্যোগত আৰম্ভ হোৱা পূজাভাগত পোনপ্ৰথমে খেৰৰ সোপাৰে দেৱী-প্ৰতিমা তৈয়াৰ কৰা হৈছিল।
-
শশীকান্ত গগৈ
শশীকান্ত গগৈ অসমীয়া সাহিত্যৰ আৱাহন যুগৰ এজন জনপ্ৰিয় সাহিত্যিক আছিল। বিশেষকৈ কবি হিচাবে পৰিচিত হ'লেও তেখেতে সাহিত্যৰ অন্যবিলাক ক্ষেত্ৰতো চৰ্চা চলাইছিল। ইয়াৰ ওপৰি শশীকান্ত গগৈ আছিল এজন নিৰ্ভীক মুক্তিযোদ্ধা । পেচাত শিক্ষক হ'লেও তেখেত আছিল সমাজবাদী আদৰ্শত বিশ্বাসী এজন সমাজকৰ্মী ।
-
শিৱানন্দ কাকতি
শিৱানন্দ কাকতি (Sibananda Kakoti) এগৰাকী অসমীয়া গল্পকাৰ তথা চৰকাৰী চাকৰিয়াল। সত্তৰৰ দশকত একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। নব্বৈৰ দশকত তেওঁ গল্পকাৰ ৰূপে আত্মপৰিচয় দিয়ে। ১৯৯০ চনত পষেক নামৰ আলোচনীত তেওঁৰ প্ৰথমটো গল্প আমৃত্যু অমৃত প্ৰকাশ পাইছিল।
-
শ্ৰীনাথ দ্বিজ
শ্ৰীনাথ দ্বিজে মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ-পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। শ্ৰীনাথ দ্বিজে কোচবেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ (ইং ১৬২৫-৬৫) অনুপ্ৰেৰণা লাভ কৰিছিল। দ্ৰোণ পৰ্বত শ্ৰীনাথ দ্বিজে আত্মপৰিচয় এইদৰে দিছে: প্ৰাণ-নাৰায়ণদেৱে আজ্ঞা পৰমাণে।
-
সংগীতা কাকতি
সংগীতা কাকতি (Sangita Kakati; জন্ম - ২০জানুৱাৰী) অসমৰ এগৰাকী কণ্ঠশিল্পী। সংগীতা কাকতিয়ে শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়,আধুনিক, লোক সংগীত, বৰগীতৰ লগতে বহুতো ভক্তিমূলক গীততো কণ্ঠ দান কৰিছে। এতিয়ালৈকে তেওঁ গোৱা গীতৰ সংখ্যা ১০০০ তকৈ অধিক হৈছেগৈ।
-
সংগীতা শইকীয়া
সংগীতা শইকীয়া এগৰাকী লেখক, গৱেষক, সম্পাদক, অনুবাদক আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ তেখেতে ২০০৭ চনৰ পৰা এই বিভাগত অধ্যাপক হিচাপে নিয়োজিত হৈ আছে৷
-
সত্যকাম বৰঠাকুৰ
সত্যকাম বৰঠাকুৰ (Satyakam Borthaur; একাধাৰে কবি, প্ৰবন্ধকাৰ, সম্পাদক, অধ্যাপক ৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক৷ তেখেতে ইতিমধ্যেই চাৰিখনকৈ কবিতা পুথি প্ৰকাশ কৰিছে আৰু বহুকেইখন প্ৰবন্ধ পুথি লিখি উলিয়াইছে৷ সেইদৰে তেওঁ এঘাৰখনতকৈয়ো অধিক পুথি সম্পাদনা কৰিছে৷ সাহিত্য…
-
সিদ্ধাৰ্থ ভট্টাচাৰ্য
সিদ্ধাৰ্থ ভট্টাচাৰ্য্য (Siddhartha Bhattacharya, জন্ম ১০ জুন ১৯৬১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। ভট্টাচাৰ্য্য অসমৰ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।