কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (Krishna Kanta Handiqui State Open University) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়েই হৈছে উত্তৰ-পূব ভাৰতৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৪তম মুক্ত বিশ্ববিদ্যালয়। অসম বিধানসভাৰ Act XXXVII of 2005 জৰিয়তে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল১। ২০০৫ চনৰ ৭ ছেপ্তেম্বৰত অসমৰ ৰাজ্যপালে এই আইনক সন্মতি প্ৰদান কৰে। ডিচটেন্স এডুকেশ্বন কাউন্সিল য়ে ২০০৭ চনত আৰু ২০০৯ চনত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছন য়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক স্বীকৃতি দিয়ে২।
মূলমন্ত্ৰ
সাম্প্ৰতিক কালৰ শৈক্ষিক ব্যৱস্থা ব্যৱহাৰ কৰি distance and open educationৰ জৰিয়তে সকলো শ্ৰেণীৰ লোককে উন্নত মানদণ্ডৰ উচ্চ শিক্ষা প্ৰদান কৰাৰ লক্ষ্য লৈ এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ মূলমন্ত্ৰ হৈছে বয়স, ভৌগোলিক সীমাৰ প্ৰতিবন্ধকতাক নেওচি শিক্ষা (Education Beyond Barriers) প্ৰদান কৰা।
স্বীকৃতি
অসম বিধানসভাৰ Act XXXVII of 2005 জৰিয়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ২০০৫ চনৰ ২৯ ছেপ্তেম্বৰত ডিচটেন্স এডুকেশ্বন কাউন্সিল আৰু ২০০৯ চনত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছন৩-য়ে এই মুক্ত বিশ্ববিদ্যালয় খনক স্বীকৃতি দিয়ে৪।
বিদ্যালয়সমূহ
২০০৮ চনত বিশ্ববিদ্যালয়খনত প্ৰথম নামভৰ্তি আৰম্ভ হয়। প্ৰথম বৰ্ষত মুঠ ৪২০০ জন ছাত্ৰ-ছাত্ৰী আছিল। দুবছৰৰ পাছত, ২০০৯ চনত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২৪,০০০ লৈ বৃদ্ধি পায়। বৰ্তমান বিশ্ববিদ্যালয়খনত প্ৰায় ৪০টা পাঠ্যক্ৰম আছে। Humanities, বিজ্ঞান, সমাজ বিজ্ঞান আদি বিভাগত পি.এইচ.ডি, স্নাতকোত্তৰ, স্নাতক ডিগ্ৰী, ডিপ্ল’মা আৰু চাৰ্টিফিকেট – এই পাঠ্যক্ৰম সমূহ ইয়াত প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ৰাজ্যৰ পলিটেকনিক আৰু ইনডাচট্ৰিয়েল ট্ৰেনিং ইনষ্টিটিউট (Industrial Training Institute, I.T.I s.) ৰ সহায়ত ইয়াত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৫।
এই বিশ্ববিদ্যালয়খনৰ অধীনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ শৈক্ষিক কেন্দ্ৰ (study centre) ২২০টা আছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ আৰু অভয়াপুৰী কাৰাগাৰত তিনিটা শৈক্ষিক কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে, কাৰাগাৰৰ কয়দীসকলক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয়৫।
বিভাগসমূহ
- Director of Schools
- School of Professional Studies
- School of Science
- School of Humanities
- School of Social Sciences
- Research Scholars
জ্ঞান তৰংগ
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কমিউনিটী ৰেডিঅ’ স্থাপন কৰা হয়। সকলো প্ৰতিবন্ধকতা অতিক্ৰম কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক শিক্ষা প্ৰদান কৰাৰ হৈছে ইয়াৰ মূল উদ্দেশ্য। জ্ঞান তৰংগ নামৰ এই কমিউনিটী ৰেডিঅ’টো ২০০৯ চনৰ ২৮ জানুৱাৰীত উদ্বোধন কৰা হয়। প্ৰথমতে, Assam Administrative Staff College, Guwahatiৰ পৰা 90.4 MHzত এই কেন্দ্ৰটোৰ পৰীক্ষামূলকভাৱে কাৰ্য্যক্ৰম সমূহ প্ৰচাৰ কৰি থকা হৈছিল। এই কেন্দ্ৰটোয়ে ২০১০ চনৰ ২০ নৱেম্বৰৰ পৰা নিয়মিতভাৱে কাৰ্য্যক্ৰম সমূহ প্ৰচাৰ কৰি আহিছে৬।
ই-বিদ্যা
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ই-বিদ্যা ৱেবছাইটটৱে ডিজিটেল পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰে৭।
পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন
২০১১ চনৰ ২০ জুলাইত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসমৰ ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ সভাপতিত্বত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।
বাহ্যিক সংযোগ
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফটো গেলেৰী
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ছ'ছিয়েল নেটৱৰ্ক
- E-Journal Portal of Krishna Kanta Handiqui State Open University
- Vice Chancellor - Krishna Kanta Handiqui State Open University.
তথ্যসূত্ৰ
- ↑ KKHSOU. kkhsou.in
- ↑ (27 May 2011). List of State Universities
- ↑ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক UGCৰ স্বীকৃতি. KKHSOU
- ↑ (২০১১). কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্বীকৃতি. KKHSOU
- ↑ (2011). কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. KKHOU
- ↑ (2011). জ্ঞান তৰংগ. KKHOU
- ↑ (২০১১). কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ই-বিদ্যা. KKHOU
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১০৮০৩ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।