বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ৰ অধীনত স্থাপন কৰিছে।১ ২০২১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অধ্যাপক ডঃ জ্যোতি প্ৰসাদ শইকীয়াক বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে দুইবছৰৰ বাবে নিযুক্ত কৰে।২ চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা সতী সাধনীৰ প্ৰতি সন্মান জনাই এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৩০৪৬৪ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।