বড়োলেণ্ড বিশ্ববিদ্যালয় ( Bodoland University) অসমৰ কোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। বড়োলেণ্ড বিশ্ববিদ্যালয় হৈছে অসম বিধানসভাৰ বডোলেণ্ড বিশ্ববিদ্যালয় আইন, ২০০৯ৰ অধীনত ২০০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এখন ৰাজ্যিক বিশ্ববিদ্যালয়।১ সমগ্ৰ নামনি অসমৰ শৈক্ষিক উন্নতিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ আৰু নেপালৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাৰ পাঁচখন জিলাৰ ৪৮খন ডিগ্ৰী কলেজ, ৪খন ডায়েট (DIET) আৰু ৩খন বি.এড. কলেজ মুঠ ৬৫ খন উচ্চশিক্ষা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়খনৰ অধীনত পঞ্জীয়নভুক্ত হৈছে।২ বিশ্ববিদ্যালয়খনত ১৭টা স্নাতকোত্তৰ বিভাগৰ লগতে বাঁহ প্ৰযুক্তিৰ ডিপ্লমা, মানৱ অধিকাৰ আৰু শিক্ষাৰ স্নাতকোত্তৰ ডিপ্লমা (পিজিডিএইচআৰই), আৰু আন কেইবাটাও প্ৰমাণপত্ৰ পাঠ্যক্ৰমও প্ৰদান কৰে। ইয়াৰ মুখ্য পুথিভঁৰালটো হ’ল পদ্মশ্ৰী মদাৰাম ব্ৰহ্ম কেন্দ্ৰীয় পুথিভঁৰাল। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনত স্বাস্থ্য কেন্দ্ৰ, প্ৰযুক্তি ইনকিউবেচন কেন্দ্ৰ, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ কোষ, বাছ সেৱা আৰু ছাত্ৰ আৰু গৱেষক পণ্ডিতসকলৰ বাবে হোষ্টেলৰ সুবিধাও আছে। কোকৰাঝাৰ চহৰৰ পৰা ৮ কিলোমিটাৰ উত্তৰে দেবৰগাঁৱৰ ৰঙীলাখাটাত বিশ্ববিদ্যালয়খনৰ অৱস্থিত।বিশ্ববিদ্যালয়খন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ, কোকৰাঝাৰ ৰেলৱে ষ্টেচন (১০ কিমি) আৰু ৰূপসী বিমানবন্দৰৰ (৭০ কিলোমিটাৰ) পৰা সংযুক্ত। বাংলাদেশ (১১০ কিলোমিটাৰ) আৰু ভূটান (৪০ কিলোমিটাৰ) আৰু পশ্চিম বংগৰ ৰাজ্যিক সীমা (৪৫ কিলোমিটাৰ)-ৰ পৰা দূৰৈত অৱস্থিত। বিশ্ববিদ্যালয়খনৰ অধিক সম্প্ৰসাৰণৰ বাবে হালদিবাৰী (৩ কিলোমিটাৰ) আৰু সুবৈঝাৰ (১.৫ কিলোমিটাৰ)ত অতিৰিক্ত কেম্পাছ আছে।৩
বিভিন্ন বিভাগসমূহ
- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- বড়ো বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- উদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- বাঁহ-প্ৰযুক্তি বিভাগ
- ভূ-তত্ত্ব বিভাগ
- ৰসায়ন-বিজ্ঞান বিভাগ
- গণিত বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- বাণিজ্যিক প্ৰশাসন বিভাগ
- জৈৱ-প্ৰযুক্তি বিভাগ
বহিঃসংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়োলেণ্ড বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৬৯৩৪ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।