কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয (Kumar Bhaskar Varma Sanskrit and Ancient Studies University, স্থাপিত: ২০১১) অসমৰ নলবাৰীত অৱস্থিত সংস্কৃত শিক্ষা আৰু কামৰূপৰ ইতিহাসৰ লগতে কলা, মানবিকী আৰু পেশাদাৰী শিক্ষাৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়।১২ প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই বিশ্ববিদ্যালয়ৰ নামকৰণ কৰা হৈছে।
শিক্ষা
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল -
- সংস্কৃত (সৰ্বদৰ্শন) - আসনৰ সংখ্যা ৫৫
- সংস্কৃত (সাহিত্য) - আসনৰ সংখ্যা ৩০খন
- সংস্কৃত (বেদিক অধ্যয়ন) - আসনৰ সংখ্যা ৩০ খন
- শিক্ষা - আসনৰ সংখ্যা ৪০
- ৰাজনীতি বিজ্ঞান - আসনৰ সংখ্যা ৪০
- অসমীয়া - আসনৰ সংখ্যা ৪০খন
- দৰ্শন - আসনৰ সংখ্যা ৪০খন
- পাঁচ বছৰীয়া সংযুক্ত সংস্কৃত স্নাতকোত্তৰ পাঠ্যক্ৰম - আসনৰ সংখ্যা ৩০
তদুপৰি বিশ্ববিদ্যালয়খনে শক্তি আৰু তন্ত্ৰ শাস্ত্ৰ, বৌদ্ধ দৰ্শন, প্ৰকৃতি উপাসনা, গান্ধীবাদ আদিৰো শিক্ষা আগবঢ়ায়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৯৬২০৯ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।