অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম ডাউনটাউন বিশ্ববিদ্যালয়

অসম ডাউনটাউন বিশ্ববিদ্যালয় ২০১০ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয় বিধি,২০১০ৰ মতে গুৱাহাটীৰ পানীখাইতীত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় খনে প্ৰায় ৪২ একৰ ভূমি আৱৰি আছে। ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত বিশ্ববিদ্যালয়খন অসম সচিবালয়ৰ পৰা মাত্ৰ ১২ কিঃমিঃ নিলগত।

হালনাগাদ: ৩ জুন ২০২০ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অসম ডাউনটাউন বিশ্ববিদ্যালয় ২০১০ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয় বিধি,২০১০ৰ মতে গুৱাহাটীৰ পানীখাইতীত প্ৰতিষ্ঠা কৰা হয়।১ বিশ্ববিদ্যালয় খনে প্ৰায় ৪২ একৰ ভূমি আৱৰি আছে। ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত বিশ্ববিদ্যালয়খন অসম সচিবালয়ৰ পৰা মাত্ৰ ১২ কিঃমিঃ নিলগত।

বিশ্ববিদ্যালয়খন ডাউনটাউন চেৰিটেবল ন্যাসে প্ৰতিষ্ঠা কৰিছিল। ডাউনটাউন হস্পিটাল এই ন্যাসৰ পৰিচালক।২

অৱস্থান

অসম ডাউনটাউন বিশ্ববিদ্যালয় গুৱাহাটীৰ পানীখাইতীৰ মাধৱ নগৰ পথত অৱস্থিত।

শিক্ষা

বিশ্ববিদ্যালয় খনে বিভিন্ন বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আগবঢ়ায়। বিশ্ববিদ্যালয় খনত অভিযান্ত্ৰিক, হস্পিটালিটি, স্বাস্থ্য বিজ্ঞান আৰু ফাৰ্মাচী বিষয়ত বিভিন্ন পাঠ্যক্ৰমৰ সুবিধা আছে।

ই হোটেল ব্যৱস্থাপনা আৰু উদ্যোগিক প্ৰশিক্ষণত ডিগ্ৰী প্ৰদান কৰিবলৈ ভাৰত পৰ্যটন উন্নয়ন সংস্থাৰ লগত বুজাবুজিৰ চুক্তি চহী কৰিছে।

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ University. www.ugc.ac.in
  2. ↑ Assam down town University: The Leading University of north-east India. www.adtu.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ডাউনটাউন বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৩৫২৯২ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।