মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ মাজুলীত অৱস্থিত সংস্কৃতিৰ শিক্ষা আৰু গৱেষণাৰ বাবে স্থাপিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭-ৰ অধীনত স্থাপন কৰিছে।১ ২০১৮ চনৰ ১৩ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায় ৩০০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া অসমৰ প্ৰথমখন সংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷২
২০১৯ চনৰ ১০ জুন তাৰিখে অধ্যাপক ড॰ ডম্বৰুধৰ নাথে বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্যৰ পদবীত নিযুক্তি লাভ কৰে।৩ ডিচেম্বৰ ২০২২ ৰ পৰা অস্থায়ী transit চৌহদৰ পৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে।৪
তথ্যসূত্ৰ
- ↑ Assam house passes bills to set up universities. India Today
- ↑ CM lays stone for Assam's first cultural university at Majuli. Business Standard
- ↑ Newly-appointed VC of Cultural University visits Majuli island. The Assam Tribune
- ↑ Majuli Cultural University Classes To Begin Next Year. Pratidin Time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪৬৭৭২ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।