অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৭১১ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।১ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উচ্চশিক্ষা প্ৰদানত এই বিশ্ববিদ্যালয়ৰ যথেষ্ঠ বৰঙণি আছে।

ইতিহাস

উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)

বিশ্ববিদ্যালয়খন উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰবৃহত্তৰ অঞ্চলৰ সকলোতকৈ পুৰণি আৰু অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান। অসমৰ এক অন্যতম পিছপৰা আৰু ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত উত্তৰ লখিমপুৰ জিলাত ১৯৫২ চনৰ ৩ জুলাই তাৰিখে উত্তৰ লখিমপুৰ মহাবিদ্যালয় হিচাপে স্থাপিত হৈছিল। এই অঞ্চলৰ কেইবাজনো সমাজকৰ্মীৰ প্ৰচেষ্টাৰ ফলত উত্তৰ লখিমপুৰ মহাবিদ্যালয় গঢ় লৈ উঠিছিল। এই মহাবিদ্যালয় পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ আছিল। ২০১৩ চনৰ ৩০ মে'ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখনীয় যে, এই মহাবিদ্যালয়েই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত অসমৰ প্ৰথমখন মহাবিদ্যালয়।২৩

নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰ
নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰছবি: Bhaskarjyoti Bhuyan · CC BY-SA 4.0

মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council)ৰ মূল্যাংকনত ৩.০৮ মানেৰে "এ" শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে স্বীকৃত।৪৫

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়

পৰবৰ্তী সময়ত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি পূৰ্বৰ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।৬

দৰ্শন

বিশ্ববিদ্যালয়খনৰ মূল মন্ত্ৰ আৰু উদ্দেশ্য হৈছে আধুনিক শিক্ষা আৰু জ্ঞানৰ আলোকেৰে মানৱ সম্পদৰ বিকাশ সাধন। শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যাব পৰাকৈ সময়োপযোগী উচ্চ মানসম্পন্ন শিক্ষা প্ৰদানৰ সমান্তৰাল ভাৱে সমাজ জীৱনৰ সকলো স্তৰতে শিক্ষাৰ্থীসকলক সামাজিক কৰ্তব্য আৰু দায়িত্ববোধ সম্পন্ন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি বিশ্ববিদ্যালয়খনি দায়বদ্ধ। বহু সীমাবদ্ধতাৰ মাজতো সেয়ে বিশ্ববিদ্যালয়খনি শিক্ষাৰ্থী আৰু শিক্ষকৰ সমন্বয়েৰে সম্ভৱপৰ সকলো উপাদানেৰে বিকাশৰ আৰু উন্নত ভৱিষ্যতৰ মূলনীতিৰে পৰিচালিত হৈ আহিছে।

বিহংগম দৃষ্টিত নৰ্থ লখিমপুৰ কলেজৰ প্ৰশাসনিক ভৱন
বিহংগম দৃষ্টিত নৰ্থ লখিমপুৰ কলেজৰ প্ৰশাসনিক ভৱনছবি: Raja Sims Dutta · CC BY-SA 3.0

শৈক্ষিক

পাঠ্যক্ৰমসমূহ

বিশ্ববিদ্যালয় খনে কলা আৰু বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় খনত আন কিছুমান বৃত্তিমুখী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে, বৰ্তমান বিশ্ববিদ্যালয়খনত তলত দিয়া পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
  • স্নাতক (কলা আৰু বিজ্ঞান)
  • স্নাতকোত্তৰ ( অসমীয়া, ৰাজনীতি বিজ্ঞান, অনুবিদুৎ বিভাগ, ৰাসায়নিক বিজ্ঞান )
  • কম্পিউটাৰ বিজ্ঞানৰ স্নাতক (বি.চি.এ.)
  • পি জি ডিপ্লমা পাঠ্যক্ৰম
    • উদ্ভিদ কলা-কৰ্ষণ(ইংৰাজী ভাষা:Plant tissue-culture)ৰ স্নাতকোত্তৰ ডিপ্লমা
    • দূৰ্যোগ ব্যৱস্থাপনা(ইংৰাজী ভাষা:Disaster Management)ৰ স্নাতকোত্তৰ ডিপ্লমা
  • ইউ জি ডিপ্লমা পাঠ্যক্ৰম
  • চাৰ্টিফিকেট পাঠ্যক্ৰম
    • মানৱ অধিকাৰ পাঠ্যক্ৰমৰ ডিপ্লমা
    • ইলেকট্ৰনিকচ সামগ্ৰীৰ মেৰামতিৰ ডিপ্লমা
    • হাৰবেল প্লেনটেচনৰ ডিপ্লমা
    • কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ সম্পৰ্কীয় ছমহীয়া পাঠ্যক্ৰম
  • ফাউণ্ডেশ্যন পাঠ্যক্ৰম
  • ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম৭

এইসমূহৰ উপৰিও বিশ্ববিদ্যালয়খনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমৰো শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে।

শৈক্ষিক বিভাগসমূহ

কলা:

  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ (স্নাতকোত্তৰৰ সুবিধা)
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ (স্নাতকোত্তৰৰ সুবিধা)
  • নৃতত্ত্ব বিভাগ
  • ভূগোল বিভাগ
  • দৰ্শন বিভাগ
  • হিন্দী বিভাগ
  • জনসংযোগ বিভাগ (কেৱল স্নাতকোত্তৰৰ সুবিধা)

বিজ্ঞান:

  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ (স্নাতকোত্তৰৰ সুবিধা)
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অণুবিদ্যুৎ বিভাগ (স্নাতকোত্তৰৰ সুবিধা)
  • কম্পিউটাৰ বিজ্ঞান বিভাগ
  • পৰিসংখ্যা বিজ্ঞান বিভাগ
  • অৰ্থনীতি বিভাগ
  • নৃতত্ত্ব বিজ্ঞান বিভাগ
  • গণিত বিভাগ
  • গাৰ্হস্থ্য বিজ্ঞান বিভাগ

বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থালয়
  • প্ৰকাশন
  • কেৰিয়াৰ কাউন্সেলিং
  • প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ
  • ছাত্ৰাবাস
    • নৱ ছাত্ৰাবাস
    • সৌৰভ কুমাৰ চলিহা ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
    • ইন্দিৰামিৰি ছাত্ৰীনিৱাস
    • মামণি ৰয়ছম গোস্বামী ছাত্ৰীনিবাস
  • শৰীৰ চৰ্চা কেন্দ্ৰ
  • খেলপথাৰ
  • অসমীয়া, ইংৰাজী, হিন্দী ভাষাত ডিটিপি শিকাৰ পাঠ্যক্ৰম
নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰ
নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰছবি: Bhaskarjyoti Bhuyan · CC BY-SA 4.0

অধ্যক্ষসকল

বৰ্তমান অধ্যক্ষ

ড॰ বিমান চন্দ্ৰ চেতিয়া, এম.এচ.চি.,এম. ফিল, পি.এ‌ইচ.ডি.(ফেব্ৰুৱাৰী, ২০১২ৰ পৰা বৰ্তমানলৈ)

নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰ
নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰছবি: Bhaskarjyoti Bhuyan · CC BY-SA 4.0

পূৰ্বৰ অধ্যক্ষসকল

  1. ম: নাচিম আলি হাজৰিকা, এম.এ., এল.এল.বি. (১৯৫২ - ১৯৫৪)
  2. ড॰বিশ্বনাৰায়ণ শাস্ত্ৰী, এম.এ., পি.এ‌ইচ.ডি. (১৯৫৪ - ১৯৫৮)
  3. যোগানন্দ বৰগোহাঞি, এম.এ. (১৯৫৮ - ১৯৮৫)
  4. লাৱণ্য চৰণ ডেকা, এম.এ., এল.এল.বি. (ভাৰপ্ৰাপ্ত) (১৯৮৫ - ১৯৮৬)
  5. হৰেন্দ্ৰ দেৱ গোস্বামী, এম.এ. (ভাৰপ্ৰাপ্ত) (১৯৮৬ - ১৯৮৯)
  6. হেমেন্দ্ৰ কুমাৰ গগৈ, এম.এচ.চি., এম.ফিল. (১৯৮৯ - ২০০১)
  7. দিব্যজ্যোতি ফুকন, এম.এ. (ভাৰপ্ৰাপ্ত) (মাৰ্চ,২০০১ - চেপ্তেম্বৰ,২০০১)
  8. তিলক চন্দ্ৰ বৰুৱা, এম.এচ.চি., এম.ফিল. (ভাৰপ্ৰাপ্ত) (অক্টোবৰ,২০০১ – জুলাই,২০০৪)
  9. ড॰ যোগদা ফুকন, এম.এ., পি.এ‌ইচ.ডি., (ভাৰপ্ৰাপ্ত) (আগষ্ট,২০০৪ - চেপ্তেম্বৰ,২০০৪)
  10. অচ্যুত চন্দ্ৰ মহন্ত, এম.এ. (ভাৰপ্ৰাপ্ত) (নবেম্বৰ,২০০৪ - জুলাই,২০০৫)
  11. ড॰ সূৰ্যভূষণ পাণ্ডু, এম.এচ.চি., পি.এ‌ইচ.ডি., FISPP (আগষ্ট,২০০৫ - ডিচেম্বৰ,২০০৫)
  12. ড॰ বুধীন বৰুৱা, এম.এচ.চি., পি.এ‌ইচ.ডি. (জানুৱাৰী,২০০৬ - ডিচেম্বৰ,২০১১)

কলেজ প্ৰকাশন

নৰ্থ লখিমপুৰ কলেজৰ নিজা প্ৰকাশন আছে। ২০০১ চনত এই প্ৰকাশনৰ শুভাৰম্ভ হয়। প্ৰথমখন প্ৰকাশিত কিতাপ আছিল অঞ্জন কুমাৰ ওজাৰ দ্বাৰা প্ৰকাশিত সাহিত্য সমালোচনা তত্ত্ব৮ বৰ্তমানলৈকে কলেজ প্ৰকাশনৰপৰা প্ৰকাশিত কিতাপবোৰ হ’ল- সাহিত্য সমালোচনা তত্ত্ব (২০০১), সোণালী চিন্তা (২০০২), সোণোৱালী দিনবোৰ যেন (২০০২), সমাজ-সাহিত্য-সংস্কৃিত (২০১১), মহাত্মা গান্ধীঃ জীৱন আৰু দৰ্শন (২০১২), গোলাপ শৰ্মা (২০১২), অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি (২০১৩), মানৱ অধিকাৰ (২০১৩), নতুনৰ কবিতা (২০১৩), Germination of Seed of Entrepreneurship among College Students (২০১৩), কাৰাবন্দীৰ এজাক কুঠৰীৰ এজাক পোহৰ (২০১৩), বিশ্বাস, অবিশ্বাস, অন্ধবিশ্বাস (২০১৪), সময়ৰ সংশ্লেষ (২০১৪), অসমীয়া সাহিত্যৰ চানেকীঃ পাঠ আৰু আলোচনা (২০১৫), উত্তৰণত নাৰী (২০১৫), ৰজনীগন্ধা (২০১৫), লেখক (২০১৬), ৰমন্যাসবাদৰ পটভূমি (২০১৬), অসমীয়া বিয়ানাম (২০১৭), ভাৰতীয় ধৰ্মনিৰপেক্ষতা (২০১৭), লক্ষ্মীমপুৰৰ ভূগোল (২০১৮), সাহিত্য সমালোচনা (২০১৯), দৃষ্টিকোণঃ ভাষা সাহিত্য সংস্কৃতি (২০১৯) আদি।

লগতে চাওক

বাহ্যিক সংযোগ

  • বিশ্ববিদ্যালয়ৰ ভৌগোলিক স্থানাংক (অক্ষাংশ আৰু দ্ৰাঘিমাংশ):

তথ্যসূত্ৰ

  1. ↑ Assam: North Lakhimpur College (Autonomous) upgraded to North Lakhimpur University
  2. ↑ www.assamtribune.com/scripts/detailsnew.asp?id=j বিশ্ববিদালয় অনুদান আয়োগৰ দ্বাৰা নৰ্থ লখিমপুৰ কলেজলৈ স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি; দ্য আছাম ট্ৰিবিউন, আহৰণৰ তাৰিখ: ২১-০৬-২০১৩
  3. ↑ www.amarasom.glpublications.in/Details.aspx?id=1 বিশ্ববিদালয় অনুদান আয়োগৰ দ্বাৰা নৰ্থ লখিমপুৰ কলেজলৈ স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি; আমাৰ অসম, আহৰণৰ তাৰিখ: ০৩-০৬-২০১৩
  4. ↑ nlcollege.org: মহাবিদ্যালয়খনৰ ৱেবছাইট, আহৰণ কৰা তাৰিখঃ ২১-০২-২০১২
  5. ↑ web3.kar.nic.in/naac_accredit/NAAC_accreditation, search criteria: colleges, accredited colleges in: Assam, Cycle: 2, আহৰণ কৰা তাৰিখঃ ২২-০১-২০১২
  6. ↑ Assam: North Lakhimpur College (Autonomous) upgraded to North Lakhimpur University
  7. ↑ nlcollege.org: মহাবিদ্যালয়খনৰ ৱেবছাইট, আহৰণ কৰা তাৰিখঃ ২১-০২-২০১২
  8. ↑ অৰবিন্দ ৰাজখোৱা. (২০১৭). গ্ৰন্থ সৌৰভ. লখিমপুৰ গ্ৰন্থ উৎসৱ, ২০১৭. পৃ. ১০৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহউত্তৰ লখিমপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৩৩৭৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।