অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নগাঁও বিশ্ববিদ্যালয়

নগাঁও বিশ্ববিদ্যালয় (Nagaon University) হৈছে অসমৰ নগাঁও জিলা চহৰৰ মাজমজিয়াত অৱস্থিত এখন বিশ্ববিদ্যালয়। ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে নগাঁও মহাবিদ্যালয় হিচাপে স্থাপন কৰা শৈক্ষিক প্ৰতিষ্ঠানখন পাছলৈ স্বায়ত্বশাসন আৰু বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হয়। নগাঁও বিশ্ববিদ্যালয় অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান।

হালনাগাদ: ২১ মে’ ২০২৫ ৫৯৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নগাঁও বিশ্ববিদ্যালয় (Nagaon University) হৈছে অসমৰ নগাঁও জিলা চহৰৰ মাজমজিয়াত অৱস্থিত এখন বিশ্ববিদ্যালয়। ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে নগাঁও মহাবিদ্যালয় হিচাপে স্থাপন কৰা শৈক্ষিক প্ৰতিষ্ঠানখন পাছলৈ স্বায়ত্বশাসন আৰু বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হয়।১ নগাঁও বিশ্ববিদ্যালয় অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান। প্ৰথমাৱস্থাত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত হোৱা শিক্ষানুষ্ঠানখন ১৯৪৮ চনত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয়। ২

ইতিহাস

নগাঁও মহাবিদ্যালয়

কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকত মধ্য অসমত এখনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিল। জননেতা মতিৰাম বৰাকে প্ৰমুখ্য কৰি কেইগৰাকীমান বিশেষ ব্যক্তিৰ উদ্যম আৰু উদ্যোগত ১৯৪৪ চনৰ ৭ আগষ্টৰ নগাঁও মহাবিদ্যালয়ে শৈক্ষিক যাত্ৰাৰ পাতনি মেলে। প্ৰতিষ্ঠাৰ সময়ত শিক্ষানুষ্ঠানখনত সাতগৰাকী শিক্ষক আৰু সাতগৰাকী শিক্ষাৰ্থী আছিল। ডেস্ক-বেঞ্চো আছিল সাতখন। ৰাজ্য চৰকাৰৰ পৰা এটকীয়া ৰূপৰ মুদ্ৰাৰ বিনিময়ত নগাঁও চৰকাৰী হাইস্কুলৰ ছাত্ৰাৱাসসমূহ নগাঁও মহাবিদ্যালয়ৰ কতৃত্বলৈ আহে।

নগাঁও মহাবিদ্যালয় মূল প্ৰৱেশদ্বাৰ
নগাঁও মহাবিদ্যালয় মূল প্ৰৱেশদ্বাৰছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

নগাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাত মতিৰাম বৰাৰ ভূমিকা উল্লেখযোগ্য। তেখেত আছিল নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য স্থপতি। সেইসময়ত তেখেতে নগাঁও স্থানীয় সভাৰ অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি আছিল। নগাঁও বিধানসভা সমষ্ঠিত জয়লাভ কৰাৰ পাছত তেখেতে অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে। বিশ্ববিদ্যালয়খনৰ ভূমি-সংক্ৰান্তিয় কামকাজ, চৰকাৰী ডাক-বাংলা, শিক্ষানুষ্ঠানৰ বাবে প্ৰয়োজনীয় অৰ্থ, বৰদলৈ ভৱনৰ প্ৰতিষ্ঠাকে ধৰি একাধিক কৰ্মত মতিৰাম বৰাই আত্মনিয়োগ কৰে। নগাঁও জিলাৰ কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়েও বিত্ত আৰু নীতিনিৰ্ধাৰণৰ কামত হাত উজান দিয়ে। তাৰে ভিতৰত সমাজকৰ্মী বৃন্দাবন গোস্বামী, পূৰ্ণ চন্দ্ৰ শৰ্মা, প্ৰতাপ চন্দ্ৰ শৰ্মা, যোগ সিং ছেত্ৰী, মহি চন্দ্ৰ বৰা, হলধৰ ভূঞা, প্ৰিয় ৰঞ্জন সেনগুপ্তা, বিমলা কান্ত বৰা, ডা০ ললিত বৰুৱা, প্ৰিয়নাথ সেন আদি প্ৰধান।

নগাঁও মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাই। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক যজ্ঞেশ্বৰ শৰ্মাই ইংৰাজী সাহিত্যৰ উপৰি অসমীয়া আৰু সংস্কৃততো পাণ্ডিত্য দেখুৱাইছিল। তেখেতৰ লগত শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ হকে কাম কৰিছিল অসমৰ ইতিহাসবিদ, সাহিত্যিক তথা নগাঁৱৰে সন্তান ড° সূৰ্য্যকুমাৰ ভূঞাই। তেখেত আছিল শিক্ষানুষ্ঠানখনৰ পৰিচালনা সভাৰ সভাপতি। পোনতে নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত। ১৯৪৮ চনত শিক্ষানুষ্ঠানখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয়। ৩ সেইসময়ত বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষৰ আসনত আছিল সংস্কৃত পণ্ডিত আৰু সুসাহিত্যিক কৃষ্ণকান্ত সন্দিকৈ। দেশৰ বিভাজনৰ পাছত নগাঁও বিশ্ববিদ্যালয়ৰ লগত বিশেষকৈ বিজ্ঞান শাখাত কিছুসংখ্যক সুশিক্ষিত প্ৰব্ৰজনকাৰী জড়িত হয়। ৪

নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী ছাত্ৰ আছিল চাৰিঙৰ চিকন চন্দ্ৰ কাকতি। প্ৰথমটো বৰ্ষত মহাবিদ্যালয়খনত মুঠ ১৪১ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল। ছাত্ৰীৰ সংখ্যা আছিল ১৮ গৰাকী। প্ৰথমটো বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৫০%। ১৯৪৬ চনৰ পৰা শিক্ষানুষ্ঠানখনত স্নাতক পৰ্যায়ৰ শ্ৰেণীসমূহ আৰম্ভ হয়। ১৯৫০ চনত বাণিজ্য আৰু তাৰ ঠিক ৯ বছৰৰ পিছত অৰ্থাৎ ১৯৫৯ চনত বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণী প্ৰৱৰ্তন হয়। ৫

ৰ মূৰ্তি]]

নগাঁও মহাবিদ্যালয় (স্বায়ত্বশাসিত)

২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে দহবছৰৰ বাবে স্বায়ত্ত্বশাসন প্ৰদান কৰে। ৬

নগাঁও বিশ্ববিদ্যালয়

নগাঁও বিশ্ববিদ্যালয় আইন ২০২৩ অনুসৰি নগাঁও মহাবিদ্যালয় (স্বায়ত্বশাসিত)ক বিশ্ববিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰা হয়।১

বিশ্ববিদ্যালয় সংগীত

“গাওঁ আহা সমনীয়া এহে....’’শীৰ্ষক গীতটো তেতিয়াৰ মহাবিদ্যালয়ৰ বাবে সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাই লিখিছিল আৰু সুৰ দিছিল যজ্ঞ বেজবৰুৱাই।৭

অধ্যক্ষসকল

১৯৪৪ চনৰপৰা ২০২১ চনলৈকে পূৰ্বৰ মহাবিদ্যালয়ত চৌধ্যগৰাকী অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।৮

ক্ৰমিক নংঅধ্যক্ষকাৰ্যকাল
১যজ্ঞেশ্বৰ শৰ্মা১/৮/১৯৪৪-৪/৯/১৯৬৮
২ফণীলাল দত্ত (ভাৰপ্ৰাপ্ত)৫/৯/১৯৬৮-২২/১১/১৯৭১
৩মুহিৰাম শইকীয়া২৩/১১/১৯৭১-১/১২/১৯৮৫
৪বুদ্ধেশ্বৰ গোহাঁই (ভাৰপ্ৰাপ্ত)২/১২/১৯৮৫-৩০/১০/১৯৮৬
৫প্ৰদীপ শইকীয়া৩১/১০/১৯৮৬-৩০/১১/১৯৯৬
৬আব্দুল হেকিম (ভাৰপ্ৰাপ্ত)১/১২/১৯৯৬-৩১/১২/১৯৯৬
৭গণেশ চন্দ্ৰ বৰুৱা (ভাৰপ্ৰাপ্ত)১/১/১৯৯৭-১৭/১/১৯৯৭
৮মহেন্দ্ৰ আহোম১৮/১/১৯৯৭-১৬/১২/২০০২
৯বাবুলাল পাল (ভাৰপ্ৰাপ্ত)১৭/১২/২০০২-৩১/১০/২০০৩
১০মানবেন্দ্ৰ নাগ (ভাৰপ্ৰাপ্ত)১/১১/২০০৩-২৯/২/২০০৪
১১অসীমা দেৱ (ভাৰপ্ৰাপ্ত)১/৩/২০০৪-১০/১১/২০০৪
১২ৰূপদা কান্ত ভূঞা (ভাৰপ্ৰাপ্ত)১১/১১/২০০৪-১৯/১১/২০০৪
১৩ড॰ খৰ্গেশ্বৰ ভূঞা২০/১১/২০০৪-৩১/১২/২০১১
১৪ড॰ শৰৎ বৰকটকী১/১/২০১২-বৰ্তমানলৈকে

পুথিভঁৰাল

বিশ্ববিদ্যালয়খনৰ পুথিভঁৰালটো ১৯৪৪ চনতে আৰম্ভ কৰা হয়। পুথিভঁৰালটোৰ নাম হৈছে- মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকন পুথিভঁৰাল। মহেন্দ্ৰনাথ মৈহেংদা ডেকাফুকন আছিল অসমৰ এগৰাকী কবি-সাহিত্যিক, শিল্পী-অভিনেতা, বুদ্ধিজীৱী তথা সমাজ-সংস্কাৰক। ৯ উল্লেখযোগ্য যে, নগাঁও বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোত শেহতীয়াকৈ ডিজিটেল প্ৰযুক্তি সংযুক্ত হৈছে।

বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত উল্লেখ থকা তথ্যানুযায়ী, পুথিভঁৰালটোত প্ৰায় ৫২,০০০খন গ্ৰন্থ আৰু বিশখন পত্ৰিকা/আলোচনী আছে। ইয়াৰ উপৰি একাধিক বাতৰি কাকত আৰু মাহেকীয়া/পষেকীয়া আলোচনীও পুথিভঁৰালটোত আছে। ১০

বিভাগসমূহ

বিশ্ববিদ্যালয়খনত নিম্নোল্লিখিত ২৪টা বিভাগ আছে।

অসমীয়া বিভাগ

অসমীয়া বিভাগ
অসমীয়া বিভাগছবি: Dhanada Devi · CC0

নগাঁও বিদ্যালয়ত ১৯৪৪ চনত প্ৰতিষ্ঠা হয়। সেই চনতে অসমীয়া বিভাগো প্ৰতিষ্ঠা হয়।১১১২ ১৯৪৬ চনত অসমীয়া বিষয়ত বি.এ.(স্নাতক) শ্ৰেণীৰ পাঠ্যক্ৰমে অনুমোদন লাভ কৰে।১২ অসমীয়া বিভাগৰ প্ৰথম গৰাকী অধ্যাপক আছিল দীনেশ চন্দ্ৰ দত্ত। ১৯৬১ চনত নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অসমীয়া বিষয়ত প্ৰথম অনাৰ্চ পোৱা ছাত্ৰ আছিল দুজন আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ৰংবং তেৰাং আৰু টংকেশ্বৰ দাস। দীনেশ চন্দ্ৰ দত্ত দেৱৰ সময়ৰে পৰা অসমীয়া বিভাগত অধ্যাপকালি কৰা অধ্যাপক সকল হল- অধ্যক্ষ যজ্ঞেশ্বৰ শৰ্মা, গদাধৰ শৰ্মা, কিৰণ চন্দ্ৰ শৰ্মা আৰু মহেশ চন্দ্ৰ দেৱগোস্বামী। ১৯৫৪ চনত মহিম বৰা দেৱে অধ্যাপক হিচাপে যোগদান কৰে। ১৯৬৩ চনৰ পৰা বিভাগত সন্মান পাঠ্যক্ৰম আৰম্ভ হয়। সন্মান পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে আৰু চাৰিজন অধ্যাপকে নিযুক্তি লাভ কৰে। তেওঁলোক যথাক্ৰমে - ড° সৰ্বেশ্বৰ ৰাজগুৰু, তাৰিণী প্ৰসাদ শৰ্মা,মাণিক চন্দ্ৰ বৰা আৰু মনোমোহন দাস। ১৯৯১ চনত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ হোৱা বিভাগটোত অধ্যাপনা কৰা অধ্যাপকসকল হল - ড° গিৰি কান্ত গোস্বামী, কল্পনা হাজৰিকা গায়ন, দীপক কুমাৰ বৰা, ড° ৰূপাঞ্জলি দেৱী, ধনদা দেৱী, ড° মানস জ্যোতি নিৰ্মলীয়া, ড° বনশ্ৰী দাস। বৰ্তমান বিভাগৰ মুৰব্বী ধনদা দেৱী।১১ ১৩

সংস্কৃত বিভাগ

Sanskrit department
Sanskrit departmentছবি: জিত দাস · CC0

সংস্কৃত বিভাগ নগাঁও বিশ্ববিদ্যালয় আৰম্ভণিৰ পৰাই আছে। বৰ্তমান সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক চন্দন হাজৰিকাৰ।

বঙালী বিভাগ

বঙালী বিভাগ ১৯৪৪ চনত নগাঁও বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠিত হৈছিল

হিন্দী বিভাগ

নগাওঁ মহাবিদ্যালয়ৰ হিন্দী বিভাগ ১৯৪৪ চনতেই স্থাপিত হৈছিল। বৰ্তমান সময়ত বহুতো ছাত্ৰ ছাত্ৰীয়ে হিন্দী বিভাগত অধ্যয়ন কৰি আছে। বৰ্তমান হিন্দী বিভাগৰ অধ্যাপক আৰু অধ্যাপীকাৰ সংখ্যা হল চাৰি জন। মুৰব্বী অধ্যাপিকাৰ নাম হল কৰবী দেৱী।

ইংৰাজী বিভাগ

নগাঁও বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৪ চনত। এই বিভাগত বহুকেইজন শিক্ষক-শিক্ষয়িত্ৰী আছে।

ভূগোল বিভাগ

১৯৪৪ চনত স্থাপিত নগাওঁ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ বৰ্তমানৰ মুৰব্বী অধ্যাপক ধ্ৰুবজ্যোতি বৰুৱা।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Nagaon University Act, 2023
  2. ↑ Affiliated College of Gauhati University
  3. ↑ NOWGONG COLLEGE – Just another My Website site. www.nowgongcollege.edu.in
  4. ↑ HISTORY – NOWGONG COLLEGE. www.nowgongcollege.edu.in
  5. ↑ বৰা, দীপক কুমাৰ; বৰঠাকুৰ, ড° লক্ষ্যজ্যোতি. (২০১৮-১৯). পয়সত্তৰ বছৰৰ বৰ্ণিল দস্তাবেজ. নগাঁও মহাবিদ্যালয়. ISBN ৯৭৮-৯৬-৮৫৩১০-৭০-৬
  6. ↑ (22 December, 2020). Nowgong College Gets Autonomous Status. time8
  7. ↑ বৰা, দীপক কুমাৰ, বৰঠাকুৰ, লক্ষ্যজ্যোতি (সম্পা:). (২০১৮-১৯). মহাবিদ্যালয় সংগীত. নগাঁও মহাবিদ্যালয় মহাৰজত জয়ন্তী উদযাপন সমিতি. পৃ. প্ৰথম. ISBN 978-96-85310-70-6
  8. ↑ (২০১৮-১৯). পয়সত্তৰ বছৰৰ বৰ্ণিল দস্তাবেজ. নগাঁও মহাবিদ্যালয়. পৃ. ৩০৭. ISBN ৯৭৮-৯৬-৮৫৩১০-৭০-৬
  9. ↑ (২০১৮-১৯). পয়সত্তৰ বছৰৰ বৰ্ণিল দস্তাবেজ. নগাঁও মহাবিদ্যালয়. ISBN ৯৭৮-৯৬-৮৫৩১০-৭০-৬
  10. ↑ FACILITY. Nowgong College
  11. ↑ বৰা,দীপক.বৰঠাকুৰ,লক্ষ্যজ্যোতি. (২০২৩). নগাঁও মহাবিদ্যালয় অসমীয়া বিভাগ. পৃ. ১৭৪
  12. ↑ ঋত্বিক মজুমদাৰ. (আগষ্ট ২০২০). আৰ্কাইভৰ নথিত মধ্য অসমৰ প্ৰথমখন মহাবিদ্যালয়. পৃ. ৬৬
  13. ↑ (২০২০). আৰ্কাইভৰ নথিত মধ্য অসমৰ প্ৰথমখন মহাবিদ্যালয়. পৃ. ৬৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১১০৮১ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।