{{Infobox writer |image =Dr. Malini.jpeg |imagesize = | name = ড০ মালিনী | caption = | pseudonym = ড০ মালিনী | birth_name = নীলিমা শইকীয়া | birth_date = | birth_place = যোৰহাট, অসম | death_date = | death_place = | occupation = বিজ্ঞানী, লেখিকা, বক্তা, গৱেষিকা, উপদেষ্টা | nationality = ভাৰতীয় | period = | genre = অসমীয়া সাহিত্য | subject = ৰামায়ণী সাহিত্য | movement = |notableworks = -মন্দোদৰী -যাজ্ঞসেনী -বিদেহ নন্দিনী'' | influences = | awards = বি. পি. পোড্ডাৰ স্মাৰক বঁটা (২০০৩-০৪), কুমাৰ কিশোৰ সাহিত্য বঁটা (২০১৩), বিদ্যা সাগৰ সন্মান (২০১৪), পৰিৱেশৰ বাবে এম.এফ. হুছেইন আন্তৰ্জাতিক বঁটা (২০১৪), সাহিত্য বঁটা (২০১৬) | signature = | website = www.drmalini.com }}
ড০ নীলিমা শইকীয়া (Dr Neelima Saikia) বা ড০ মালিনী (Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা শইকীয়াই মাটিৰ অণুজীৱবিজ্ঞান, জৈৱিক উপায়েৰে মাটি প্ৰৱন্ধনৰ লগতে আৰু উদ্ভিদ আৰু ভূ-স্বাস্থ্যৰ দিশত অভিজ্ঞতা অৰ্জন কৰিছে৷ জৈৱ-প্ৰতিকাৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০০৩-০৪ চনত ভাৰত চেম্বাৰছ অৱ কমাৰ্ছৰ তৰফৰ পৰা বি.পি. পোড্ডাৰ স্মাৰক বঁটা পাবলৈ সক্ষম হৈছিল৷ ড০ মালিনী ৰামায়ণী আৰু মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ ৰামায়ণ আৰু মহাভাৰতৰ বহুকেইটা নাৰী চৰিত্ৰ তেখেতৰ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ৷ ইয়াৰ উপৰি ড০ মালিনীয়ে বিজ্ঞানভিত্তিক আৰু বিশ্লেষণাত্মক গ্ৰন্থও ৰচনা কৰিছে৷ তেখেত যোৰহাট তৰাজানস্থিত মহাকাব্যিক অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক-সচিব৷ ১
বৈজ্ঞানিক কৰ্ম
ড০ নীলিমা শইকীয়া সামাজিক-অৰ্থনৈতিক বিকাশৰ বাবে একাধিক প্ৰযুক্তিৰ বিকাশ সাধন কৰিছে৷ এতিয়ালৈকে তেখেতে পঞ্চাছখনতকৈও অধিক গৱেষণা-পত্ৰ প্ৰস্তুত কৰিছে৷ ড০ নীলিমা শইকীয়া ছটা পেটেণ্টৰ অধিকাৰী৷ নতুন দিল্লীত নতুনকৈ স্থাপিত হোৱা বৈজ্ঞানিক আৰু উদ্ভাৱনমূলক গৱেষণা একাডেমি(AcSIR)ত তেখেতে সহযোগী ডিন হিচাপে দায়িত্ব পালন আৰু কৰ্ম সম্পাদন কৰিছিল৷ ১
ড০ নীলিমা শইকীয়া জড়িত হৈ থকা দুটামান বৈজ্ঞানিক প্ৰকল্প তলত উল্লেখ কৰা হৈছে২:
(১) চাহ খেতিৰ অধীনৰ মাটিত জৈৱ-পচনশীল কীটনাশকৰ প্ৰতি জীৱাণুজনিত সঁহাৰি, অভ্যন্তৰীণ, নতুন দিল্লী, ১৯৮৭-৯২
(২) মাটিৰ মাইক্ৰ'ফ্লোৰাৰ ওপৰত কৃষি-ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগৰ পৰা লাভ কৰা পুঁজিৰ সহায়ত, ১৯৮৯-৯২
(৩) কৃষি, পাৰিপাৰ্শ্বিক প্ৰদূষণ, জৈৱনিয়ন্ত্ৰণ (কীট, ভেঁকুৰ আৰু অপতৰণ নিয়ন্ত্ৰক) আৰু ভূমি উৰ্বৰতাৰ বাবে ভূ অণুজীৱৰ ব্যৱহাৰ, অভ্যন্তৰীণ, নতুন দিল্লী, ১৯৯৭-২০০২
(৪) খাৰুৱা তেলৰ দ্বাৰা দূষিত হোৱা মাটিত উৎপন্ন উদ্ভিদৰ ৰক্ষণাবেক্ষণ, নিৰীক্ষণ আৰু বিষাক্ততা নিৰ্ধাৰণ, তেল আৰু প্ৰাকৃতিক গেছ নিগম, শিৱসাগৰ, অসম, ভাৰত, ২০০১-২০০৩
(৫) পৰিৱেশ সুৰক্ষাৰ বাবে উদ্ভিদ বিকাশ কৰি ড্ৰিল চাইটবোৰৰ বায়'-ফাইট' প্ৰতিকাৰৰ এক পদ্ধতি: অ'এনজিচিৰ পৃষ্ঠপোষকতাত, ২০০৮-২০১১
সাহিত্যিক কৰ্ম
ড০ নীলিমা শইকীয়াৰ ছদ্ম নাম হৈছে ড০ মালিনী৷ এইটো নামেৰেহে তেখেত পাঠক সমাজৰ ওচৰত পৰিচিত৷ তেখেতে বিগত সময়ত ৰামায়ণ আৰু মহাভাৰতৰ অনেক নাৰী চৰিত্ৰৰ আধাৰত কেইখনমান উপন্যাস ৰচনা কৰিছে৷ তেখেতৰ একাংশ গ্ৰন্থ ইংৰাজী ভাষালৈও অনূদিত হৈছে৷ ইয়াৰোপৰি শিশু আৰু বিজ্ঞানমূলক লেখাৰ পঢ়ুৱৈসকলৰ বাবেও তেখেতে গ্ৰন্থ আৰু নিয়মীয়াকৈ প্ৰবন্ধ ৰচনা কৰিছে৷ তেখেতৰ মুঠ গ্ৰন্থৰ সংখ্যা চল্লিচখনতকৈও অধিক৷ ১তেখেতৰ দুখনমান গ্ৰন্থ তলত উল্লেখ কৰা হৈছে৷ ৩
- গৱেষণা গ্ৰন্থ
(১) বাল্মিকী ৰামায়ণ: মত-দ্বিমত আৰু বিশ্লেষণ (বাল্লিমী ৰামায়ন: দৃষ্টিভংগী, সংঘাত আৰু বিশ্লেষণ) (২০১৭)
- উপন্যাস
(১) বিদেহ নন্দিনী (২০০৮)
(২) যাজ্ঞসেনী (২০০৯)
(৩) কাশী কন্যা অম্বা (২০১০)
(৪) মন্দোদৰী (২০১২)
(৫) ঋষি কন্যা (২০১৩) (৬) সুৰাংগনা (২০১৬)
- গল্প
(১) মৰহা ফুলৰ সুবাস (১৯৯৭)
(২) বৃত্তৰ পৰিধিৰ বাহিৰত (২০০১)
(৩) নতুন যুগৰ সূচনা (২০০৩)
(৪) ৰোমন্থন (২০০৫)
(৫) ড০ মালিনীৰ স্ব-নিৰ্বাচিত গল্প (২০১১) (৬) অজান পখী (২০১৬)
- শিশুৰ বাবে লিখা গ্ৰন্থ
(১) অকণিহঁতলৈ সাধুৰ চলেৰে বিজ্ঞান (১৯৯৫)
(২) বিজ্ঞান বিচিত্ৰা (২০০০)
(৩) জানানে? বিজ্ঞানৰ বিচিত্ৰ কথা (২০০০)
(৪) আমাৰ চৌপাশ (২০০৮)
(৫) দৈনন্দিন জীৱনত বিজ্ঞান (১৯৯৯)
- সম্পাদনা
(১) ভাৰতীয় বিজ্ঞানী: ৪৮গৰাকী প্ৰখ্যাত ভাৰতীয় বিজ্ঞানীৰ বিষয়ে, ২০১০
- জীৱনী'
(১) ড০ মহেশ্বৰ নেওগ, ১৯৯৮
বঁটা
(১) পৰিৱেশৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে ড০ এম.এফ. হুছেইন আন্তৰ্জাতিক পৰিৱেশ বঁটা, ২০১৪, মহাত্মা ফুলে টেলেণ্ট ৰিচাৰ্ছ একাডেমি,৪
(২) ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৩ চনত বিদ্যা সাগৰ বঁটা প্ৰদান কৰা হয়৷ এই বঁটাটো বিক্ৰমশীলা বিশ্ববিদ্যালয়ে প্ৰদান কৰে, যিটো শিক্ষানুষ্ঠানখনৰ ডক্তৰেট ডিগ্ৰীৰ সমতুল্য৷ ২০১৩ চনৰ ১৩-১৪ ডিচেম্বৰত হাৰিয়ানাৰ উজ্জয়িনীত অনুষ্ঠিত হোৱা শ্ৰী ৰাম সেৱা আশ্ৰমৰ সাহিত্য অধিৱেশনত প্ৰদান কৰা হয়, ৫
(৩) প্ৰাথমিক শিক্ষা আৰু সাক্ষৰতা বিভাগ, মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনত প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা, ২০০১, আদৰ্শ বোৱাৰী শীৰ্ষক গ্ৰন্থৰ বাবে, (নৱশিক্ষিতসকলৰ বাবে গ্ৰাম্য-প্ৰযুক্তিৰ সন্দৰ্ভত কিতাপ)৬
(৪) এনচিআৰটিইৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা, ১৯৯৯, সাধুৰ চলেৰে বিজ্ঞান শীৰ্ষক গ্ৰন্থৰ বাবে৭
(৫) বি.পি. পোড্ডাৰ স্মাৰক বঁটা, ২০০৪, বৈজ্ঞানিক প্ৰকল্পৰ বাবে, প্ৰকল্পৰ বিষয়-Development of vegetation in crude oil contaminated soil through application of bioformulation (2001-2003)৮
(৬) সাহিত্য বঁটা, ডিচেম্বৰ ২০১৪, সদৌ অসম লেখিকা সমাৰোহ সমিতি,৯
(৭) মন্দোদৰী উপন্যাসৰ বাবে কুমাৰ কিশোৰ সাহিত্য বঁটা, ২০১৩, অসম সাহিত্য সভা১০
(৮) সম্প্ৰীতি শইকীয়া স্মাৰক বঁটা, ডিচেম্বৰ ২০১১, সদৌ অসম লেখিকা সমাৰোহ সমিতি,১১
তথ্যসূত্ৰ
- ↑ About Dr. Malini. আনুষ্ঠানিক ৱেবছাইট
- ↑ Scientific Projects
- ↑ Publications Literature
- ↑ www.drmalini.com/international_award2014.php
- ↑ www.drmalini.com/national_award2013.php
- ↑ www.drmalini.com/national_award2001.php
- ↑ www.drmalini.com/national_award1999.php
- ↑ www.drmalini.com/national_award2004.php
- ↑ www.drmalini.com/state_award2014.php
- ↑ www.drmalini.com/state_award2013.php
- ↑ www.drmalini.com/state_award2011.php
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড° মালিনী” প্ৰবন্ধৰ সংশোধন ৩৮৬৭২১ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।