ইলু দেৱী বৰুৱা (ইংৰাজী: Elu Devi Baruah) এগৰাকী অসমীয়া সাহিত্যিক আৰু চিত্ৰশিল্পী | অসমৰ সকলো আগশাৰীৰ কাকত আলোচনীৰ তেখেত এজন নিয়মীয়া প্ৰবন্ধকাৰ | তেখেত বৃহত্তৰ অসমৰ (মেঘালয় সহ ) প্ৰথম গৰাকী মহিলা সহকাৰী কাৰাগাৰ অধীক্ষক আছিল। সেই সময়ৰ অভিজ্ঞতাৰ আলম লৈ লিখা ' কাৰাগাৰৰ ডায়েৰী' তেখেতৰ সৰ্বোত্তম জনপ্ৰিয় গ্ৰন্থ।
প্ৰাৰম্ভিক আৰু কৰ্ম জীৱন
১৯৪৮ চনত যোৰহাট জিলাত জন্ম গ্ৰহণ কৰা ইলু দেৱী বৰুৱাই যোৰহাটৰ দেৱীচৰণ বৰুৱা মহিলা মহাবিদ্যালয় পৰা স্নাতক উপাধি লাভ কৰে। গুৱাহটীৰ বাণীকান্ত কাকতি বি টি কলেজ ৰ পৰা বি টি উপাধি লাভ কৰে। ১৯৬৯ চনত যোৰহাট কেন্দ্ৰীয় কাৰগাৰত সহ কাৰাধ্যক্ষ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। কাৰাগাৰৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তেখেত শিক্ষা জগতৰ লগতো জড়িত আছিল। ১৯৮৯ আৰু ১৯৯০ চনত যোৰহটত ফাইন আৰ্ট ছছাইটি আৰু গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ পৰা ফাইন আৰ্টত ডিপ্লোমা অৰ্জন কৰা ইলু দেৱী বৰুৱাই গুৱাহাটীৰ সৰু ডাঙৰ আৰ্ট স্কুলত ছাত্ৰ-ছাত্ৰীক ছবি আঁকিবলৈ শিকায়। অৱশেষত ' ছবিঘৰ ' নামৰ আৰ্ট স্কুলখন নিজে প্ৰতিষ্ঠা কৰে আৰু ২৫ বছৰৰো অধিক দিন এই স্কুলত বহুতো কলা অনুৰাগী ছাত্ৰ ছাত্ৰীক ছবি অঁকাৰ লগতে অন্যান্য ফাইন আৰ্টচৰ শিক্ষা দিয়ে।
সাহিত্যচৰ্চা
সৰুৰে পৰা ব্যতিক্ৰমী কিবা এটা কৰাৰ হেঁপাহ আছিল ইলু দেৱী বৰুৱাৰ। সেই মতে সুযোগ পাই কঠিন হব বুলি জানিও কাৰাগাৰৰ চাকৰিটো বাচি লৈছিল। অপৰাধ জগতৰ দুৰ্দান্ত, দুৰ্বোধ্য কয়েদী সকলৰ মাজতো মানৱীয় দিশ দেখা পাই অভিভূত হৈ পৰা ইলু দেৱী বৰুৱাই ' কাৰাগাৰৰ ডায়েৰী '১ দৰে ব্যতিক্ৰমী গ্ৰন্থৰে সাহিত্য কৰ্ম আৰম্ভ কৰে। এই গ্ৰন্থত আছে ১৯৯৮ চনৰ পৰা ডেৰ বছৰ কাল ' আমাৰ অসম ' কাকতৰ দেওবৰীয়া আলোচনী ' পূৰ্বাচল 'ত প্ৰত্যেক সপ্তাহতে প্ৰকাশিত হোৱা কাৰাগাৰৰ অভিজ্ঞতাৰে সত্য ঘটনাৰ আধাৰত লিখা গল্প সমূহ। পাঠকৰ মাজত জনপ্ৰিয় হৈ পৰা এই গ্ৰন্থখনৰ তিনিটাকৈ খণ্ড প্ৰকাশ হয়। ইয়াৰ উপৰিও কাৰাগাৰ, অপৰাধী, অপৰাধ আদিৰ ওপৰত কুৰিতকৈও বেছি চিন্তা গধূৰ প্ৰবন্ধ লিখি অসমৰ কাৰাগাৰ সাহিত্যিক চহকী কৰে। ইলু দেৱী বৰুৱাৰ সাহিত্য কৰ্ম কাৰাগাৰ সাহিত্যৰ মাজতে সীমাবদ্ধ নহয়। কবিতা সংকলন, গল্প-সংকলন, উপন্যাস, প্ৰবন্ধ সংকলন, ভ্ৰমণ কাহিনী, আলেখ্য, অনুবাদ আৰু শিশু সাহিত্য সহ প্ৰায় ২৫খন গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
নিৰ্বাচিত ৰচনা
সত্য কাহিনীৰ আধাৰত
- কাৰাগাৰৰ ডায়েৰী (প্ৰথম খণ্ড), প্ৰকাশক - বাণী প্ৰকাশ, গুৱাহাটী
- কাৰাগাৰৰ ডায়েৰী (প্ৰথম, দ্বিতীয়,তৃতীয় খণ্ড), প্ৰকাশক - বাণী প্ৰকাশ, গুৱাহাটী
উপন্যাস
- অন্য পৃথিৱী, প্ৰকাশক - জ্যোতি প্ৰকাশন, গুৱাহাটী
- দুজনী পতিতাৰ আত্নকথাৰে, প্ৰকাশক - ধেমাজি বুকষ্টল বুকষ্টল, ধেমাজি
- ভজৰে অ' ভজৰে মন (উপন্যাস সংকলন), প্ৰকাশক - সাহিত্য ৰত্ন প্ৰকাশন, গুৱাহাটী
গল্প সংকলন
- বৰ্ণময় আকাশ, প্ৰকাশক - জ্যোতি প্ৰকাশন, গুৱাহাটী
- হেৰা শুনিচান, প্ৰকাশক - বাণী মন্দিৰ, গুৱাহাটী
- আপী পলাল, প্ৰকাশক - স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
প্ৰবন্ধ সংকলন
- চিন্তনীয়, প্ৰকাশক - ধেমাজি বুকষ্টল বুকষ্টল, ধেমাজি
- ধৰ্ষণৰ শেষ ক'ত, প্ৰকাশক - ধেমাজি বুকষ্টল বুকষ্টল, ধেমাজি
- জুভিনাইল ডিলিংকুয়েনঞ্চি আৰু শিশু অপৰাধী, প্ৰকাশক - স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
শিশু সাহিত্য
- ৰঙীন চছমাৰ আঁৰত, প্ৰকাশক - ষ্টুডেণ্ট ষ্টোৰচ, গুৱাহাটী
- কণ কণৰ মনোৰম চৰাই, প্ৰকাশক- লক্ষ্মীৰত্ন প্ৰকাশন, গুৱাহাটী
- বগ উৰে জাকি মাৰি মন উৰে পাখি মেলি, প্ৰকাশক - স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
- লুলু, ৰানকি আৰু পুঁইই, প্ৰকাশক- লক্ষ্মীৰত্ন প্ৰকাশন, গুৱাহাটী
- তীখৰ আৰু চুটি বাই (নাট), প্ৰকাশক - স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
- এডাল পঞ্চাশ ফুট দীঘল অজগৰ সাপ আৰু এটি কণমানি কুকুৰা পোৱালি (গল্প সংকলন), প্ৰকাশক - স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
- লাৰুৱা গোপাল (নাট),প্ৰকাশক - স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
কবিতা
- মোৰ গাভৰু কালৰ কবিতা,প্ৰকাশক- পুথি প্ৰকাশন, গুৱাহাটী
অনুবাদ
- PRISON DIARY,মূল - কাৰাগাৰৰ ডায়েৰী,ইলু দেৱী বৰুৱা | অনুবাদক - প্ৰদীপ আচাৰ্য,প্ৰকাশক- স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
- ৰুমৰ্গৰ হত্যা ৰহস্য - মূল - এড্গাৰ এল্যেন পো, প্ৰকাশক- স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
- নেট দি গ্ৰেট্ (অনুবাদ, কথা আৰু ছবি), প্ৰকাশক- স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
ভ্ৰমণ কাহিনী
- আমচী মুম্বাই, প্ৰকাশক- স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
আলেখ্য
- জয়যাত্ৰা, প্ৰকাশক- স্বৰ্ণলতা প্ৰকাশন, গুৱাহাটী
বঁটা আৰু সন্মান
অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা ইলু দেৱী বৰুৱাক বহুতো সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ২০১৯ লাভ কৰা ' গিৰিবলা চৌধুৰী বঁটা ' আৰু ২০২o চনত অসম লেখিকা সন্থাৰ দ্বাৰা প্ৰদান কৰা ' জীৱন জোৰা সাধনা বঁটা ' বিশেষ ভাৱে উল্লেখনীয়।
পাৰিবাৰিক জীৱন
১৯৭৫ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰসন্ন কুমাৰ বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হয়। ২০২০ চনত তেখেতৰ পৰলোপ্ৰাপ্তি হয়। তেখেত নিজেও নাট্যকাৰ, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু সংলাপ ৰচক আছিল। কথাছবি - ধৰ্মকাই তেখেতৰ উলেখনীয় সৃষ্টি। েখেসকলৰ দুই পুত্ৰ - মানস বৰুৱা আৰু আৰীয়ান বৰুৱা |
বাহ্যিক সংযোগ
ইউটিউবত মৃদুল কুমাৰ সন্দিকৈৰ সৈতে সাক্ষাৎকাৰ
তথ্যসূত্ৰ
- ↑ Internet Archive। archive.org/details/in.ernet.dli.2015.451536। আহৰণ কৰা হৈছে। 25 January, 2017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলু দেৱী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৯৯৩১৬ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।