অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অমৰেশ দত্ত

অমৰেশ দত্ত (Amaresh Datta) হ'ল ইংৰাজী সাহিত্যৰ এজন ভাৰতীয় পণ্ডিত। সাহিত্য অকাডেমি‍ৰ দ্বাৰা প্ৰকাশিত ভাৰতীয় সাহিত্যৰ বিশ্বকোষ খনৰ তেখেত আছিল মুখ্য সম্পাদক।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

অমৰেশ দত্ত (Amaresh Datta) হ'ল ইংৰাজী সাহিত্যৰ এজন ভাৰতীয় পণ্ডিত। সাহিত্য অকাডেমি‍ৰ দ্বাৰা প্ৰকাশিত ভাৰতীয় সাহিত্যৰ বিশ্বকোষ খনৰ তেখেত আছিল মুখ্য সম্পাদক।১

জীৱনী

দত্তই ১৯৫০ চনৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ত শি‍ক্ষকতাৰ জীৱন আৰম্ভ কৰে। দত্তই ২০ বছৰ কাল গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত ১৯৮০ চনত ডীন হিচাপে অৱসৰ গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয়ে তেখেতক এমেৰিটাছ অধ্যাপক হিচাপে সন্মানিত কৰিছিল৷২ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো তেখেত ইংৰাজী বিভাগৰ মুৰব্বী আছিল। অসম বিশ্ববিদ্যালয়, শিলচৰৰ পৰা তেখেতে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।১

তেখেতক শ্বেক্সপীয়েৰৰ কৰ্তৃত্বশীল প্ৰবক্তা হিচাপে গণ্য কৰা হয়; শ্বেক্সপীয়েৰচ ট্ৰেজিক ভিজন এণ্ড আৰ্ট (১৯৬৩) নামৰ তেখেতৰ প্ৰকাশিত গ্ৰন্থখনক সমালোচকে প্ৰশংসা কৰিছে৷২ এক পৰ্যালোচনাত মেডেলিন ড’ৰানে কিতাপখনক “সতেজভাৱে পুৰণি সাঁচ”ৰ আৰু গভীৰভাৱে উপলব্ধিশীল বুলি অভিহিত কৰিছে, ব্যক্তিগত ট্ৰেজেডীৰ ওপৰত বহু নতুন অন্তৰ্দৃষ্টি আগ বঢ়োৱা হৈছে আৰু যুক্তিৰ বৃত্তাকাৰতাক এটা মৌলিক দুৰ্বলতা হিচাপেও উল্লেখ কৰা হৈছে৷৩

তেখেতৰ কেপটিভ মমেণ্টছ (১৯৭১) নামৰ কবিতা সংকলন এখন প্ৰকাশিত হৈছিল আৰু কবিতাৰ বাবে তেখেতক ৰোমৰ আন্তৰ্জাতিক কবিতা সংস্থাই সন্মানিত কৰিছিল৷৪

২০১০ চনত তেখেতে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷১ ২০১৮ চনত কৃষ্ণকান্ত সন্দিকৈ‍ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আগবঢ়োৱা কৃষ্ণকান্ত সন্দিকৈ‍ ৰাষ্ট্ৰীয় বঁটা তেখেতে লাভ কৰে৷৫

২০২০ চনৰ ৬ আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হয়৷ তেখেতৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকায়ে শোক প্ৰকাশ কৰে৷২

গ্ৰন্থপঞ্জি

অমৰেশ দত্তৰ প্ৰকাশিত ৰচনাসমূহৰ ভিতৰত আছে-

  • Captive Moments (1971)
  • Time's Harvest: A Cycle of Poems and Drawings Based on the Ramayana and the Mahabharata (1996)
  • Lotus and the Cross (1997)
  • Mysticism in Poetry
  • India's Cultural Unity-Fact and Fiction
  • Poetry, Religion and Culture and Sri Sankar Dev
  • Banaprastha (2008)
  • Comedy: a Rhetorical Fiction: Five Essays on Shakespeare's Comedies
  • In the Valley of Time and Tide

তথ্যসূত্ৰ

  1. ↑ Jaiswal, Umanand. (7 August 2020). Scholar Amaresh Datta passes away. The Telegraph
  2. ↑ (6 August 2020). Eminent academician Amaresh Dutta dies in Assam's Dibrugarh. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ Doran, Madeleine. (1965). Review of Shakespeare's Tragic Vision and Art. Shakespeare Quarterly. Oxford University Press. পৃ. 351–353
  4. ↑ Chandra, N. D. R.; Das, Nigamananda. (2007). Ecology, Myth, and Mystery: Contemporary Poetry in English from Northeast India. Sarup & Sons. পৃ. 5. ISBN 978-81-7625-742-8
  5. ↑ (6 August 2020). Assam's Professor Emeritus Dr. Amaresh Dutta passes away at 102. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰেশ দত্ত” প্ৰবন্ধৰ সংশোধন ৬২৪৯৭৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।