অনুজ বৰুৱা (Anuj Baruah; ১৯৬৪ – ২০২১) অসমৰ এগৰাকী লেখক, আদৰ্শ জৈৱিক কৃষক,১ কৃষি গৱেষক।২ 'মহা অৰণ্য' উপন্যাসখনৰ বাবে তেওঁ সকলোৰে পৰিচিত।৩৪ এই উপন্যাসখনখন প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল।৪ পেট্ৰলিয়াম খণ্ডৰ চাকৰি ত্যাগ কৰি তেওঁ অসমত ‘আৰ্বান গাৰ্ডেনিং’ আৰম্ভ কৰিছিল। লগতে তেওঁ গৱেষণা কৰে পৰম্পৰাগত সুৰা,৪ সাচী গছৰ বেক্টেৰীয়া, ভোট-জলকীয়া আৰু কন জলকীয়াৰ ওপৰত গৱেষণা, থলুৱা ফল-মূলৰ সংৰক্ষণক লৈ।৫ নিজা গৱেষণাগাৰত ভোট জলকীয়াৰ স্প্ৰে’ উদ্ভাৱন কৰিছিল। গুৱাহাটীৰ দৰে মহানগৰীত স্থানৰ অভাৱত খেতি কৰিব নোৱৰাসকলক তেওঁ ছাদত খেতি কৰিবলৈ এটা প’টিং মিক্সাৰ প্ৰস্তুত কৰিছে, য’ত কেৱল পানী দিলেই হ’ল। তেওঁ পুলিৰ পৰা স্বয়ংচালিত জলসিঞ্চন ব্যৱস্থালৈকে কৰে, য’ত কৃষিত পানীও নিৰ্দিষ্ট সময়ত যন্ত্ৰইহে দিয়ে।৬
জন্ম পৰিচয়
১৯৬৪ চনৰ ৫ জানুৱাৰীত ডিগবৈত অনুজ বৰুৱাই জন্ম গ্ৰহণ কৰে।৪
শিক্ষাজীৱন
অনুজ বৰুৱাই ডিগবৈত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ডিগবৈৰ আই অ' চি বয়জ হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষাগ্ৰহণৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত তেওঁ কলেজীয়া শিক্ষা সাং কৰে। ইয়াৰ পাছত তেওঁ ১৯৯৬ চনত৬ পেট্ৰোলিয়াম বায়'টেকন'লজী বিষয়ত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰোলিয়ামৰ পৰা পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰে।৪
গৱেষণা আৰু কৰ্মজীৱন
অনুজ বৰুৱাই প্ৰথমে ডেৰাডুনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰলিয়ামত চাকৰি কৰিছিল। তাৰ পিছত তেওঁ ১৯৯৯ চনত চাকৰি ত্যাগ কৰি গুৱাহাটীৰ ইনষ্টিটিউট অব এডভান্স ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন'লজিত শিক্ষকতা কৰে। কিন্তু ২০০৪ চনত চাকৰি এৰি নিজাকৈ পাটকাই লেবছ নামৰ এটা গৱেষণাগাৰ আৰম্ভ কৰে। সৰুৰে পৰা জৈৱিক কৃষিৰ প্ৰতি থকা আগ্ৰহ আৰু আকৰ্ষণৰ বাবে তেওঁ কৃষিত নিয়োজিত হয়। অসমৰ পৰম্পৰাগত আৰু থলুৱা কৃষি ব্যৱস্থাক আধুনিকীকৰণেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তেওঁ বিভিন্ন গৱেষণাৰ কাম আৰম্ভ কৰিছিল।৪ তেওঁৰ গৱেষণাৰ এটা অংশ জীৱাণুৰ সৈতে জড়িত। অনুজ বৰুৱাই গৱেষণাৰ কাম-কাজ প্ৰথমতে 'পাটকাই হাৰ্বছ' নামৰ এটা সংস্থাৰ জৰিয়তে কৰিছিল যদিও পাছলৈ ইয়াৰ বাবে মহানগৰীৰ গাতে লাগি থকা ক্ষেত্ৰীৰ ধূপগুৰিত ১৫ বিঘা মাটিত 'কৃষি জিজ্ঞাস' নামৰ ফাৰ্ম আৰম্ভ কৰে। কৃষি জিজ্ঞাসৰ জৰিয়তে চহৰীয়া কৃষিৰ ধাৰণা,বজাৰৰ আকৃতি আৰু বিশালতা, নিয়োগৰ সম্ভাৱনা,চহৰীয়া বাগিচা পদ্ধতিৰ ভৱিষ্যৎ আদি বিভিন্ন দিশত তেওঁ প্ৰশিক্ষণ দিছিল। সংক্ৰমণৰ জৰিয়তে সাঁচি গছত আগৰ তেল উৎপাদনৰ বিভিন্ন পদ্ধতিৰো তেওঁ গৱেষণা কৰিছিল আৰু প্ৰশিক্ষণো দিছিল।৪
তেওঁ ২০০৫ চনত ক্ষেত্ৰীত নিজা বাগিচা আৰম্ভ কৰাৰ সমান্তৰালভাৱে বিশ্ব বেংকৰ অৰ্থসাহায্যত এটা জৈৱিক তথ্যকেন্দ্ৰ আৰম্ভ কৰে। তেওঁ ২০০৫ চনৰ পৰা প্ৰায় ২০১২ চনলৈ জৈৱিক কৃষিৰ ওপৰত গৱেষণাত অধিক মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁ বিশ্বৰ বিভিন্ন দেশত উৎপাদন হোৱা পাচলি আৰু ফল মূল অসমত খেতি কৰিব পৰাকৈ কি কি উপাদান বা পৰিৱেশৰ প্ৰয়োজন তাৰ গৱেষণাত মগ্ন হয়। ২০১৩ চনৰ পৰা তেওঁ বাণিজ্যিক ভিত্তিত কৃষিকৰ্মত মনোনিৱেশ কৰে। অনুজ বৰুৱাৰ বাগিচাত অসমৰ পাচলিৰ পৰা পশ্চিমীয়া বহুকেইখন দেশৰ পাচলি আৰু ফল-মূলৰ খেতি কৰা হয়। তেওঁৰ বাগিচাত বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ৮০বিধ ফল-মূল আৰু পাচলিৰ উৎপাদন হয়। তেওঁ নিজা গৱেষণাৰে ‘ভূত ভেনম’ নামৰ ভোট জলকীয়াৰ তেল উৎপাদন কৰে। তেওঁৰ ভোট জলকীয়াৰ উৎপাদন দক্ষিণ কোৰিয়া, মেক্সিকো, কুৱালালামপুৰ, নিউয়ৰ্ক আদি বহু স্থানলৈ ৰপ্তানি হয়। মাত্ৰ তিনি দিনতে গেলি যোৱা কেঁচা ভোট জলকীয়াৰ বাবে তেওঁ নিজা গৱেষণাৰে পেকেট কৰাৰ পাছতো ৯০ দিনলৈ সতেজ হৈ থকাৰ পদ্ধতি উদ্ভাৱন কৰে।৬
তেওঁ অসমত ‘আৰ্বান গাৰ্ডেনিং’ আৰম্ভ কৰিছিল। তেওঁ নিজা গৱেষণাগাৰত ভোট জলকীয়াৰ স্প্ৰে’ উদ্ভাৱন কৰিছিল।৬
আলহী ঘৰ
'আলহী ঘৰ' হৈছে গৱেষক, কৃষি বিজ্ঞানী ডা° অনুজ বৰুৱাই কৰা জনজাতীয় কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ হিচাপে সজোৱা এক প্ৰকল্প,এক পৰম্পৰাগত ৰিজ'ৰ্ট।৪ ই হৈছে গুৱাহাটীৰ সমীপৰ ধোপগুৰিৰ লিচুবাগানত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অসমৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা বিশেষ ঘৰ। ইয়াত এফালে টঙী ঘৰ, আনফালে তিৱা আৰু এনেকৈ মিচিং, আহোম, কাৰ্বি আদি জনগোষ্ঠীৰ পৰম্পৰাগত একোটাকৈ ঘৰ আছে। বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, ৰীতি-নীতি, সাজ-পোছাক আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব বিচৰা সকলো উপলব্ধ “আলহী ঘৰ”ত।৫
সাহিত্যৰাজি
- মহা অৰণ্য
মৃত্যু
২০২১ চনৰ ২২ ছেপ্টেম্বৰত অনুজ বৰুৱাৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ (May 17, 2020). ভোট-জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল. দৈনন্দিন বাৰ্তা
- ↑ ৰঞ্জিত মুক্তিয়াৰ. (3rd September 2020). আমাক এক অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন…. দাপোণ জীৱনৰ
- ↑ কিতাপখনৰ লিংক
- ↑ (২৪ ছেপ্টেম্বৰ, ২০২১). 'মহা অৰণ্য'ৰ স্ৰষ্টা ড॰ অনুজ বৰুৱাৰ অকাল বিয়োগ. আমাৰ অসম
- ↑ (১১ আগষ্ট). আলহী হৈ আহিব এবাৰ “আলহী ঘৰ”লৈ
- ↑ (March 5, 2017). কৃষিক জীৱিকা কৰা অনুজ বৰুৱা এতিয়া বিশ্বৰ চিনাকি নাম. দৈনিক জনমভূমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুজ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬০৪৭২৭ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।