অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সত্যকাম বৰঠাকুৰ

সত্যকাম বৰঠাকুৰ (Satyakam Borthaur; একাধাৰে কবি, প্ৰবন্ধকাৰ, সম্পাদক, অধ্যাপক ৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক৷ তেখেতে ইতিমধ্যেই চাৰিখনকৈ কবিতা পুথি প্ৰকাশ কৰিছে আৰু বহুকেইখন প্ৰবন্ধ পুথি লিখি উলিয়াইছে৷ সেইদৰে তেওঁ এঘাৰখনতকৈয়ো অধিক পুথি সম্পাদনা কৰিছে৷ সাহিত্য…

হালনাগাদ: ৫ মে’ ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

সত্যকাম বৰঠাকুৰ (Satyakam Borthaur; একাধাৰে কবি, প্ৰবন্ধকাৰ, সম্পাদক, অধ্যাপক ৷১ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক৷ তেখেতে ইতিমধ্যেই চাৰিখনকৈ কবিতা পুথি প্ৰকাশ কৰিছে আৰু বহুকেইখন প্ৰবন্ধ পুথি লিখি উলিয়াইছে৷২ সেইদৰে তেওঁ এঘাৰখনতকৈয়ো অধিক পুথি সম্পাদনা কৰিছে৷ সাহিত্য অকাদেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ সদস্য হিচাপেও বৰঠাকুৰে সেৱা আগবঢ়াইছিল৷৩

জন্ম আৰু শিক্ষা

তেখেতৰ জন্ম হয় ডিব্ৰুগড়ৰ দুলীয়াজান চহৰত ১৯৭৬ চনৰ ২৯ মে তাৰিখে ৷ পিতৃ স্বৰ্গীয় বাবুল বৰঠাকুৰ অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী কৰ্মচাৰী আছিল৷ মাতৃ বিমলা বৰঠাকুৰ৷ দুলীয়াজানৰ উপকণ্ঠ মধুপুৰ তিনিআলি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত টিপলিংঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ তাৰ পাছত দুলীয়াজান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ ১৯৯৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন মহাবিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷৪ তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক নৱকুমাৰ সন্দিকৈৰ তত্ত্বাৱধানত ‘‘চৈয়দ আব্দুল মালিকৰ উপন্যাসৰ নাৰী চৰিত্ৰঃ এক সমীক্ষাত্মক অধ্যয়ন’’ শীৰ্ষক বিষয়ত ২০০৫ চনত পি.এইচ.ডি. ডিগ্ৰী গ্ৰহণ কৰে৷

বৃত্তি

তেওঁ সহকাৰী অধ্যাপক হিচাপে ২০০০ চনত দুলীয়াজান মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰি ২০০৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ হিচাপে যোগদান কৰে৷ ২০১৬ চনত একেটা বিভাগতে তেওঁ প্ৰাধ্যাপক ৰূপে নিযুক্ত হয়৷ তেওঁ ২০২১ চনলৈকে বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক আৰু অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আহিছিল৫

সামাজিক জীৱন

শিক্ষকতাৰ লগতে তেওঁ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সংবাদ সেৱাৰ সৈতেও কিছুদিন জড়িত আছিল৷ তেওঁৰ লেখা গৰীয়সী, সাতসৰী (আলোচনী), প্ৰকাশ (আলোচনী), প্ৰান্তিক, অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, আমাৰ অসম, জনসাধাৰণ (অধুনালুপ্ত), দ্য আছাম ট্ৰিবিউন আদি কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷৬ তদুপৰি তেওঁৰ গৱেষণাপত্ৰ ভালেমান ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় মানসম্পন্ন গৱেষণাপত্ৰত প্ৰকাশ পাই আহিছে৷ তেওঁ ইতিমধ্যে দেশৰ আগশাৰীৰ অনুষ্ঠান যেনে- দিল্লী বিশ্ববিদ্যালয়, মুম্বাই বিশ্ববিদ্যালয়, ইষ্টাৰ্ণ জ‘নেল কালচাৰেল চেণ্টাৰ (ক’লকাতা), নালচাৰ (হায়ৰাবাদ), সাহিত্য অকাদেমি আদিত বিদ্যায়তনিক অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰি এথেন্স ইনষ্টিটিউত ফ’ৰ এচুকেচন এণ্ড ৰিচাৰ্চৰ আমন্ত্ৰণক্ৰমে ২০০৯ চনত এথেন্সত অনুষ্ঠিত বিদ্যায়তনিক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে৷ তদুপৰি বিদ্যায়তনিক অধ্যয়নৰ বাবে বাংলাদেশ ভ্ৰমণ কৰে৷ এথেন্স ইনষ্টিটিউত ফ’ৰ এচুকেচন এণ্ড ৰিচাৰ্চৰ বিদ্যায়তনিক সদস্য আৰু সাহিত্য অকাদেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল৷৭

সাহিত্যৰাজি

  • নষ্ট সময়ৰ কথা (কাব্যগ্ৰন্থ, ১৯৯৮)
  • বৰ সহজতে এটা ঋতুৰ প্ৰেমত পৰিব পাৰি (কাব্যগ্ৰন্থ, ২০০২)
  • মোক তুমি আকাশৰ দৰে আৱৰি আছা (কাব্যগ্ৰন্থ, ২০০৫)
  • মৃত্যুমহাকাব্যিক (ভিন্ন গদ্য, ২০০৬)
  • শোক বৰষুণ (কাব্যগ্ৰন্থ, ২০০৮)
  • চৰিত্ৰহীনা কপাহী আৰু অন্যান্য প্ৰসংগ (সাহিত্য বিষয়ক প্ৰবন্ধ, ২০০৮)
  • জাতীয়তাবাদৰ জহন্নামযাত্ৰা (সমকাল বিষয়ক প্ৰবন্ধ, ২০০৮)
  • শংকৰদেৱৰ নাটঃ বিশ্লেষণাত্মক অধ্যয়ন (শংকৰদেৱৰ কেউখন নাটৰ পূৰ্ণাংগ আলোচনা সম্বলিত গ্ৰন্থ, ২০১৪)
  • বিৰিঞ্চি কুমাৰ বৰুৱা (১৯৯৮)
  • Syed Abdul Malik (২০১৭)
  • অসমীয়া কবিতাৰ ইতিবৃত্ত(ধ্ৰুপদী যুগ), পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী,২০২৩ চন।

সম্পাদিত গ্ৰন্থ

  • লাহৰী পঁজাৰ বন্তি হিতেশ্বৰ নেওগ (যুটীয়াভাৱে সম্পাদনা, সাহিত্য অকাদেমি, ২০০৭)
  • পাৰিজাত হৰণ নাট (২০০৮)
  • ভোজনবিহাৰ নাট (২০০৮)
  • আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ সংগ্ৰহণ (সাহিত্য অকাদেমি, ২০০৮)
  • অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য (যুটীয়াভাৱে সম্পাদনা, ২০০৮)
  • প্ৰজ্ঞাৰ সাধক ড॰ নগেন শইকীয়া (যুটীয়াভাৱে সম্পাদনা, ২০০৮)
  • সীমাৰ পৰিধি ভাঙি কবিতা (যুটীয়াভাৱে সম্পাদনা, ২০১০)
  • অসমীয়া লোকনাট্য আৰুঅংকীয়া ভাওনা (যুটীয়াভাৱে সম্পাদনা, সাহিত্য অকাদেমি, ২০১০)
  • মিত্ৰদেৱ মহন্ত ৰচনাৱলী (যুটীয়াভাৱে সম্পাদনা, ২০১৩)
  • বেজবৰুৱা সমগ্ৰ (১৪টা খণ্ড) (যুটীয়াভাৱে সম্পাদনা, ২০১৫)
  • আনিছ উজ্‌ জামানৰ নিৰ্বাচিত কবিতা, ২০১৬৮
  • আধুনিক অসমীয়া গদ্যঃ জোনাকীৰ পৰা জয়ন্তীলৈ (যুটীয়াভাৱে সম্পাদনা, সাহিত্য অকাদেমি, ২০২১)

সম্পাদিত গৱেষণা প্ৰকল্প

  • A Comparative Study on the Cultural life of the Bangladeshi Immigrants of Assam and their Ancestors”, Under Area Studies Programme of UGC
  • A Study on the history of Assamese Poetry’’ (Charyapada to Arunodoi) (Sponsored by UGC)

তথ্যসূত্ৰ

  1. ↑ in.linkedin.com/in/satyakam-borthakur-a633b311b
  2. ↑ www.researchgate.net/profile/Satyakam-Borthakur
  3. ↑ dibru.ac.in/userlist/welcome/profile/66{{Dead link|date=December 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ in.linkedin.com/in/satyakam-borthakur-a633b311b
  5. ↑ আৰ্কাইভ কপি
  6. ↑ in.linkedin.com/in/satyakam-borthakur-a633b311b
  7. ↑ dibru.ac.in/userlist/welcome/profile/66{{Dead link|date=December 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
  8. ↑ www.scientiabooks.in/product/anis-uz-zamanor-nir link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যকাম বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬০৪৫৪০ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।