অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰবালা বৰুৱা

চন্দ্ৰবালা বৰুৱা (Chandrabala Barua) এগৰাকী আৱাহন যুগৰ অসমীয়া লেখিকা।

হালনাগাদ: ১২ জানুৱাৰী ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰবালা বৰুৱা (Chandrabala Barua) এগৰাকী আৱাহন যুগৰ অসমীয়া লেখিকা।

জন্ম আৰু শিক্ষা

জন্মস্থান তেজপুৰৰ কলিবাৰী। পিতৃৰ নাম সোণাৰাম পটংগীয়া, মাকৰ নাম মাহিন্দ্ৰী পটংগীয়া। ঘৰুৱা নাম আছিল চন্দ্ৰাৱলী। চন্দ্ৰবালাৰ স্কুলীয়া জীৱন আৰম্ভ হয় স্থানীয় টাউন হলত। পিছত তেজপুৰ ছোৱালী এম. ভি স্কুলত পঢ়ে আৰু তাৰ পৰাই দহ বছৰ বয়সতে মধ্য ছাত্ৰৰ বৃত্তি লাভ কৰে। নগাঁৱৰ মিছন স্কুলৰ পৰা 'ছিনিয়ৰ ট্ৰেইনিংত সুখ্যাতিৰে উত্তীৰ্ণ হয়।১

সাহিত্যিক অৱদান

'ঘৰ জেউতি', 'আৱাহন', 'বাঁহী', 'জয়ন্তী'ত অলকা ছদ্মনামত গল্প, প্ৰবন্ধ আৰু কবিতা লিখিছে। 'ঘৰ-জেউতি'ৰ দ্বিতীয় বছৰ ষষ্ঠ সংখ্যাত 'আত্মনিৰ্ভৰশীলতা', দ্বিতীয় বছৰৰ নৱম সংখ্যাত 'কমলা', 'আৱাহন'ৰ চতুৰ্থ বছৰৰ সপ্তম সংখ্যাত 'বান্দীৰ জীয়েক' আৰু 'আৱাহন'ৰ পঞ্চম বছৰৰ তৃতীয় সংখ্যাত 'মায়া নে মতিভ্ৰম', পঞ্চম বছৰৰ পঞ্চম সংখ্যাত 'ভোটৰ উপদ্ৰৱ' নামৰ গল্প প্ৰকাশ পাইছে।১

তথ্যসূত্ৰ

  1. ↑ দত্তবৰুৱা, মঞ্জু. (২০১২). অসম লেখক কোষ, তৃতীয় খণ্ড. অসম সাহিত্য সভা. পৃ. ৩৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰবালা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৬৩৩৪৬ (১২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।