অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলিম আকাশ কাশ্যপ

নীলিম আকাশ কাশ্যপ (Neelim Akash Kashyap) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেতে বহুকেইখন উপন্যাস লিখাৰ লগতে জুবিন গাৰ্গৰ গীতক বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰিছে। তেখেত পেচাত এজন শিক্ষা বিভাগৰ কৰ্মচাৰী।

হালনাগাদ: ৩ মে’ ২০২৬ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নীলিম আকাশ কাশ্যপ (Neelim Akash Kashyap) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেতে বহুকেইখন উপন্যাস লিখাৰ লগতে জুবিন গাৰ্গৰ গীতক বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰিছে। তেখেত পেচাত এজন শিক্ষা বিভাগৰ কৰ্মচাৰী।

জন্ম আৰু শিক্ষা

নলবাৰী জিলাৰ পশ্চিম সীমান্তৱৰ্তী প্ৰত্যন্ত গাঁও বৰিত ১৯৮৭ চনৰ ৬ আগষ্টত জন্ম। পিতৃ প্ৰয়াত প্ৰসন্ন কুমাৰ বৰ্মন আৰু মাতৃ উত্তৰা বৰ্মন। জন্ম চুবুৰীৰে 'বৰি কাকতি পাৰা প্ৰাথমিক বিদ্যালয়'ত শিক্ষাৰম্ভ কৰি পিছলৈ উচ্চশিক্ষা গ্ৰহণ কৰে সাহিত্যৰ ছাত্ৰ হিচাপে।১২

কৰ্ম জীৱন

অসম চৰকাৰৰ শিক্ষা বিভাগৰ এগৰাকী কৰ্মচাৰী হিচাপে ২০০৬ চনৰপৰা কৰ্মৰত হৈ আছে।

সাহিত্য কৰ্ম

  • নৰকৰ বেলি: চন্দ্ৰ প্ৰকাশৰ দ্বাৰা ২০১৪ত প্ৰকাশিত উপন্যাসখনৰ বিষয়বস্তু আলফা, অসম আন্দোলন প্ৰেক্ষাপটত সেই আৰু এই সময়ৰ অসম। 'অভিশপ্ত ঊনাশী'ৰ আধাৰত ৰচিত 'নৰকৰ বেলি'লৈ অসম সাহিত্য সন্মিলনে ২০১৪ চনত 'শ্ৰেষ্ঠ অভিষেক গ্ৰন্থ' বঁটা আগবঢ়ায়।
  • ফিনিক্স ঈশ্বৰ: চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰে ২০১৫ চনত। শচীন তেণ্ডুলকাৰৰ জীৱনভিত্তিক উপন্যাস।
  • আছু: স্বপ্ন-দুঃস্বপ্ন-ইতিহাস:- ২০১৫ চনত অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰে। গ্ৰন্থখনত অসমত ছাত্ৰ সংগঠনৰ জন্মৰপৰা বৰ্তমানলৈ সবিশেষ, বিদেশী প্ৰব্ৰজন প্ৰসংগ, আছু, অসম আন্দোলন আদি বিষয়ত তথ্যনিৰ্ভৰ অৱলোকন কৰা হৈছে।
  • জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প:- ২০১৫ চনত অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰা গল্প সংকলনখনত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কেইটামান জনপ্ৰিয় গানৰ অৱলম্বনত ৰচিত গল্প সংকলিত হৈছে।
  • জেছিউলিটা: 'বনলতা'ই প্ৰকাশ কৰে ২০১৫ চনত। সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জীৱনভিত্তিক উপন্যাস।
  • নেতাজী: দুৰ্ঘটনা নহয়, হত্যা!:- অনুৰণন আদিত্যৰ সহযোগত ৰচিত গ্ৰন্থখন 'বনলতা'ই প্ৰকাশ কৰে ২০১৬ চনত। নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু ৰহস্যকেন্দ্ৰিক বহুকেইটা প্ৰবন্ধ অন্তৰ্ভুক্ত হৈছে গ্ৰন্থখনত।
  • সোণৰ খাৰু-কলিজাৰ ছাঁ: এই উপন্যাসখন 'বনলতা'ই প্ৰকাশ কৰে ২০১৬ চনত। দীপালি বৰঠাকুৰ-নীলপৱন বৰুৱা দম্পতীৰ জীৱন, কৰ্মৰ লগতে প্ৰধানতঃ তেওঁলোকৰ একক আৰু অনন্য প্ৰেমক লৈ ৰচিত একমাত্ৰ উপন্যাস। গুণী লোকক জীৱনকালতে উপযুক্ত সন্মান প্ৰদৰ্শনৰ প্ৰয়াসত ৰচিত হয় উপন্যাসখন।৩
  • জোনাকৰ পখী উৰে: এই উপন্যাসখন 'বনলতা'ই প্ৰকাশ কৰে ২০১৮ চনত। প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে অদ্যাপি লিখা অন্তিম গল্প 'গৰখীয়া'ৰ উপন্যাসীকৰণ 'জোনাকৰ পখী উৰে'। গুণী লোকক জীৱনকালতে উপযুক্ত সন্মান প্ৰদৰ্শনৰ প্ৰয়াসত ৰচিত হয় উপন্যাসখন।
  • হিংৰামীয়া-প্ৰ: নৱ প্ৰজন্মৰ আৱেগ, অনুভূতি, সপোন, লাইফষ্টাইলক লৈ ৰচিত এই উপন্যাসখন জ্যোতি প্ৰকাশনে প্ৰকাশ কৰে ২০১৮ চনত।
  • লাজ: 'বনলতা'ই প্ৰকাশ কৰে ২০১৯ চনত। হাৰিয়ানাত প্ৰচলিত অবিশ্বাস্য ম'ল্কি (ক্ৰয় কৰা কইনা) প্ৰথাক লৈ ৰচিত 'লাজ'। উপন্যাসখন হাৰিয়ানা আৰু অসম প্ৰেক্ষাপটত ৰচিত হৈছে।
  • তুমি কিয় নোৱাৰিবা!: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাদায়ক লেখাৰ সংকলনটো ২০১৯ চনত ৰেখা প্ৰকাশনে প্ৰকাশ কৰে।
  • চীনক চিনা টান!: সাংবাদিক ৰুবুল দাসৰ লগত যুটীয়াভাৱে লিখা গ্ৰন্থখনত চীনৰ ইতিহাস, বৰ্তমান, ভাৰত-চীন সম্পৰ্ক, বিশ্বৰে চীনৰ সম্পৰ্ক আদি বিষয়ত তথ্যনিৰ্ভৰ আলোকপাত কৰা হৈছে। গ্ৰন্থখন জ্যোতি প্ৰকাশনে ২০২০ চনত প্ৰকাশ কৰে।

তথ্যসূত্ৰ

  1. ↑ www.youtube.com/watch?v=1oMi7QDc82Y
  2. ↑ লাজ
  3. ↑ নীলিম আকাশ কাশ্যপ. Scienta book Shop

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলিম আকাশ কাশ্যপ” প্ৰবন্ধৰ সংশোধন ৬০৪২৩৪ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।