টোকোৰা বাহৰ সোণৰ বেজী (Tokora Bahor Sonar Beji) হৈছে অৰূপা পটংগীয়া কলিতাৰ দ্বাৰা লিখিত এখনি অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ উপন্যাস। উপন্যাসখন মঙলদৈৰ দাঁতিকাষৰীয়া কাল্পনিক অঞ্চল এটাৰ পটভূমিত ৰচিত। মৌজাদাৰ বনমালী চৌধুৰী আৰু তেওঁৰ হাউলীটোৰ বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিছে। অসমৰ প্ৰায় এটা শতিকাজোৰা ৰাজনৈতিক, ঐতিহাসিক আৰু অৰ্থনৈতিক বুৰঞ্জীয়ে এই উপন্যাসখনত ঠাই পাইছে।১২
সংক্ষিপ্ত বিষয়বস্তু
প্ৰাক্-স্বাধীনতা কালৰ পৰা বৰ্তমানৰ সময়লৈকে এই উপন্যাসৰ কাহিনীভাগ বিস্তৃত। উপন্যাসখনৰ নামটোও এটা লোক কাহিনীৰেই আধাৰত ৰখা হৈছে বুলি কোৱা হয়। টোকোৰা চৰাইৰ বাহ এটাৰ কুটাবোৰ যদি এটুকুৰাও নিছিগাকৈ খুলিব পাৰে, তেন্তে তাত খালী চকুৰে নেদখা ক্ষুদ্ৰ এটা সোণৰ বেজী পোৱা যায়, যিটো ৰ'দত চিকমিকাই থাকে। ব্ৰিটিছশাসিত অসমৰ এক বিশেষ অঞ্চলৰ মৌসৰা মৌজাৰ অন্তৰ্গত মৌজাদাৰ চৌধুৰী পৰিয়ালৰ তিনিটা প্ৰজন্মক উপন্যাসখনে সামৰি লৈছে। এসময়ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা মৌসৰা মৌজা আৰু ইয়াৰ সমীপৱৰ্তী ঠাইখিনি মানুহৰ অবাধ লুণ্ঠনত সৌন্দৰ্যহীন হৈ পৰে। মৌজাদাৰ বনমালী চৌধুৰীৰ ককাকে দহ টকা চিকাৰূপ দি ব্ৰিটিছৰ পৰা মৌসৰা মৌজাৰ দায়িত্ব লৈছিল। উপন্যাসখনত মৌজাদাৰ পৰিয়ালৰ কাহিনীয়ে অগ্ৰাধিকাৰ লাভ কৰিছে আৰু তেওঁলোকৰ পৰিয়ালটোৰ কাহিনীৰ লগে লগে উপন্যাসৰ অন্যন্য চৰিত্ৰবোৰেও গতিপ্ৰাপ্ত হৈছে। ব্ৰিটিছ চৰকাৰৰ কৰ-কাটলত ক্ৰমান্বয়ে ঠাইখণ্ডৰ মানুহখিনি অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰে। বনমালী চৌধুৰীৰ প্ৰথমা পত্নীৰ যমজ সন্তান প্ৰিয়নাথ আৰু চন্দ্ৰনাথে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে যোগদান কৰিছিল। ভাৰতে স্বাধীনতা পোৱাৰ লগে লগে ঠাইখণ্ডত সামাজিক দিশতো কেতবোৰ নতুন পৰিৱৰ্তন হ'বলৈ ধৰে। ইয়াৰ লগতে উপন্যাসত উপস্থাপিত হৈছে সেইসময়ৰ অসম আৰু ভাৰতৰ অন্তৰ্ভাগত চলি থকা নানান ৰাজনৈতিক সংগ্ৰাম আৰু আন্দোলনৰ কাহিনী। চীনৰ অসম আক্ৰমণ, বড়ো আন্দোলন, আলফা, বিদ্ৰোহ আদি নানানটা সংঘটনৰ বিষয়ে কাহিনীভাগত বৰ্ণনা কৰা হৈছে। ৩
ঔপন্যাসিক
মূল প্ৰবন্ধ: অৰূপা পটংগীয়া কলিতা
অৰূপা পটংগীয়া কলিতা অসমৰ এগৰাকী স্বনামধন্য ঔপন্যাসিক তথা গল্পকাৰ।৪৫ তেখেতে অসম উপত্যকা সাহিত্য বঁটাৰ লগতে একাধিক বঁটা-বাহনৰে সন্মানীত হৈছে। মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা শীৰ্ষক অসমীয়া চুটি গল্প সংকলনৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেখেতৰ দ্বাৰা লিখিত দুখনমান গ্ৰন্থ হৈছে মৃগণাভি (১৯৮৭), ফেলানী (২০০৭), পাহাৰ, নদী, সাগৰ আৰু মানুহ (২০১০) আদি।৬১
সমালোচনা
অসমৰ বিশিষ্ট বুদ্ধিজীৱী আৰু কলা-সমালোচক ড॰ হীৰেন গোঁহায়ে উপন্যাসখনক "সম্ভৱতঃ অৰূপা পটংগীয়া কলিতাৰ আটাইতকৈ উচ্চাভিলাসী সৃষ্টিমূলক প্ৰয়াস" বুলি অভিহিত কৰে। ইয়াৰ লগতে তেখেতে কয় যে-"যদিও ই অসমৰ এটা কাল্পনিক অঞ্চলৰ অধিবাসী মানুহৰ জীৱন-গাথা, তথাপি তাৰ মাজেৰে যেন পৰিস্ফুট হৈছে মানুহৰ বিশ্বজনীন ইতিকথা। "১
তথ্যসূত্ৰ
- ↑ (২০১৭). টোকোৰা বাহৰ সোণৰ বেজী. লয়াৰ্ছ
- ↑ হাতীবৰুৱা, সুজাতা. টোকোৰা বাহৰ সোণৰ বেজী: লোককথা আৰু প্ৰকৃতিৰ অপৰূপ চিত্ৰণ
- ↑ দেৱী, চন্দামিতা. “টোকোৰা বাহৰ সোণৰ বেজী”: এখন সুখপাঠ্য উপন্যাস
- ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
- ↑ Women's Writing. Womenswriting.com
- ↑ Khan, Shajid. (1 January, 2017). Assam Valley Literary Award for Dr.Arupa Patangia Kalita
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোকোৰা বাহৰ সোণৰ বেজী” প্ৰবন্ধৰ সংশোধন ৫৩৭৪২০ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।